ETV Bharat / state

অভিযন্তা, অধ্যাপকসহ পথ দুৰ্ঘটনাত মৃত্যু চাৰিজনৰ - Golaghat road mishap

Road accident: ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা । গছত খুন্দিয়াই পথৰ দাঁতিত বাগৰিল বাহন । চাৰিজনে হেৰুৱালে প্ৰাণ ৷

author img

By ETV Bharat Assamese Team

Published : 1 hours ago

Numaligarh Road accident
ভয়ংকৰ পথ দুৰ্ঘটনাত (ETV Bharat Assam)

গোলাঘাট, ৬ অক্টোবৰ: গোলাঘাট জিলাত দেওবাৰৰ দিনটো সংঘটিত হয় দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনা দুটাত চাৰিজনকৈ লোকে অকাল মৃত্যুক সাৱটি লয় ৷ নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । দেওপাহাৰৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে দুগৰাকী অভিযন্তা আৰু এগৰাকী ঠিকাদাৰে । নিহতসকল নিশা ক'ৰ পৰা কেনেকৈ আহি দুৰ্ঘটনাত পতিত হয় সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । ইপিনে, গোলাঘাটৰ নামবৰ বনাঞ্চলত দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক হাৰমিৎ সিং থিতাতে নিহত হয় ।

  • গছত খুন্দিয়াই পথৰ দাঁতিত বাগৰিল বাহন

ঘটনাৰ বিৱৰণি অনুসৰি AS 19 P 9506 নম্বৰৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰে ।‌ এই দুৰ্ঘটনাটোত তিনিগৰাকী লোক থিতাতে নিহত হয় । নিহতসকল হৈছে নগাঁৱৰ দেৱজিৎ বৰদলৈ, জাগীৰোডৰ পাৰ্থ প্ৰতিম বাংখাই আৰু নুমলীগড়ৰ ৰংবঙৰ বিৰিঞ্চি বৰা । আনহাতে, এই ঘটনাত আহত দুজন হৈছে ভৃগু শৰ্মা আৰু কল্পজ্যোতি শইকীয়া । এওঁলোকৰ ভিতৰত দেৱজিৎ আৰু অনুপ নুমলীগড় শোধনাগাৰৰ পি কে কনষ্ট্ৰাকচনৰ অভিযন্তা আছিল । আনহাতে, নিহত বিৰঞ্চি বৰা আছিল ঠিকাদাৰ ।

ঘটনাস্থলীত নুমলীগড় থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ আহত দুজনক নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

  • নামবৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অধ্যাপকে

গোলাঘাটৰ নামবৰ বনাঞ্চলৰ মাজত দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক হৰমিত সিং থিতাতে নিহত হোৱাৰ লগতে অধিবক্তা ৰক্তপ্ৰবাল গগৈ গুৰুতৰভাৱে আহত হয় । চিলনীজানৰ দিশৰ পৰা AS 05 U 6405 নম্বৰৰ বাহনেৰে গোলাঘাটৰ দিশে আহি থাকোতে বিপৰীত দিশৰ পৰা আহি থকা HR 58 C 4138 নম্বৰৰ মালবাহী বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ।

ইয়াৰ পিচতেই ঘটনাস্থলীত গোলাঘাট যান-বাহন আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আহত ৰক্তপ্ৰবাল গগৈক চিকিৎসালয়ত ভৰ্তি কৰে । অৱশ্য়ে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে । আনহাতে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ সম্পৰ্কে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । বন্ধৰ দিন বাবে দুই বন্ধু চিলনীজানৰ দিশে ফুৰিবলৈ গৈছিল আৰু ঘুৰি অহাৰ পথত উক্ত ঘটনা সংঘটিত হয় ।

লগতে পঢ়ক:ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১০ শ্ৰমিক; আহত ৩ গৰাকী - KASWAN ROAD MISHAP UP

পুখুৰীত পৰি থকা বাহনৰ পৰা উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ - Accident in Nalbari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.