গুৱাহাটী : ইংৰাজী নতুন বছৰক লৈ চৌদিশে আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । কোনোৱে যদি বনভোজলৈ গৈছে কোনোৱে আকৌ পৰিয়ালৰ সৈতে ভাল লগা ঠাইলৈ ফুৰিবলৈ গৈছে । তাৰ মাজতে নতুন বছৰটো যেন সকলোৰে মংগলময় হয় তাৰ বাবেও সকলোৱে প্ৰাৰ্থনা কৰিছে । নতুন বৰ্ষৰ প্ৰথম দিনটোতে সুখ-সমৃদ্ধিৰ লগতে সুস্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত সকলোৱে প্রার্থনা কৰিছে । যাৰ বাবে পহিলা জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে । নেদেখা জনৰ আশিস বিচাৰি মঠ-মন্দিৰত ভিৰ কৰিছে ভক্তই । গুৱাহাটী মহানগৰীৰ বিভিন্ন মন্দিৰতো পুৱাৰে পৰা ভক্তৰ ভিৰ দেখা গৈছে । মহানগৰীৰ গণেশগুৰিস্থিত গণেশ মন্দিৰ, লতাশিলৰ গণেশ মন্দিৰ, কামাখ্যা, উগ্ৰতাৰা দেৱালয়, লাচিত নগৰৰ হনুমান মন্দিৰ, বশিষ্ঠ মন্দিৰ সকলোতে সেৱা লৈছে ভক্তই ।
কামাখ্যা ধাম : নৱবৰ্ষৰ প্ৰথম দিনটোত শক্তিপীঠ কামাখ্যাত ভক্তৰ ভিৰ দেখা গৈছে । নতুন বছৰটোত মনৰ আশা পূৰণ হোৱাৰ কামনাৰে ভক্তসকলে মা কামাখ্যাৰ ওচৰত আশিস লৈছে । সমগ্ৰ ভাৰততে বিস্তৃত মুঠ ৫১ খন শক্তিপীঠৰ মাজৰ অন্যতম হৈছে কামাখ্যা । নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত প্ৰতিদিনে দেশী-বিদেশী হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় ।
উগ্ৰতাৰা দেৱালয় : একেদৰে মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয়ত অনুৰূপ দৃশ্য দেখা গৈছে । চাকি-ধূপ, ফুল আগবঢ়াই নতুন বছৰটো যেন ভালে যায় তাৰ বাবে প্ৰাৰ্থনা জনাইছে । উগ্ৰতাৰা দেৱাল গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত । এই মন্দিৰৰ পিছফালে যোৰপুখুৰী আছে ।
শক্তিপীঠসমূহৰ ভিতৰত অন্যতম উগ্ৰতাৰা দেৱালয় । লোকবিশ্বাস মতে দেৱী সতীৰ নাভি পৰিছিল এই উগ্ৰতাৰা দেৱালয়ত । উগ্ৰতাৰা দেৱালয় আহোম স্বৰ্গদেউ শিৱ সিংহই ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল ।
গণেশ মন্দিৰ : পুৱাৰে পৰা লতাশিলৰ গণেশ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ দেখা গৈছে । লতাশিলৰ গণেশ মন্দিৰটো হলিৰাম দাসে প্ৰতিষ্ঠা কৰিছিল । বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় থকা স্থানত পূৰ্বতে আকাশবাণী গুৱাহাটী কেন্দ্ৰ আছিল ।
তাতে মূৰ্তিটো উদ্ধাৰ কৰি গছৰ তলতে মূৰ্তিটো স্থাপন কৰি পূজা আগবঢ়াইছিল । পৰৱৰ্তী সময়ত ন্যায়াধীশে মূৰ্তিটো সেই স্থানৰ পৰা আঁতৰাব বিচাৰিছিল । কিন্তু সপোনত হাতীয়ে আক্ৰমণ কৰা দেখি সেই কামৰ পৰা বিৰত থাকে । তেতিয়াৰে পৰা মন্দিৰটো ক্ৰমবিকাশ হৈ আজিৰ পৰ্যায় পাইছে ।
গণেশগুৰিৰ গণেশ মন্দিৰ : নৱবৰ্ষৰ প্ৰথম দিনটোত গণেশগুৰিৰ গণেশ মন্দিৰত একে পৰিৱেশ দেখা গৈছে । অতি ব্যস্ত তথা ব্যৱসায়িক অঞ্চল হৈছে গণেশগুৰি । ইয়াৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটো ।
হনুমান মন্দিৰ : জ্যোতিৰ্বিদ্যা মতে এই বছৰটো মংগলৰ বছৰ । মংগলৰ বৰ্ষ হোৱাৰ বাবে হনুমান, বগলা মন্দিৰ দৰ্শন কৰিলে ভক্তই সুফল লাভ কৰিব বুলি বহু জ্যোতিষীয়ে মন্তব্য কৰিছে । যাৰ বাবে নৱবৰ্ষৰ প্ৰথম দিনটো হনুমান মন্দিৰত ভক্তৰ সমাগম দেখা গৈছে ।
ইয়াৰ ব্যতিক্ৰম নহয় মহানগৰীৰ লাচিত নগৰ হনুমান মন্দিৰ । লাচিত নগৰৰ হনুমান মন্দিৰটো পুৱাৰে পৰা ভক্তৰ সোঁত বৈছে ।
লগতে পঢ়ক :নৱবৰ্ষ উদযাপনৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা: দুজনৰ মৃত্যু - DIBRUGARH ROAD ACCIDENT