ETV Bharat / sports

এয়াৰ ইণ্ডিয়াই লগালে জগৰ; সামাজিক মাধ্য়মত ক্ষোভ হকী তাৰকাৰ - RANI RAMPAL ON AIR INDIA

indian hockey star rani rampal: সামাজিক মাধ্যমত ভাৰতীয় হকী তাৰকা ৰাণী ৰামপালৰ বিস্ফোৰণ ৷ বিমান পৰিবহণ কোম্পানী এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে তাৰকা খেলুৱৈগৰাকীয়ে ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

RANI RAMPAL ON AIR INDIA
ৰাণী ৰামপালৰ ফাইল ফটো (IANS Photos)

স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ: বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ভাৰতীয় হকী তাৰকা ৰাণী ৰামপালৰ ৷ দেওবাৰে পুৱা সামাজিক মাধ্যমৰ জৰিয়তে এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে তাৰকা খেলুৱৈগৰাকীয়ে ৷

ৰাণী ৰামপালে শেহতীয়াকৈ কানাডাৰ পৰা আহি উপস্থিত হৈছিল ভাৰতত ৷ বিমানযোগে অহা খেলুৱৈগৰাকীৰ বয়-বস্তু থকা বেগটো বিমান কৰ্মচাৰীৰ গাফিলতিৰ বাবে বিনষ্ট হৈ পৰে ৷ যাৰ বাবে ৰাণীয়ে সামাজিক মাধ্যমত পোষ্ট কৰি বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ নজৰলৈ আনে ৷

ছুটীৰ সময় কটাবলৈ শেহতীয়াকৈ খেলুৱৈগৰাকীয়ে ভ্ৰমণ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ দৰে দুখনকৈ দেশ ৷ অৱশ্যে এই সুন্দৰ ভ্ৰমণ সামৰি ভাৰতত উপস্থিত হোৱা খেলুৱৈগৰাকীৰ আনন্দ নিমিষতে ম্লান পৰে, যেতিয়া বিমানবন্দৰত বয়-বস্তুৰ কাউণ্টাৰত নিজৰ ভঙা বেগটো প্ৰত্যক্ষ কৰে ৷

পৰৱৰ্তী সময়ত হকী তাৰকাগৰাকীয়ে সামাজিক মাধ্যমত এয়াৰ ইণ্ডিয়াক লক্ষ্য কৰি পোষ্ট কৰে ৷ পোষ্টটো আছিল এনেধৰণৰ- "এই আশ্চৰ্যকৰ অভিজ্ঞতাৰ বাবে এয়াৰ ইণ্ডিয়াক ধন্যবাদ । আপোনালোকৰ কৰ্মচাৰীসকলে আমাৰ বেগবোৰ এনেদৰে ব্যৱহাৰ কৰে । কানাডাৰ পৰা ভাৰতলৈ আহি দিল্লীত অৱতৰণ কৰাৰ পিছতহে মই মোৰ বেগটো ভঙা দেখিছিলো" ৷

খেলুৱৈগৰাকীৰ এই পোষ্টৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনাই বিমান পৰিবহণ কোম্পানীটোৱে অসুবিধাৰ বাবে ক্ষমা বিচাৰে ৷ তদুপৰি কোম্পানীটোৱে ৰাণী ৰামপালৰ টিকটৰ বিৱৰণ আৰু বেগ টেগ নম্বৰসহ সমস্ত তথ্য বিচাৰে ৷ ৰাণীয়ে তেতিয়া আশা কৰিছিল যে, সমস্যাটো সমাধান কৰিবলৈ সঠিক ব্যৱস্থা লোৱা হ'ব । আন কেইবাজনো ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যমত এয়াৰ ইণ্ডিয়াৰ বিষয়ে একেটা অভিযোগেই উত্থাপন কৰিছিল ।

ৰাণী ৰামপাল ভাৰতীয় মহিলা হকী দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য ৷ তেওঁৰ অধিনায়কত্বত ভাৰতে 2018 চনৰ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰে ৷ তদুপৰি একেটা অনুষ্ঠানতে ধ্বজাবাহকৰ ভূমিকাও গ্ৰহণ কৰিছিল ৰাণী ৰামপালে ৷

29 বছৰীয়া যুৱতীগৰাকীয়ে 2020 ৰ টকিঅ’ অলিম্পিকত আটাইতকৈ সফল অধিনায়ক হিচাপে কাৰ্যকাল অতিবাহিত কৰিছিল ৷ সেই সময়ত দলটোৱে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেলত উপনীত হৈছিল ।

লগতে পঢ়ক: কি ৰণনীতিৰে টি 20 বিশ্বকাপত খিতাপ দখল কৰিছিল টীম ইণ্ডিয়াই; অধিনায়কে ৰাজহুৱা কৰিলে এই গোপন সত্য - ROHIT SHARMA ON WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.