ETV Bharat / state

নৱবৰ্ষৰ উপহাৰ; গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও প্ৰকল্প - CM INAUGURATES KHANAPARA ISBT

গুৱাহাটী তথা ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ নৱবৰ্ষৰ উপহাৰ । বছৰৰ প্ৰথম দিনটোতে গুৱাহাটীত কেইবাটাও প্ৰকল্প মুকলি । আন কেইবাটাৰো আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ ।

CM inaugurates Khanapara ISBT
গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও প্ৰকল্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 3:33 PM IST

গুৱাহাটী : প্ৰদূষণমুক্ত ৫৬ খন ৰাজহুৱা ই-বাহনৰ ফ্লেগ অফ কৰাৰ পৰা আৰম্ভ কৰি ফুটব্ৰীজ উদ্বোধন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মাৰকৰ উন্নয়ন কৰ্ম মুকলি কৰালৈকে ২০২৫ বৰ্ষৰ প্ৰথম দিনটো ব্যস্ততাৰে আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

১ জানুৱাৰীৰ দিনটোৰ পুৱাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পল্টন বজাৰত উদ্বোধন কৰে এখন ফুটব্ৰীজ । জনসাধাৰণলৈ ফুটব্ৰীজখন উছৰ্গা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ব্যস্ত পল্টন বজাৰ জংচনত গুৱাহাটীৰ মাজমজিয়াত পথচাৰীৰ চলাচলৰ সুবিধাৰ বাবে গুৱাহাটীবাসীৰ বাবে এখন নতুন ফুট অভাৰব্ৰীজ উছৰ্গা কৰিছোঁ ।"

গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও প্ৰকল্প (ETV Bharat Assam)

তাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত হয় শিলপুখুৰীত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মাৰকত । নতুন ৰূপত পুনৰ নিৰ্মাণ কৰা লোকপ্ৰিয় বৰদলৈৰ স্মাৰক উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে কয়, “লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ আদৰ্শ আৰু প্ৰেৰণা । আধুনিক অসমৰ ভেটি স্থাপনৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা ইতিহাসৰ গ্ৰন্থত খোদিত হৈ আছে । গুৱাহাটীত তেওঁৰ স্মৃতিত স্মৃতিসৌধ উছৰ্গা কৰি আজি মই আনন্দিত হৈছো ৷”

আনহাতে, দীৰ্ঘদিনৰ অন্ত পেলাই বুধবাৰে মুকলি কৰা হয় খানাপাৰাৰ ISBT । লগতে মহানগবাসীৰ যাতায়াতৰ বাবে পুনৰ সংযোজন কৰা হয় ৫৬ খন নতুন ইলেক্ট্ৰিক বাছ । নৱবৰ্ষৰ প্ৰথমটো দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে খানাপাৰাৰ ISBT-ৰ লগতে ৫৬ খন নতুন ইলেক্ট্ৰিক বাছ ।

উদ্বোধনী অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত মনমোহন সিঙক স্মৰণ কৰি কয়, "নতুন বছৰে নতুন সংকল্প আনে, নতুন শক্তি দিয়ে । জলবায়ু পৰিবৰ্তন ৰোধ কৰিবলৈ গ্ৰীণ বাছ আৰম্ভ কৰা হৈছে । সেয়ে গুৱাহাটীত এতিয়া প্ৰদূষণ কমিছে । ইতিমধ্যে গুৱাহাটীত ১০০ খন CNG বাছ আৰু ২০০ খন ইলেকট্ৰিক বাছ চলি আছে । আজি পুনৰ ৫৬ খন মুকলি কৰা হ'ল । অহা কিছুদিনৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে আৰু ১০০ খন ইলেকট্ৰিক বাছ দিব অসমক । ২০২৬-ত ডিজেলৰ বাছ গুৱাহাটীত সম্পূৰ্ণ বন্ধ কৰিব পৰা যাব । গুৱাহাটীৰ ডিজেল বাছসমূহক দিয়া হ'ব অন্য পথ ।

তেওঁ লগতে কয়, "নিজৰ ভৰিত নিজে থিয় হোৱাৰ চেষ্টা কৰিছে এতিয়া পৰিবহণ নিগমে । অৱসৰকালীন কৰ্মচাৰীৰ পাবলগীয়া ধন দিয়াৰ বাবে ইতিমধ্যে আমি ২৫ কোটি টকা মুকলি কৰি দিছোঁ ।"

ISBT প্ৰসংগত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "১৫ বছৰ আগতে ISBT হৈছিল বেতকুছিত । আজি খানাপাৰাত আনটো মুকলি হ'ল । ইয়াত ১০ খন বাছ এবাৰত ৰ'ব পাৰিব । ইয়াত বাছ কেতিয়া আহিব, কেতিয়া যাব সেয়া DISPLAY কৰি থকাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পিছতে জালুকবাৰীত হ'ব আন এটা ISBT । ইতিমধ্যে ৰে'লৱেৰ পৰা শৰাইঘাট দলঙৰ কাষত মাটি লোৱা হৈছে ISBT-ৰ বাবে । সেয়েহে এতিয়া দেশৰ ভিতৰত পৰিবহণ ব্যৱস্থাক ডিজিটেল কৰাত প্ৰথম হৈছে অসম ।"

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি পৰিবহণ মন্ত্ৰী যোগেন মহন, পৰিবহণ বিভাগৰ অধ্যক্ষ পল্লৱলোচন দাস, মন্ত্ৰী অজন্তা নেওগ, বিমল বৰাৰ উপৰি পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

ইযাৰ উপৰি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত গুৱাহাটীস্থিত নিৰ্বাচিত একাংশ জ্যেষ্ঠ সাংবাদিকৰ সৈতে মত-বিনিময় কৰে মুখ্যন্ত্ৰীয়ে । তাৰ পিছতেই কইনাধৰাতেই প্ৰথম দিনটোত অনুষ্ঠিত হয় বছৰটোৰ প্ৰথমখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক ।

আনহাতে, দিনটোৰ পিচবেলা মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কৰি বহু কোটি টকাৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনতো এটা নতুন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচন : শাসকীয় দলৰ তৎপৰতাৰ বিপৰীতে নিষ্প্ৰভ বিৰোধী - ASSAM PANCHAYAT ELECTION
লগতে পঢ়ক :দেশৰ শীৰ্ষ ১০ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী; কিমান সম্পত্তি আছে হিমন্ত বিশ্ব শৰ্মাৰ ? - ADR RICHEST CMS LIST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.