গুৱাহাটী: দিহিং পাটকাইৰ প্রস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খননৰ এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰক কেন্দ্ৰ কৰি চৰকাৰৰ ভূমিকাকলৈ ক্ষুন্ন হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় । অধিবক্তা মৃণ্ময় খাটনিয়াৰ আৰু পর্বতাৰোহী অমৰজ্যোতি ডেকাই দাখিল কৰা এখন পি আই এলৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা যায় । বৃহস্পতিবাৰে শুনানি হৈছিল এই গোচৰটোৰ ।
অধিবক্তা মৃণ্ময় খাটনিয়াৰ আৰু পর্বতাৰোহী অমৰজ্যোতি ডেকাই চালেকি সংৰক্ষিত বনাঞ্চলত ক'ল ইণ্ডিয়া লিমিটেডক অবৈধভাৱে কয়লা খননৰ অনুমতি প্রদানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল কৰিছিল । এই পি আই এলখনৰ শুনানি লৈ ২০২৩ চনতে উচ্চ ন্যায়ালয়ে গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক শপতনামা দাখিলৰ বাবে সময় প্রদান কৰিছিল ।
![Gauhati HC directs Assam govt to file affidavit in Dihing Patkai illegal coal mining case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-02-2025/as-ghy-01-hc-coalminng-7210645_07022025114944_0702f_1738909184_1052.jpg)
কিন্তু ২০২৪ চনৰ ২৯ অক্টোবৰ আৰু ২০ নৱেম্বৰত পি আই এলখনৰ শুনানি হয় যদিও প্রধান সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে কোনো শপতনামা দাখিল কৰিব নোৱাৰিলে । যাৰ বাবে দুবছৰে শপতনামা দাখিল কৰিব নোৱৰা বিষয়টোক লৈ শুনানিকালত ক্ষুব্ধ হৈ পৰে ন্যায়ালয় ।
![Gauhati HC directs Assam govt to file affidavit in Dihing Patkai illegal coal mining case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-02-2025/as-ghy-01-hc-coalminng-7210645_07022025114944_0702f_1738909184_899.jpg)
উল্লেখ্য যে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো এই গুৰুত্বপূৰ্ণ গোচৰত দুবছৰে চৰকাৰে শপতনামা দাখিল কৰিব পৰা নাছিল । যাৰ বাবে এই গোচৰটোৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ ক্ষুণ্ণ হৈ পৰে ।
![Gauhati HC directs Assam govt to file affidavit in Dihing Patkai illegal coal mining case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-02-2025/as-ghy-01-hc-coalminng-7210645_07022025114944_0702f_1738909184_5.jpg)
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত শপতনামা দাখিলত ব্যৰ্থ হ’লে ১৪ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক আদালতৰ মজিয়াত সোঁশৰীৰে হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰে ।