ETV Bharat / bharat

মেৰিনা উপকুলত বায়ুসেনাৰ এয়াৰ শ্ব’ত অথন্তৰ; প্ৰাণ হেৰুৱালে কেবাগৰাকীও দৰ্শনাৰ্থীয়ে - Tragedy Strikes at Chennai Air Show

Chennai Air Show: চেন্নাইত অনুষ্ঠিত বায়ুসেনাৰ এয়াৰ শ্ব’ত সংঘটিত হ’ল শোকাৱহ ঘটনা ৷ অনুষ্ঠানৰ মাজতে অজ্ঞান হৈ পৰিল দুই শতাধিক দৰ্শনাৰ্থী ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Chennai Air Show
Tragedy Strikes at Chennai Air Show (X@mkstalin/ETV Bharat)

নিউজ ডেস্ক, 6 অক্টোবৰ: চেন্নাইৰ মেৰিনা সমুদ্ৰতীৰত ভাৰতীয় বায়ুসেনাৰ (আই এ এফ) এয়াৰ শ্ব’ৰ অন্ত পৰিল এক শোকাৱহ ঘটনাৰে ৷ এই অনুষ্ঠান উপভোগৰ বাবে যোৱা এজন বৃদ্ধকে ধৰি চাৰিজন লোকৰ মৃত্যু হয় । উক্ত অনুষ্ঠানত ৰোমাঞ্চকৰ আকাশী কৌশল প্ৰদৰ্শনৰ বিপৰীতে খোৱাপানী আৰু চিকিৎসা সাহায্যৰ দৰে মৌলিক সুবিধাৰ অভাৱ ঘটা বুলি অভিযোগ উঠিছে ৷ বহুতেই প্ৰখৰ ৰ’দতে অনুষ্ঠান উপভোগ কৰে ৷ যাৰ ফলত ২৩০ জনতকৈ অধিক লোক গৰমৰ বাবে অজ্ঞান হৈ পৰে ।

তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও জন (৫৬), কাৰ্তিকেয়ন, শ্ৰীনিবাসন আৰু দীনেশ কুমাৰে কৰুণভাৱে প্ৰাণ হেৰুৱায় । এই ঘটনাৰ পিচত ইভেণ্ট মেনেজমেণ্ট কৰা সকলৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰিছে বহু লোক ৷ উপস্থিত লোকসকলে ইমান বৃহৎ অনুষ্ঠান আয়োজনত পৰিকল্পনাৰ অভাৱৰ কথা আঙুলিয়াই দিছে ।

১৫ লাখতকৈ অধিক লোকে এই এয়াৰ শ্ব’ চাবলৈ সমবেত হোৱাৰ ফলত পথত জনসমাগমৰ সৃষ্টি হয় । বহুতে মেট্ৰ’ আৰু ৰে’ল ষ্টেচনলৈ যাবলৈ মাইলৰ পিছত মাইল খোজ কাঢ়িবলৈ বাধ্য হৈছিল । জনপূৰ্ণ পথেৰে ৰোগীক চিকিৎসালয়লৈ নিবলৈও আগুৱাব পৰা নাছিল এম্বুলেন্স । চেন্নাই আৰক্ষীৰ প্ৰচেষ্টা সত্ত্বেও জৰুৰীকালীন সেৱাই ৰাইজৰ দাবী পূৰণ কৰিবলৈ সক্ষম নহ’ল ।

বিমান প্ৰদৰ্শনে গৌৰৱ আৰু উত্তেজনাৰ মুহূৰ্ত সৃষ্টি কৰিছিল যদিও পৰ্যাপ্ত ভিৰ পৰিচালনাৰ অভাৱে এটা অনুষ্ঠানক এক ট্ৰেজেডীলৈ ৰূপান্তৰিত কৰিলে ।

উল্লেখ্য যে পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা এয়াৰ শ্ব'ত ছুখৈ-৩০, এইচএএল তেজস আৰু ৰাফেলৰ দৰে যুদ্ধ বিমানবোৰে আকাশত কৌশল প্ৰদৰ্শন কৰে । এই বিমানবোৰে নিখুঁত ষ্টাণ্টৰ জৰিয়তে দৰ্শকসকলক আমোদ দিয়ে । ২০০৩ চনৰ পিছত চেন্নাইত ভাৰতীয় বায়ুসেনাৰ এই ধৰণৰ প্ৰথম এয়াৰ শ্ব' আছিল ।

লগতে পঢ়ক: ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব': লোকাৰণ্য মেৰিনা সমুদ্ৰতীৰ - Chennai Air Show

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.