ETV Bharat / state

বিত্তীয় সংকটত ৰাজ্য চৰকাৰ: অধিক ধাৰত পোত গৈ থকা ৰাজ্যৰ তথ্য দিলে মন্ত্ৰী পীযুষ হাজৰীকাই - Assam Govt debt issue

Assam Govt debt: ৰাজ্য চৰকাৰে আকৌ ৭৫০ কোটি টকাৰ ঋণ ল’ব ৷ দ্ৰুতগতিত বৃদ্ধি পোৱা অসম চৰকাৰৰ বিত্তীয় ঋণৰ পৰিমাণে ব্যাপক চৰ্চা লাভ কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Assam Govt debt
বিত্তীয় সংকটত ৰাজ্য চৰকাৰ (ETV Bharat Assam)

গুৱাহাটী, ৬ অক্টোবৰ: অহা ৮ অক্টোবৰত ৰাজ্য চৰকাৰে আকৌ ৭৫০ কোটি টকাৰ ঋণ ল’ব ৷ বৰ্তমান ৰাজ্য চৰকাৰৰ বিত্তীয় ঋণৰ বোজাৰ পৰিমাণে ১.৫০ লাখ কোটি টকা অতিক্ৰম কৰিছে । দ্ৰুতগতিত বৃদ্ধি পাই গৈ থকা অসম চৰকাৰৰ বৰ্তমানৰ বিত্তীয় ঋণৰ পৰিমাণে ৰাজ্যবাসীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷

বিত্তীয় সংকটৰ জোৰা মাৰিবলৈকে ৰাজ্য চৰকাৰে প্ৰতি সপ্তাহে বৃহৎ পৰিমাণৰ ঋণ লৈছে বুলি ৰাজ্য চৰকাৰ সমালোচনা কঠোৰ সন্মুখীন হৈছে । বিৰোধী ৰাজনৈতিক দলৰ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰ । ঋণ সংক্ৰান্তত বিৰোধীৰ সমালোচনাৰ উত্তৰ দি ঋণ লোৱাৰ সপক্ষে যুক্তি দাঙি ধৰিছে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই ।

অসম চৰকাৰৰ বিত্তীয় অৱস্থা সংকটজনক বুলি অপপ্ৰচাৰ চলা বুলি মন্তব্য মন্ত্ৰী হাজৰীকাৰ । বিৰোধীক লক্ষ্য কৰি কংগ্ৰেছ দল অথবা কংগ্ৰেছৰ মিত্ৰদলৰ শাসিত ৫ খন ৰাজ্যই অসমতকৈ যে অধিক ঋণ গ্ৰহণ কৰিছে সেয়া তথ্যসহ উল্লেখ কৰি দেওবাৰে সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰীকাই ক’লে, ''অসমৰ অৰ্থনৈতিক অৱস্থাক লৈ অপপ্ৰচাৰ চলাই থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে মই কংগ্ৰেছ তথা বিৰোধী দলসমূহে শাসন কৰা কেইখনমান ৰাজ্যৰ ঋণৰ পৰিমাণ উল্লেখ কৰিছোঁ-

  1. কেৰালা- প্ৰায় ৪.২৯ লাখ কোটি টকাৰ ঋণ
  2. তেলেংগানা- প্ৰায় ৪.৫ লাখ কোটি টকাৰ ঋণ
  3. পশ্চিম বংগ- প্ৰায় ৬.৯৩ লাখ কোটি টকাৰ ঋণ
  4. পঞ্জাৱ- প্ৰায় ৩.৭৪ লাখ কোটি টকাৰ ঋণ
  5. তামিলনাডু- প্ৰায় ৮.৩৩ লাখ কোটি টকাৰ ঋণ ৷ ”

মন্ত্ৰী হাজৰীকাই লগতে কয়- “উল্লেখ কৰা এই গোটেইকেইখন ৰাজ্য হৈছে কংগ্ৰেছ দল অথবা কংগ্ৰেছৰ মিত্ৰদলৰ শাসিত ৰাজ্য । ইয়াৰ বিপৰীতে অসমৰ ঋণৰ পৰিমাণ হৈছে প্ৰায় ডেৰ লাখ কোটি টকা আৰু ইয়াৰে ৪১,৯৬৪ কোটি টকাৰ ঋণ ২০১৬ চনত শাসনৰ পৰা যাবৰ সময়ত কংগ্ৰেছ চৰকাৰে থৈ গৈছিল । এতিয়া আপোনালোকেই কওক, কোন ৰাজ্য বেছি ধাৰত পোত গৈ আছে ।”

Assam Govt debt
নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান (ETV Bharat Assam)

অসমৰ বহু পৰিমাণৰ ধাৰ ল'ব পৰা ক্ষমতা আছে, কিন্তু সিমান লোৱা নাই :

অসম চৰকাৰে ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি যথেষ্ট পৰিমাণে ঋণ ল’ব পাৰে যদিও সিমান পৰিমাণৰ ঋণ লোৱা নাই । এই দাবীৰে পীযুষ হাজৰীকাৰ মন্তব্য- “এখন ৰাজ্যই ঋণ লাভ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কিছু সুস্পষ্ট নীতি-নিৰ্দেশনা আছে । ৰাজ্য এখনক কিমান পৰিমাণলৈ ধাৰ দিব পৰা যায়, সেয়াও ৰিজাৰ্ভ বেংকে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা চালি-জাৰি চাইহে নিৰ্ণয় কৰে । ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি অসমৰ বহু পৰিমাণৰ ধাৰ ল'ব পৰা ক্ষমতা আছে, কিন্তু সিমান পৰিমাণলৈ ধাৰ লোৱা নাই, ল'বলগীয়া পৰিস্থিতিও হোৱা নাই আৰু ভৱিষ্যতেও নহয় । আনহাতে এখন ৰাজ্যই ধাৰ লাভ কৰা মানে জানিব যে সেইখন ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত । আৰ্থিক অৱস্থা উন্নত নহ'লে কোনো এজেঞ্চীয়ে ৰাজ্য এখনক ঋণ প্ৰদান নকৰে ।”

কংগ্ৰেছ আৰু অসমবিৰোধীসকলে অপপ্ৰচাৰহে: মন্ত্ৰী পীযুষৰ দাবী

মন্ত্ৰী পীযুষ হাজৰীকাৰ দাবী যে অসম চৰকাৰ বিত্তীয় সংকটত পৰা বিষয়টো ৰাজ্যৰ উন্নয়ন দেখি চকু চৰহা বিৰোধী আৰু অসম বিৰোধীয়ে চলোৱা অপপ্ৰচাৰহে ৷ হাজৰীকাই উল্লেখ কৰিছে- “শেহতীয়াকৈ অসম চৰকাৰৰ আৰ্থিক অৱস্থা জুৰুলা বুলি এক অপপ্ৰচাৰ চলা আমাৰ দৃষ্টিগোচৰ হৈছে । এই বিষয়ে মই কওঁ যে মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসমৰ আৰ্থ-সামাজিক অৱস্থা বৰ্তমান বহু উন্নত । দুৰ্নীতি, অপশাসনেৰে একপ্ৰকাৰে অভিলেখ সৃষ্টি কৰি কংগ্ৰেছ চৰকাৰে বিধ্বস্ত কৰি যোৱা অসমৰ অৰ্থনৈতিক, ঔদ্যোগিক, সামাজিক ভেটি বিজেপি চৰকাৰে বহু কষ্টৰে পুনৰ গঢ়ি তুলিছে । উগ্ৰপন্থী সমস্যা দমন কৰা, ৰাস্তা-ঘাটৰ উন্নয়ন কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লগে লগে অসমত এক ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছে ।”

তেওঁ লগতে কয়, “টাটা গ্ৰুপে প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন কৰিছে । স্বচ্ছ, নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে অসমে । অসমৰ এই উন্নয়নমূলক যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ উপকৃত হৈছে আৰু আমাৰ যাত্ৰাৰ সহযাত্ৰী হৈছে । ইয়াক দেখি চকুচৰহা কংগ্ৰেছ দল আৰু এচাম অসমবিৰোধী লোকে অপপ্ৰচাৰত লিপ্ত হৈছে, অসমৰ শান্তি বিঘ্নিত কৰিবলৈ উঠিপৰি লাগিছে ।”

পিছে মন্ত্ৰী হাজৰীকাৰ এই সমূহ যুক্তিয়ে ৰাজ্যবাসীক কিমান আস্বস্ত কৰিব পাৰিব নে ? সেয়া হ’ব মনকৰিবলগীয়া ।

লগতে পঢ়ক: আৰ্থিক সংকটৰ সংজ্ঞা বুজি নাপায় মুখ্যমন্ত্রী ড৹ শৰ্মাই ! - Assam CM on financial crisis

যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছে: জয়ন্ত মল্লবৰুৱা - JAYANTA MALLA BARUA REACTS ON DEBT

৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ৭৫০ কোটিৰ ঋণ - Assam Govt RBI Loan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.