ETV Bharat / entertainment

চাইকেল থাকোতে যোৰহাটৰ পৰা ওলাই গৈছিল জুবিন, এতিয়া আহে ৰেঞ্জ ৰ’ভাৰ লৈ

যোৰহাট মিউজিক ফেষ্টিভেলত মায়াবিনী গানটোত জুবিন গাৰ্গ-জয় বৰুৱাৰ আকস্মিক কলাব ৷ উপস্থিত দৰ্শক শিল্পীৰ সুৰীয়া কণ্ঠত হৈ পৰে মতলীয়া ৷

singer zubeen garg joi barua performed at jorhat music festival 2024
যোৰহাট মিউজিক ফেষ্টিভেল (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

যোৰহাট : সাংস্কৃতিক ৰাজধানী যোৰহাটত পোন প্ৰথমবাৰৰ বাবে যোৰহাট সংগীত মহোৎসৱ ২০২৪ ৰ আয়োজন কৰা হয় ৷ কাজিৰঙা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন আৰু সংগীতপ্ৰেমী প্ৰয়াত পুৰঞ্জয় দাসৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই দাসৰ বন্ধুবৰ্গ আৰু ইভেন্ট মেনেজমেণ্ট প্ৰতিষ্ঠান ইকো কলাবৰেশ্যনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত ২৩ নৱেম্বৰত যোৰহাট সংগীত মহোৎসৱ ২০২৪ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় ।

যোৰহাট সংগীত মহোৎসৱ

যোৰহাট সংগীত মহোৎসৱৰ নিশাটি কেইবাজনো প্ৰতিষ্ঠিত শিল্পীৰ সুৰীয়া কণ্ঠৰে জীপাল হৈ পৰে ৷ যোৰহাট ষ্টেডিয়ামৰ বাকৰিত জয় বৰুৱা, শংকুৰাজ কোঁৱৰৰ এটাৰ পিছত আন এটা গীতে মন্ত্ৰমুগ্ধ কৰি তোলে সহস্ৰাধিক সংগীতপ্ৰেমীক ৷

যোৰহাট মিউজিক ফেষ্টিভেল (ETV Bharat Assam)

মঞ্চত জুবিনৰ ধেমালি

সংগীত মহোৎসৱত হঠাৎ উপস্থিত হৈ ৰসাল কথাৰে শ্ৰোতা-দৰ্শকক আপ্লুত কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ৷ জুবিনক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰে জুবিন অনুৰাগীসকল ৷ জুবিনৰ উপস্থিতিয়ে এক অনন্য মাত্ৰা দিলে সংগীত মহোৎসৱক ।

মঞ্চত উঠি জুবিন গাৰ্গে ক’লে, “এইখন মোৰ টাউন, মোৰ ঠাই, এইখন মোৰ যোৰহাট । মই যোৰহাটৰ পৰা এদিন চাইকেল লৈ ওলাই গৈছিলো, আজি মই ৰেঞ্জ ৰ’ভাৰলৈ ঘূৰি আহিছো, আপোনালোক কথা দিছো আকৌ ৰ’লছ ৰয়েলছ লৈ আহিম ৷”

আনহাতে সংগীতশিল্পী জয় বৰুৱাৰ সৈতেও ধেমালি সুলভ বাৰ্তালাপ কৰে জুবিনে ৷ জয়ক প্ৰথমবাৰৰ বাবে মুম্বাইলৈ নিয়া ব্যক্তিজন জুবিনেই আছিল ৷ জুবিনৰ হিট গান মায়াবিনীত দুই জনপ্ৰিয় কণ্ঠশিল্পীয়ে কলাব কৰি দৰ্শকক মনোৰঞ্জন দিয়ে ৷ কাষত জুবিন গাৰ্গক পাই অভিভূত হৈ পৰে কণ্ঠশিল্পী জয় বৰুৱা ৷ যোৰহাটত কটোৱা ল’ৰালি কালৰ কথা কৈ নষ্টালজিক হৈ পৰে তেওঁ ।

এই মহোৎসৱৰ মূল উদ্দেশ্য হৈছে অসমৰ আৰু বাহিৰৰ শ্ৰেষ্ঠ শিল্পীসকলক একত্ৰিত কৰি তেওঁলোকৰ প্ৰতিভা আৰু শৈলীৰ এক অনন্য মিশ্ৰণ সংগীতপ্ৰেমীসকলৰ আগত প্ৰদৰ্শন কৰা । যোৰহাট সংগীত মহোৎসৱত শিল্পী জয় বৰুৱা, শংকুৰাজ কোঁৱৰৰ লগতে বিশিষ্ট তবলাবাদক জংকি, ডি জে ওৱেডাৰ, প্ৰেডিং ৰুট বেণ্ড আদিয়ে সংগীত পৰিৱেশন কৰে ৷ এই মহোৎসৱৰ থীম আছিল আৱৰ্জনা মুক্ত অনুষ্ঠান আয়োজন কৰা ।

লগতে পঢ়ক : এগৰাকী সংগীতপ্ৰেমীক সুঁৱৰি প্ৰথমবাৰৰ বাবে যোৰহাট সংগীত মহোৎসৱ-২০২৪ ৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.