অসম

assam

ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ সাজু পাকিস্তান; দল ঘোষণা - ENG VS PAK 1ST TEST

Pakistan Playing-11: ইংলেণ্ড আৰু পাকিস্তানৰ মাজত প্ৰথমখন টেষ্ট 7 অক্টোবৰৰ পৰা মুলতানত অনুষ্ঠিত হ'ব । মেচৰ প্ৰাকমুহূৰ্তত মূল একাদশৰ নাম ঘোষণা কৰিলে দুয়োটা দলে ৷

By ETV Bharat Sports Team

Published : 4 hours ago

ENG VS PAK 1ST TEST
বেন ষ্ট'কছ আৰু শ্বান মাছুদ (AP & ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ:ইংলেণ্ড আৰু পাকিস্তানৰ মাজৰ দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল সোমবাৰৰ পৰা মুলতান ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । যাৰ বাবে দুয়োটা দলে তেওঁলোকৰ মূল একাদশ ঘোষণা কৰিছে ৷ প্ৰথমখন টেষ্টত পাকিস্তানে তিনিজন ফাষ্ট বলাৰ আৰু এজন নিয়মীয়া স্পিনাৰৰ সৈতে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে ।

দলটোত আছে অধিনায়ক শান মাছুদ, চাউদ চাকিল, বাবৰ আজম, ছেম আয়ুব, আব্দুল্লাহ চফিক আৰু মহম্মদ ৰিজৱান । আনহাতে, ছলমান আলী আঘা আৰু আমিৰ জামালক অলৰাউণ্ডাৰ হিচাপে দলটোত স্থান দিয়া হৈছে । শ্বাহিন আফ্ৰিদী আৰু নাছিম শ্বাহে ফাষ্ট বলাৰৰ ভূমিকা গ্ৰহণ কৰিব ৷ দলটোত মূল স্পিনাৰ হিচাপে থাকিব আব্ৰাৰ আহমেদ ৷

ইংলেণ্ডেও ঘোষণা কৰিছে মূল একাদশ

টেষ্ট শৃংখলাৰ এদিন পূৰ্বে ইংলেণ্ডেও ঘোষণা কৰিছে তেওঁলোকৰ মূল একাদশ ৷ অৱশ্যে দলটোৰ অধিনায়ক বেন ষ্ট'কছক আঘাতৰ বাবে মূল একাদশৰ পৰা বাদ দিয়া হৈছে । বেন ষ্ট'কছৰ অনুপস্থিতি দলটোৰ অধিনায়কৰ দায়িত্ব চম্ভালিব অলি পোপে ৷

ইংলেণ্ড ক্ৰিকেট ব'ৰ্ডে (ই চি বি) সদৰী কৰা অনুসৰি, "বেন ষ্ট'কছ এতিয়াও হেমষ্ট্ৰিঙৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰা নাই ৷ যাৰ বাবে অলি পোপে দলটোৰ অধিনায়কৰ দায়িত্ব ল'ব ৷ তদুপৰি ফাষ্ট বলাৰ ব্ৰেডেন কাৰ্ছে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট অভিষেক কৰিব । উল্লেখ্য যে, দলটোৰ স্পিনাৰ জেক লিচে জানুৱাৰীত ভাৰত ভ্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে টেষ্ট দললৈ উভতি আহিছে ।

ইংলেণ্ডৰ মূল একাদশ

জেক ক্ৰাউলি, বেন ডাকেট, অলি পোপ (অধিনায়ক), জ’ ৰুট, হেৰী ব্ৰুক, জেমি স্মিথ, ক্ৰিছ ৱ'ক্স, গাছ এটকিনচন, ব্ৰেডেন কাৰ্ছ, জেক লিচ আৰু শ্বোয়েব বছিৰ

পাকিস্তানৰ মূল একাদশ

শ্বান মাছুদ (অধিনায়ক), চাউদ চাকিল, বাবৰ আজম, চাইম জব, আব্দুল্লাহ চফিক, মহম্মদ ৰিজৱান, ছলমান আলী আঘা, আমিৰ জামাল, শ্বাহিন আফ্ৰিদী, নাছিম শ্বাহ আৰু আব্ৰাৰ আহমেদ

লগতে পঢ়ক:ভাৰত বনাম বাংলাদেশ: প্ৰথম টি-20 ৰ প্ৰাকক্ষণত অ’পেনিং যুটিৰ বিষয়ে ক’লে সূৰ্যকুমাৰ যাদৱে - IND VS BAN T20I SERIES

ABOUT THE AUTHOR

...view details