অসম

assam

ETV Bharat / sports

খেলি থকাৰ মাজতে ঢলি পৰি মৃত্যুক সাৱটিলে ভাৰতীয় ক্ৰিকেটাৰে; ক্ৰিকেট জগতত শোক - CRICKETER IMRAN PATEL DIED

player died in live cricket match: খেলপথাৰতে আকস্মিক মৃত্যুক সাৱটিলে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ৷ অনুৰাগীৰ মাজত শোকৰ বন্যা ৷

CRICKETER IMRAN PATEL DIED
প্ৰতিনিধিত্বমূলক ফটো (Getty Images)

By ETV Bharat Sports Team

Published : Nov 29, 2024, 1:06 PM IST

স্প’ৰ্টছ ডেস্ক:বৰ্তমান সময়ৰ ব্যস্ততাপূৰ্ণ জীৱনত কেতিয়া কি ঘটে, ক’ব নোৱাৰি । বিশেষকৈ মানৱ জীৱনৰ নিশ্চয়তা দিয়াটো কাৰো পক্ষেই সম্ভৱ নহয় । ইয়াৰ চাক্ষুস দৃশ্য পৰিলক্ষিত হয় ছত্ৰপতি শম্ভাজীনগৰৰ ক্ৰিকেট খেলপথাৰত ।

চহৰখনৰ গাৰৱেৰ ক্ৰিকেট খেলপথাৰত খেলৰ সময়ত বেটিং কৰি থকা অৱস্থাতে আকস্মিকভাৱে ঢলি পৰে অলৰাউণ্ডাৰ ইমৰাণ পেটেল । ক্ৰিকেটাৰগৰাকীয়ে ঢলি পৰাৰ পিছতে খেলপথাৰত লাগে হুলস্থূল ৷

এই ঘটনাটোৱে জিলাখনৰ অধিকাংশ ক্ৰিকেটপ্ৰেমীক স্তম্ভিত কৰি তোলে ৷ সদায় হাঁহি হাঁহি খেলা আৰু নিজৰ খেলেৰে সকলোৰে হৃদয় জয় কৰা এজন খেলুৱৈৰ মৃত্যুত সকলোৱে শোকপ্ৰকাশ কৰে ৷

খেলৰ সময়ত খেলপথাৰত ঢলি পৰে ইমৰাণ

স্থানীয় বহু মেচত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়োৱা ইমৰাণ পেটেলে ক্ৰিকেট খেলপথাৰতে জীৱন নাটৰ যৱনিকা পেলায় ৷ বুধবাৰে সন্ধিয়া এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ প্ৰদৰ্শনৰে উপস্থিত দৰ্শকৰ মন জয় কৰিছিল খেলুৱৈগৰাকীয়ে ৷

খেলি থকা অৱস্থাত এটা চাৰি কোবোৱাৰ পিছত শ্বাস-প্ৰশ্বাসত বাধা পাইছিল ইমৰাণে ৷ তাৰপিছতে খেলুৱৈগৰাকীয়ে আম্পায়াৰক ঔষধ সেৱন কৰিব লাগিব বুলি কৈ পেভিলিয়নৰ দিশে যাবলৈ ধৰোতেই আকস্মিকভাৱে ঢলি পৰে ৷

ইমৰাণ পেটেল (ETV Bharat)

খেলুৱৈগৰাকী ঢলি পৰাৰ লগে লগে বিষয়ববীয়াকে ধৰি খেলখনৰ আয়োজকসকল তাত উপস্থিত হৈ ইমৰাণক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷ পিছে দুৰ্ভাগ্যজনকভাৱে খেলুৱৈগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে ৷

এজন অলৰাউণ্ডাৰৰ আকস্মিক মৃত্যু

গাৰৱেৰ খেলপথাৰত চলি থকা মেচখনত চহৰখনৰ পৌৰ আয়ুক্ত জি শ্ৰীকান্তো উপস্থিত আছিল । ইমৰানক খেলপথাৰত ঢলি পৰা দেখি তেওঁ লগে লগে এখন স্থানীয় ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে ৷

সেই সময় সন্ধিয়াৰ সময় হোৱা হেতুকে ৰাস্তাত ব্যাপক যান-জঁট আছিল ৷ যাৰ বাবে আয়ুক্তগৰাকীয়ে তেওঁৰ বিভাগীয় বাহনখনৰে খেলুৱৈগৰাকীক চিকিৎসালয়লৈ নিবলৈ দিয়ে ৷ কিন্তু চিকিৎসকে খেলুৱৈগৰাকীক মৃত ঘোষণা কৰে ।

মৃত ইমৰাণ পেটেল আছিল এজন অলৰাউণ্ডাৰ । বেটছমেনৰ পৰা ৰাণৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰিও বলিঙতো তেওঁ ভাল প্ৰদৰ্শন কৰিছিল । সেয়েহে স্থানীয় পৰ্যায়ত তেওঁৰ বহু অনুৰাগী আছিল । খেলুৱৈগৰাকীৰ মৃত্যুৰ খবৰ শুনাৰ পিছত সামাজিক মাধ্যমৰ জৰিয়তে অধিকাংশ অনুৰাগীয়ে শোকপ্ৰকাশ কৰে ৷

পৰৱৰ্তী সময়ত আজাদ মহাবিদ্যালয়ৰ কাষতে থকা পেচিফিক হাস্পতালৰ সমীপৰ কবৰস্থানত ইমৰাণক সমাধিস্থ কৰা হয় । মৃত্যুৰ সময়ত ইমৰাণে মাতৃ, পত্নী আৰু তিনিগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক:মাত্ৰ 42 ৰাণতে ছন্দপতন শ্ৰীলংকাৰ; শূন্যত পেভিলিয়নমুখী পাঁচ বেটছমেন

ABOUT THE AUTHOR

...view details