অসম

assam

ETV Bharat / sports

বেকফুটত বি চি চি আই ! চেম্পিয়নছ ট্ৰফীৰ সন্দৰ্ভত পাকিস্তানে লাভ কৰিলে এইখন দেশৰ সমৰ্থন - CHAMPIONS TROPHY 2025

ECB Backs PCB: চেম্পিয়নছ ট্ৰফী 2025 সন্দৰ্ভত পাকিস্তানৰ সমৰ্থনত ওলাই আহিছে এখন দেশ । যাৰ বাবে বেকফুটত পৰা দেখা গৈছে বি চি চি আইক ৷

CHAMPIONS TROPHY 2025
চেম্পিয়নছ ট্ৰফী 2025 (IANS Photo)

By ETV Bharat Sports Team

Published : Nov 17, 2024, 7:01 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ওচৰত (বি চি চি আই) আঁঠু কাঢ়িবলৈ বাধ্য হৈছে পাকিস্তান ক্ৰিকেট ব'ৰ্ড (পি চি বি) । চেম্পিয়নছ ট্ৰফী 2025 আয়োজনৰ আশা যেন ক্ৰমাৎ পাকিস্তানৰ পৰা দিনকদিনে আঁতৰি গৈছে ৷

বি চি চি আইয়ে 8 টা দলৰ টুৰ্ণামেণ্টৰ বাবে টীম ইণ্ডিয়াক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্তৰ পিছত পি চি বি অসহায় হৈ পৰিছে । ব’ৰ্ডখনে এই সন্দৰ্ভত আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আই চি চি) কাষ চাপিছিল যদিও লাভ কৰা নাছিল কোনো সুফল ৷

আই চি চিয়ে চেম্পিয়নছ ট্ৰফী ভ্ৰমণত কৰে সালসলনি

শনিবাৰে বি চি চি আইয়ে আপত্তি কৰাৰ পিছত আই চি চিয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে পি চি বি-ৰ "ট্ৰফী পৰিভ্ৰমণ" কাৰ্যসূচীৰ সালসলনি ঘটায় ৷ ট্ৰফীটো পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ’ কে) ৰ কেইখনমান চহৰলৈ এতিয়া আৰু নিয়া নহ’ব ।

বি চি চি আই বা আই চি চি-ৰ পৰা একো ইতিবাচক সঁহাৰি নোপোৱাৰ বাবে পি চি বি-য়ে এতিয়া ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ পৰা সহায় লোৱাৰ সিদ্ধান্ত লৈছে ।

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ সমৰ্থন লাভ পি চি বিৰ

পি চি বি-ৰ মুৰব্বী মহছিন নকভি আৰু চি অ' অ' ছলমান নাছিৰে লণ্ডনত ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ (ই চি বি) অধ্যক্ষ ৰিচাৰ্ড থম্পছনক সাক্ষাৎ কৰি আই চি চি চেম্পিয়নছ ট্ৰফী 2025 ৰ বিষয়ে আলোচনা কৰিছিল ৷ পি চি বিৰ মতে, বৈঠকখন তেওঁলোকৰ পক্ষত আছিল আৰু তেওঁলোকে থম্পছনৰ বক্তব্যৰ উদ্ধৃতি দিছিল ৷ য'ত তেওঁ কৈছিল, "ইংলেণ্ডৰ শেহতীয়া পাকিস্তান ভ্ৰমণ অতি আকৰ্ষণীয় আছিল । চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানৰ সৈতে আমাৰ শুভেচ্ছা" ৷

পাকিস্তান চেম্পিয়নছ ট্ৰফী আয়োজন কৰিবলৈ সাজু

পি চি বি-ৰ মুৰব্বী মহছিন নকভিয়ে তেওঁৰ ইংলেণ্ডৰ সমকক্ষক আশ্বাস দিছিল যে, সকলোবোৰ সঠিক দিশত আছে । তেওঁলোকৰ স্থানসমূহ সাজু কৰা হ'ব, নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হ'ব আৰু ভ্ৰমণকাৰী দলবোৰে অনুদান লাভ কৰিব ।

মহছিন নকভিয়ে কয় যে, "পাকিস্তানে চেম্পিয়নছ ট্ৰফী আয়োজন কৰিবলৈ সাজু । ষ্টেডিয়ামবোৰ উন্নীত কৰা হৈছে । চেম্পিয়নছ ট্ৰফীৰ বাবে প্ৰতিটো স্তৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আগন্তুক দলবোৰক ৰাজ্যিক অতিথি প্ৰট’ক’ল প্ৰদান কৰা হ'ব" ।

লগতে পঢ়ক:চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানৰ ৰাজপথত মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড

ABOUT THE AUTHOR

...view details