গুৱাহাটী : অসমীয়া ছবি উদ্যোগটোক আৰু এটা খোজ আগুৱাই নিয়াৰ বাবে আগবাঢ়ি আহিছে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম ৷ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে আগবঢ়াইছে এক বিশেষ সুযোগ ।
ৰাজ্যত ছবিগৃহৰ সংখ্যা কম বুলি প্ৰায়ে ভিন্নজনে মন্তব্য কৰা দেখা যায় ৷ বিভিন্ন সময়ত চলি থকা এনেধৰণৰ ওজৰ-আপত্তিসমূহৰ মাজতেই অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে এক বিশেষ সুবিধা । অসমত ছবিগৃহ নিৰ্মাণৰ বাবে প্ৰদান কৰা হ’ব অনুদান ৷
ৰাজ্যৰ ভিন্ন ঠাইত ছবিগৃহ নিৰ্মাণৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান, সাংস্কৃতিক সংস্থা তথা ব্যক্তিগত খণ্ডই ইয়াৰ বাবে আবেদন জনাব পাৰিব । এইক্ষেত্ৰত এক বিজ্ঞাপন দি অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ তৰফৰ পৰা জনোৱা হৈছে যে যিবোৰ সংস্থা তথা ব্যক্তিগত খণ্ড ছবিগৃহ নিৰ্মাণৰ বাবে আগ্ৰহী তেওঁলোকে ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ আবেদন পত্ৰসমূহ পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব । ইয়াৰ লগতে এক যোগাযোগৰ নম্বৰো মুকলি কৰিছে ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে । ৮৮৭৬৫-১৯২৯৬ এই নম্বৰত যোগাযোগ কৰি অধিক তথ্য লাভ কৰিব পাৰিব আবেদনকাৰীসকলে ৷
উল্লেখ্য যে ভিন্ন সময়ত ৰাজ্যত ছবিগৃহ নিৰ্মাণৰ বাবে বহু দাবী উত্থাপন হৈ অহা পৰিলক্ষিত হৈ আহিছে । বৰ্তমান সময়ত প্ৰতি সপ্তাহত একোখনকৈ অসমীয়া ছবিয়ে মুক্তিলাভ কৰে যদিও বহু সময়ত ছবিগৃহৰ অভাৱত হতাশাৰ সন্মুখীন হ’বলগীয়া হয় প্ৰযোজকসকল । ইফালে অতি দুখেৰে উল্লেখ কৰিবলগীয়া কথাটো হ’ল যে লকডাউনৰ সময়ত বন্ধ হৈ গৈছিল বহুকেইটা পুৰণি ছবিগৃহ । আনহাতে বৰ্তমানো ৰাজ্যৰ বহু ঠাইতে নাই ছবিগৃহ । শেহতীয়াকৈ অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ এই সিদ্ধান্তই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে অসমীয়া ছবি জগতখনলৈ ।
লগতে পঢ়ক : জুবিন দাৰ লগত এটা গীত গাব পাৰিলে মনৰ আশাটো পূৰণ হ'ব...