বৰষুণে মাতিছে বিপদ; হিটাৰেৰে প্ৰতিমা শুকুওৱাৰ চেষ্টা মৃৎশিল্পীৰ - DURGA PUJA 2024 - DURGA PUJA 2024
🎬 Watch Now: Feature Video


Published : Oct 6, 2024, 10:00 PM IST
শিলচৰ, ৬ অক্টোবৰ: বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিপাঙত পৰিছে মৃণ্ময় শিল্পীসকল । কাৰণ ৰ'দ নথকা বাবে শুকোৱা নাই প্ৰতিমা । সেয়েহে ৰ'দৰ অভাৱত হিটাৰেৰে শুকাবলগীয়া হৈছে মা দুৰ্গাৰ প্ৰতিমা ৷ দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত বৰষুণে বিধি-পথালি দিয়া বাবে শিলচৰৰ মৃণ্ময় শিল্পীসকলে এইদৰে হিটাৰ ব্য়ৱহাৰ কৰিবলগীয়া হৈছে । মাটিৰ মূৰ্তি নুশুকোৱাৰ বাবে সময়ত মতে পূজা সমিতিক দিব পৰা প্ৰতিমা । সেয়েহে বাধ্য় হৈ জুইৰ তাপেৰে প্ৰতিমা শুকুৱাইছে মৃণ্ময় শিল্পীসকলে ৷
যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে শিলচৰত । উৎসৱৰ বতৰত এই বৰষুণে বিপাঙত পেলাইছে পূজা সমিতিৰ লগতে মৃণ্ময় শিল্পীসকলক । শিলচৰ বিলপাৰ পূৰ্ণপাল ৰোডৰ মৃণ্ময় শিল্পীসকলে এতিয়া হিটাৰেৰে শুকুৱাইছে দেৱীৰ প্ৰতিমা । পূজালৈ মাত্ৰ তিনি দিন থকাত উপায়ন্তৰ হৈ এইদৰে হিটাৰ ব্যৱহাৰ কৰা বুলি কয় এগৰাকী মৃণ্ময় শিল্পীয়ে ।