হায়দৰাবাদ: বৃহস্পতিবাৰে মেটাৰ মালিকানাধীন হোৱাটছএপে, চেট বক্স কাষ্টমাইজেচনৰ বাবে Chat ৰ থিম আৰু নতুন ৱালপেপাৰ মুকলি কৰে । নতুনকৈ প্ৰৱৰ্তিত চেট থিম আপডেটত চেট বাবলসমূহো কাষ্টমাইজ কৰাৰ বিকল্প অন্তৰ্ভুক্ত কৰা হৈছে । ব্যৱহাৰকাৰীয়ে এতিয়া প্ৰি-ছেট থিম আৰু ৱালপেপাৰৰ পৰা নিৰ্বাচন কৰি নিজৰ হোৱাটছএপ চেটবোৰ নিজৰ ৰুচি অনুসৰি ব্যক্তিগতকৰণ কৰি সম্পূৰ্ণ বেলেগ আৰু অনন্য কৰি তুলিব পাৰিব।
উল্লেখযোগ্য যে এই আপডেটত WhatsApp এ 30 টা নতুন ৱালপেপাৰ সংযোজন কৰিছে । আপুনি এতিয়াও আপোনাৰ ক্লিক কৰা ছবিসমূহ পূৰ্বৰ দৰে ৱালপেপাৰ হিচাপে ছেট কৰিব পাৰে । আপোনাৰ চেট বক্সৰ উপৰিও WhatsApp Channel ৰ থিম সলনি কৰিব পাৰিব ।
WhatsApp Chat Theme আৰু নতুন ৱালপেপাৰ: কেনেকৈ সলনি কৰিব পাৰি
তলত উল্লেখ কৰা পদক্ষেপসমূহে আপোনাক হোৱাটছএপত চেটৰ থিম সলনি কৰাত সহায় কৰিব ।
ডিফল্ট চেট থিম কেনেকৈ প্ৰয়োগ কৰিব
স্তৰ 1: হোৱাটছএপ খুলিব ।
স্তৰ 2: চেট ফিডৰ ওপৰৰ সোঁফালৰ চুকত ৰখা তিনিটা বিন্দুত টেপ কৰক ।
স্তৰ 3: 'ছেটিংছ' নিৰ্বাচন কৰক ।
স্তৰ 4: এতিয়া 'Chats' ত টেপ কৰক ।
স্তৰ 5: 'ডিফল্ট চেট থিম'ত টেপ কৰক ।
ব্যক্তিগত চেট কেনেকৈ কাষ্টমাইজ কৰিব পাৰি
যদি আপুনি এজন এণ্ড্ৰইড ব্যৱহাৰকাৰী তেন্তে তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰক ।
স্তৰ 1: হোৱাটছএপ খুলিব ।
স্তৰ 2: চেট ফিডৰ ওপৰৰ সোঁফালৰ চুকত ৰখা তিনিটা বিন্দুত টেপ কৰক ।
স্তৰ 3: এতিয়া নতুন বিকল্প 'Chat Theme' ত ক্লিক কৰক ।
যদি আপুনি এজন iOS ব্যৱহাৰকাৰী তেন্তে তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰক ---
স্তৰ 1: হোৱাটছএপ খোলক ।
স্তৰ 2: ওপৰৰ স্ক্ৰীণত উপলব্ধ 'Chat Name' ত টেপ কৰক ।
স্তৰ 3: এতিয়া 'ৱালপেপাৰ'ত টেপ কৰক আৰু নতুন চেটৰ থিমটো নিৰ্বাচন কৰক ।
হোৱাটছএপে বিশ্বজুৰি মুকলি কৰিছে এই নতুন আপডেট । গতিকে, যদি আপুনি এতিয়াও আপোনাৰ হোৱাটছএপ আপডেট কৰা নাই তেন্তে এই আপডেটৰ সুবিধা ল’বলৈ গুগল প্লে ষ্ট’ৰ বা এপ ষ্ট’ৰলৈ যাওক । যদি আপডেটটো আপোনাৰ ডিভাইচৰ প্লে ষ্ট’ৰ বা এপ ষ্ট’ৰত প্ৰতিফলিত নহয় তেন্তে কিছু সময় অপেক্ষা কৰক আৰু তাৰ পিছত আপোনাৰ হোৱাটছএপ আপডেট কৰক ।
ইয়াৰ পূৰ্বে হোৱাটছএপে নতুন নতুন ফিচাৰ প্ৰৱৰ্তন কৰিছিল য’ত আছিল নতুন কেমেৰা ইফেক্ট, চেলফি ষ্টিক ফিচাৰ, দ্ৰুত ৰিয়েকচন ফিচাৰ । নতুন কেমেৰা ইফেক্ট বৈশিষ্ট্যই ভিডিঅ' কলৰ বাবে নতুন ফিল্টাৰ, বেকগ্ৰাউণ্ড আৰু ইফেক্ট প্ৰৱৰ্তন কৰে । চেলফি ষ্টীকাৰ বৈশিষ্ট্যত আপুনি আপোনাৰ চেলফিক দ্ৰুতভাৱে ষ্টীকাৰলৈ ৰূপান্তৰিত কৰিব পাৰিব । আপোনাৰ ষ্টীকাৰ পেকটো আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব পাৰি ৷
লগতে পঢ়ক
এতিয়াৰে পৰা হোৱাটছএপ যোগেও পৰিশোধ কৰিব পাৰিব বিল !
শীঘ্ৰেই হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নিজেই সৃষ্টি কৰিব পাৰিব AI চৰিত্ৰ !
হোৱাটছএপত নতুন ফিচাৰ; নিজৰ ছেলফিখনকে পৰিৱৰ্তন কৰিব পাৰিব হোৱাটছএপ ষ্টীকাৰলৈ