নতুন দিল্লী : নতুন বছৰৰ দ্বিতীয় দিনাও উত্তৰ ভাৰতত ঘন কুঁৱলীৰ প্ৰভাৱ অব্য়াহত আছে । কুঁৱলীৰ ডাঠ আচ্ছাদনে ছানি ধৰিছে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য । যাৰ ফলত তাপমাত্ৰা হ্ৰাস পাইছে । যোগাযোগ ব্যৱস্থাটো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে । বিশেষকৈ বিমান চলাচল ব্যাহত হৈছে ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, শনিবাৰে পুৱা ৫.৩০ বজাত দিল্লীত তাপমাত্ৰা ১০.২ ডিগ্ৰী ছেলচিয়াছ আছিল । অৱশ্যে শুকুৰবাৰে একেটা সময়তে তাপমাত্ৰা ৯.৬ ডিগ্ৰী ছেলচিয়াছ আছিল ।
#WATCH | Uttar Pradesh | A dense layer of fog blankets Hapur as a cold wave grips the city. pic.twitter.com/66eva7tN5Y
— ANI (@ANI) January 4, 2025
- শীতৰ প্ৰকোপ
প্ৰচণ্ড শীতৰ বাবে ৰাজধানীৰ নাগৰিকসকলে জুইৰ উত্তাপ লৈছে । নিশা ৰাজপথত বাহনৰ চলাচলো সীমিত হৈছে । উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত শনিবাৰে পুৱা কুঁৱলী আৰু শীত প্ৰৱাহৰ দ্বাৰা প্ৰভাৱিত হৈছে । উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত শনিবাৰে পুৱা ৫.৩০ বজাত তাপমাত্ৰা ১১.৪ ডিগ্ৰী ছেলচিয়াছ আছিল । ৰাজ্যখনৰ মৈনপুৰী চহৰখন কুঁৱলীৰ ঘন আচ্ছাদনত থকা দেখা গৈছে ।
#TravelAdvisory
— Air India (@airindia) January 3, 2025
Poor visibility due to dense fog is impacting flight operations in Delhi and parts of Northern India. Please check your flight status at: https://t.co/6ajUZVeeIM before heading to the airport.
ইফালে, ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ প্ৰদূষণো উদ্বেগজনক স্থিতিত আছে । বায়ুৰ সূচাংক 'অতি দুৰ্বল' শ্ৰেণীত আছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মতে পুৱা ৬ বজাত দিল্লীত একিউআই ৩৮৫ দেখা গৈছিল ।
Update issued at 06:55 hours.
— Delhi Airport (@DelhiAirport) January 4, 2025
Kind attention to all flyers!#Fog #FogAlert #DelhiAirport pic.twitter.com/7i1yPFW3AK
- বিমান চলাচল ব্যাহত
ঘন কুঁৱলীৰ বাবে শনিবাৰে পুৱা দিল্লী বিমানবন্দৰত বিমান পৰিচালনা প্ৰভাৱিত হৈছে আৰু ইণ্ডিগ'য়ে অস্থায়ীভাৱে বিমানৰ অৱতৰণ আৰু উৰণ স্থগিত ৰাখিছে । দিল্লী ইণ্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেডে (ডিআইএএল) পুৱা ৬:৫৫ বজাত এক্সত এটা পোষ্টত কৈছে যে ঘন কুঁৱলীৰ বাবে, CAT III অনুসৰণ নকৰা বিমানৰ পৰিচালনা প্ৰভাৱিত হয় । যাত্ৰীসকলক বিমানৰ তথ্যৰ বাবে সংশ্লিষ্ট এয়াৰলাইনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।
#6ETravelAdvisory: Departures and arrivals at #DelhiAirport are currently on hold due to reduced visibility. Please stay updated on your flight status https://t.co/IEBbuCsa3e. Once operations resume, flights may still encounter delays due to airside congestion. (1/2)
— IndiGo (@IndiGo6E) January 3, 2025
ইণ্ডিগ'ৱে জনোৱা মতে দৃশ্যমানতা হ্ৰাস হোৱাৰ বাবে বিমানৰ অৱতৰণ আৰু উৰণ অস্থায়ীভাৱে স্থগিত ৰখা হৈছে । বিমানৰ পৰিচালনা পুনৰ আৰম্ভ হ'লেও বিমানবোৰ বিলম্ব হ'ব পাৰে বুলি প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে ।