অসম

assam

অষ্ট্ৰেলিয়ান হকী তাৰকাই পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ কাটিলে আঙুলি - Paris Olympics 2024

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:35 PM IST

Hockey player Matt Dawson : পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ অষ্ট্ৰেলিয়ান হকী খেলুৱৈয়ে গ্ৰহণ কৰিলে এক সাহসিক সিদ্ধান্ত ।

Matt dawson sacrifies finger for Paris Olympics 2024
অষ্ট্ৰেলিয়ান হকী খেলুৱৈ মেট ডছন (Getty Images)

স্প'ৰ্টছ ডেস্ক,২০ জুলাই: অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ প্ৰতিগৰাকী খেলুৱৈয়ে দেখে সপোন । প্ৰতিবাৰ অলিম্পিক গেমছতেই খেলুৱৈসকলে ৰচনা কৰে কিছুমান অনুপ্ৰেৰণাদায়ক কাহিনী । এইবাৰ পেৰিচত অনুষ্ঠিত হ'ব বিশ্ব ক্ৰীড়াংগণৰ মহাৰণ । এই মহাৰণ আৰম্ভ হোৱাৰ পূৰ্বেই চৰ্চালৈ আহিছে এগৰাকী অষ্ট্ৰেলিয়ান হকী খেলুৱৈৰ নাম । অষ্ট্ৰেলিয়াৰ হকী তাৰকা মেট ডছনে অহা ২৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ তেওঁৰ আঙুলিৰ এটা অংশ কাটি পেলাইছে ।

টকিঅ' গেমছত ৰূপৰ পদক অৰ্জন কৰা ৩০ বছৰীয়া হকী তাৰকাগৰাকীয়ে এই সপ্তাহত এক কঠিন লয় । এই খেলুৱৈগৰাকীয়ে এক সাহসী পদক্ষেপ গ্ৰহণ কৰি বিশ্ববাসীক দেখুৱাই দিলে তেওঁৰ খেলৰ প্ৰতি থকা দায়বদ্ধতা তথা খেলুৱৈসুলভ মানসিকতা ।

মেট ডছনে তেওঁৰ সোঁহাতৰ অনামিকা আঙুলিত পোৱা আঘাতৰ বাবে পেৰিছ অলিম্পিকত অংশগ্ৰহণত অনিশ্চয়তাই দেখা দিয়ে । ডছনৰ এই আঙুলিটো ভাঙি যোৱাৰ পিচত তেওঁৰ দুটা বিকল্প আছিল, এটা আঙুলিটো স্বাভাৱিকভাৱে আৰোগ্য হ'বলৈ দিয়া যিটো এতিয়াও পেৰিছ গেমছত তেওঁৰ অংশগ্ৰহণৰ বিষয়ে অনিশ্চিত হ'ব । আনটো হৈছে আঙুলিৰ সেই অংশটো কাটি পেলোৱা আৰু নিশ্চিতভাৱে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা । ডছনে দ্বিতীয়টো বিকল্প গ্ৰহণ কৰি এই প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁৰ উৎসাহ প্ৰদৰ্শন কৰে ।

তেওঁ অষ্ট্ৰেলিয়াৰ সম্প্ৰচাৰক ছেভেন নেটৱৰ্কক কয়,"সিদ্ধান্ত ল'বলৈ মোৰ ওচৰত বেছি সময় নাছিল । মই সিদ্ধান্ত লৈছিলো আৰু তাৰ পিচত মোৰ পত্নীক ফোন কৰিছিলো । কিন্তু পত্নীয়ে বিচৰা নাছিল মই খৰখেদাকৈ সিদ্ধান্ত লোৱাটো ।" মেট ডছনে কয় "কিন্তু মই ভাবো যে কেৱল পেৰিছত খেলিবলৈ নহয়, তাৰ পিচত জীৱনৰ বাবে আৰু নিজকে সৰ্বশ্ৰেষ্ঠ স্বাস্থ্য প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছিল ।"

উল্লেখ্য় যে পুৰুষ হকীৰ অন্যতম শক্তিশালী দল অষ্ট্ৰেলিয়াই যোৱা সংস্কৰণৰ পৰা তেওঁলোকৰ প্ৰদৰ্শন উন্নত কৰিবলৈ চেষ্টা চলাই আহিছে আৰু বিগত অলিম্পিকত দলটোৱে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । অষ্ট্ৰেলিয়াৰ পুৰুষ দলটো বিশ্বক্ৰমৰ চতুৰ্থ স্থানত আছে । অষ্ট্ৰেলিয়াই অহা ২৭ জুলাইত আৰ্জেণ্টিনাৰ বিৰুদ্ধে এখন খেলত অংশগ্ৰহণ কৰি অলিম্পিকত অভিযান আৰম্ভ কৰিব ।

লগতে পঢ়ক:পেৰিছ অলিম্পিক: আৰ্চাৰীৰ ইতিহাস, ভাৰতৰ ট্ৰেক ৰেকৰ্ড আৰু বহুতো... - Paris Olympics 2024

পেৰিছ অলিম্পিক : জানক ড'পিং কি, WADAৰ দ্বাৰা নিষিদ্ধ কৰা পদাৰ্থ আৰু চাঞ্চল্যকৰ ড'পিং কেলেংকাৰী - OLYMPICS 2024

ABOUT THE AUTHOR

...view details