ডিব্ৰুগড় : নৱবৰ্ষ উদযাপনৰ সময়ত যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষী-প্ৰশাসন অধিক তৎপৰ হৈছে । এই সময়ছোৱাত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যান-বাহন আইন উলংঘনকাৰী আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
মুখ্যমন্ত্ৰীয়েও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । কিন্তু তাৰ মাজতে ডিব্রুগড় চহৰৰ মাজমজিয়াত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা ।
৩১ ডিচেম্বৰৰ মাজনিশা যান-বাহন আৰক্ষীৰ অভিযানৰ মাজতে ডিব্ৰুগড়ৰ আমোলাপট্টি-লালুকা সংযোগী ডি টি পি ড্ৰেইনৰ ওপৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন মটৰ চাইকেল আৰু বিলাসী বাহনৰ মুখামুখি সংঘর্ষত থিতাতে নিহত হয় এজন লোক । দুৰ্ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । ইফালে দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহনখনৰ ভিতৰত সুৰাৰ বটল উদ্ধাৰ হৈছে । অত্যধিক সুৰা সেৱন কৰি বাহন চলোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে । জানিব পৰা মতে বাহনখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে ।
সোণাৰিৰ পথৰ কাষত দুৰ্ঘটনাত এজন নিহত
আনহাতে, নৱবৰ্ষৰ প্ৰথমটো পুৱাই সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা । পথৰ দাঁতিত ৰখাই থোৱা ৰোলাৰত প্ৰচণ্ড বেগেৰে খুন্দিয়ালে এখন মটৰ চাইকেলে । দুৰ্ঘটনাটোত মটৰ চাইকেলৰ এজন আৰোহী থিতাতে নিহত হয় । আন এজন যুৱকক সংকটজনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । পুৱা সোণাৰিৰ ৰজাপুখুৰীত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত পতিত মটৰ চাইকেলখনৰ নম্বৰ AS-০৩-AA-৭০৯৬ । দুৰ্ঘটনাটোত নিহত যুৱকজন সৰুকণ বসুমতাৰী বুলি জানিব পৰা গৈছে । ইফালে গুৰুতৰভাৱে আহত যুৱকজন হৈছে মাধৱ বসুমতাৰী । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :ধেমাজিৰ চকুলোত নৱবৰ্ষৰ আনন্দৰ বন্যা - JIADHAL MUKH PICNIC SPOT