ETV Bharat / sports

ভাৰত বনাম বাংলাদেশ: প্ৰথম টি-20 ৰ প্ৰাকক্ষণত অ’পেনিং যুটিৰ বিষয়ে ক’লে সূৰ্যকুমাৰ যাদৱে - IND VS BAN T20I SERIES

ভাৰতৰ টি-20 শৃংখলাৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে বাংলাদেশৰ বিৰুদ্ধে অংশ ল’বলগা তিনিখন মেচৰ শৃংখলাৰ প্ৰথমখন মেচৰ বাবে ঘোষণা কৰিছে উদ্বোধনী যুটিৰ নাম ।

author img

By ETV Bharat Sports Team

Published : 2 hours ago

IND VS BAN T20I SERIES
সূৰ্যকুমাৰ যাদৱ (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ: বাংলাদেশৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিবলগীয়া তিনিখন মেচৰ টি 20 শৃংখলাটোৰ প্ৰথমখন মেচ দেওবাৰে অনুষ্ঠিত হ’ব ৷ মেচৰ প্ৰাকক্ষণত টীম ইণ্ডিয়াৰ টি 20 অধিনায়ক সূৰ্যকুমাৰ যাদৱে প্ৰকাশ কৰিছে অ’পেনিং যুটিৰ নাম ৷ অধিনায়কে প্ৰকাশ কৰা অনুসৰি, অভিষেক শৰ্মা আৰু সঞ্জু চেমছনে প্ৰথমখন টি 20 ত টীম ইণ্ডিয়াৰ হৈ মুকলি কৰিব ইনিংছ ৷

চেমছনে দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত খেলিবলৈ সুযোগ লাভ কৰিছে ৷ 9 বছৰ পূৰ্বে জিম্বাব’ৱেত অভিষেক ঘটোৱাৰ পৰাই উইকেটকীপাৰ বেটছমেনগৰাকীয়ে মূল একাদশত নিগাজী স্থান লাভৰ বাবে যথেষ্ট চেষ্টা চলাই আহিছে ।

গোৱালিয়ৰত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলা মুকলিৰ প্ৰাকক্ষণত এই বিষয়ে সদৰী কৰে সূৰ্যকুমাৰ যাদৱে ৷ ভাৰতৰ টি-20 শৃংখলাৰ অধিনায়ক যাদৱে কয়, "সঞ্জু চেমছনে অভিষেক শৰ্মাৰ সৈতে এই শৃংখলাত খেলাৰ লগতে দলৰ বেটিং মুকলি কৰিব" ।

চেমছনে বৰ্তমানলৈকে 30 খন টি-20 খেলাৰ লগতে পাঁচবাৰকৈ মুকলি কৰিছে ইনিংছ । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ত তেওঁ ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ হৈ বেটিং কৰে । আনহাতে, অভিষেকে 174.64 ষ্ট্ৰাইক ৰেটেৰে গড়ে 31 ৰাণ কৰি 124 ৰাণ সংগ্ৰহ কৰিছে ৷ খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে অংশগ্ৰহণ কৰিছে পাঁচখন টি-20 মেচত ৷

পিটচ সন্দৰ্ভত ভাৰতৰ অধিনায়কগৰাকীয়ে কয় যে, "পিটচৰ প্ৰকৃতিয়ে প্ৰথমখন টি-20 মেচত প্ৰত্যাহ্বানমূলক পৰিৱেশৰ সৃষ্টি কৰিব" ৷

তেওঁ মন্তব্য কৰে যে, "আমি ইয়াত অনুশীলন কৰাৰ দুদিন বা তিনিদিনত অনুভৱ কৰা নাছিলো যে পিটচখন লেহেমীয়া । ই এক উৎকৃষ্ট টি-20 উইকেট যেন অনুভৱ হয় ৷ গতিকে প্ৰতিযোগিতামূলক খেলৰ আশা কৰিব পাৰি" ৷

"আমি ইয়াৰ প্ৰকৃতিৰ বিষয়ে অনুশীলনৰ সময়তে জানিব পাৰিছো । গতিকে পিটচখনে কেনে আচৰণ কৰিব পাৰে, সেয়া আমি অনুমান কৰিব পাৰো । আমি গ্ৰাউণ্ড ষ্টাফৰ সৈতে বতাহৰ কাৰকৰ বিষয়ে কথা পাতিছো । সকলোৱে তাত ভূমিকা পালন কৰে, তেন্তে আকাংক্ষিত ফলাফল লাভ কৰাটো আমাৰ বাবে সমস্যা হ'ব নালাগে" ৷

লগতে পঢ়ক: পাকিস্তানক ধূলিসাৎ কৰাৰ উদ্দেশ্যৰে দেওবাৰে ক্ৰিজত নামিব ভাৰত - ICC WOMENS T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.