ETV Bharat / state

ADRE ৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ OMR Sheet আৰু Answer Key কেতিয়া পাব প্ৰাৰ্থীয়ে ? - ADRE 2024

ADRE 2024 OMR Sheet: অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ ৷ চাওক সবিশেষ-

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ADRE 2024 OMR Sheet
ADRE 2024 (ETV Bharat)

গুৱাহাটী, ৬ অক্টোবৰ: ADRE ৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা । দেওবাৰে সামজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা উল্লেখ কৰে ।

তৃতীয় বৰ্গৰ তৃতীয় প্ৰশ্নকাকতৰ দৰে চতুৰ্থ আৰু পঞ্চম প্ৰশ্নকাকতৰ OMR Sheet আৰু Answer Key উপলব্ধ হ’ব ইণ্টাৰনেটত । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে OMR Sheet ডাউনলোড কৰিব পাৰিব ।

প্ৰাৰ্থীসকলে ৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈকে তেওঁলোকৰ OMR Sheet ডাউনলোড কৰিব পাৰিব । সেইদৰে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল Answer Key ৯ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা উপলব্ধ কৰা হ'ব । আনহাতে প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰবহী পুনৰীক্ষণ কৰিব বিচাৰিলে ৯ অক্টোবৰৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত আবেদন জনাব পাৰিব ।

উল্লেখ্য যে ২৯ ছেপ্টেম্বৰত ADRE ৰ তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ আৰু মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । দুইবেলা পৰীক্ষা অনুষ্ঠিত হৈছিল । ৰাজ্যজুৰি স্নাতক পর্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৫,২৯,৯৮৯ গৰাকী প্ৰাৰ্থী । আনহাতে দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ তৃতীয় বৰ্গৰ হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ চালক পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২,০৪০৯১ গৰাকী প্ৰাৰ্থী । সেইদিনা মুঠ ৭,৩৪,০৮০ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ।

ইফালে ইয়াৰ পূৰ্বে ১৫ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । যিটো আছিল অসমৰ ইতিহাসত প্ৰথমটো সৰ্ববৃহৎ পৰীক্ষা । যিটো পৰীক্ষাত তিনি সহস্ৰাধিক পদৰ বিপৰীতে অৱতীৰ্ণ হৈছিল ১১ লক্ষাধিক প্ৰার্থী । আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পর্যায়ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৮,২৭,১৩০ গৰাকী আৰু অষ্টম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত ৫,৫২,০০২ গৰাকী প্ৰার্থী অৱতীর্ণ হ'ব ।

লগতে পঢ়ক: অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয়; কিয় ক'লে মুখ্যমন্ত্রীয়ে - Himanta Biswa Sarma Facebook live

কটকটীয়া নীতি-নিয়মৰ মাজেৰে আজি ADRE ৰ তৃতীয় বৰ্গৰ স্নাতক আৰু মেট্ৰিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষা - ADRE 2024

ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ? - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.