অসম

assam

ETV Bharat / sports

ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতাত অসমলৈ 40 টা পদক - NATIONAL PENCHAK SILAT COMPETITION

Penchak Silat Competition 2024: কাশ্মীৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতাত অসম দলৰ সাফল্য ৷ লাভ কৰিলে 40 টাকৈ পদক ৷

National Penchak Silat Competition
ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা 2024 (Gagan Badosa)

By ETV Bharat Sports Team

Published : Nov 23, 2024, 6:53 PM IST

স্প’ৰ্টছ ডেস্ক:ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰেছনৰ উদ্যোগত কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইন্দোৰ ষ্টেডিয়ামত 16 ৰ পৰা 22 নৱেম্বৰৰলৈকে সাতদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা 2024 ৰ শুকুৰবাৰে সামৰণি পৰে ।

উক্ত প্ৰতিযোগিতাত অসমৰ 22 গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰিয়েটিভ ছ'ল' বিভাগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 17 টা সোণ, 15 টা ৰূপ আৰু 8 টা ব্ৰঞ্জৰ পদকসহ মুঠ 40 টা পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে ।

ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা (Gagan Badosa)

দেশৰ 36 খন ৰাজ্যৰ মুঠ 1256 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেন্‌চাক চিলাট প্ৰতিযোগিতাত অসমৰ হৈ গোলাঘাটৰ অচ্যুমান বৰচেতিয়াই দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক, অনন্যা শইকীয়াই দুটা সোণ, এটা ৰূপ, বদ্ৰীয়া গগৈয়ে তিনিটাকৈ সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জ, অচ্যুত বড়োৱে দুটা ৰূপ, প্ৰেৰণা হাজৰিকাই এটা সোণ, ৰিম্পী গগৈয়ে দুটা সোণ আৰু এটা ব্ৰঞ্জ, মণিকা বড়োৱে এটা ব্ৰঞ্জ, প্ৰিঞ্চজ্যোতি চুতীয়াই দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

40 টা পদক লাভ অসমৰ (Gagan Badosa)

আনহাতে, তিতাবৰৰ ৰিটিচা শইকীয়াই দুটা সোণ, উদীপ্ত হাজৰিকাই দুটাকৈ ৰূপ, ৰাজ দাসে এটা ৰূপ, বৈষ্ণৱী কছাৰীয়ে এটা ৰূপ আৰু এটা ব্ৰঞ্জ, গোৱালপাৰাৰ দিবাকৰ ৰাভাই সোণ, ওদালগুৰিৰ জেউতি বড়োৱে সোণ, ধেমাজিৰ লিজা চুতীয়াই সোণ, মহন কলিতাই এটা সোণ আৰু এটা ৰূপ, নাৰায়ণ বিশ্বকৰ্মাই সোণ, কৃষ্ণকান্ত টায়ে ৰূপ, বিঞ্জুমায়া ছেত্ৰীয়ে ৰূপ আৰু তনজ্যোতি সোণোৱালে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:বিশ্বৰ সৰ্বাধিক দামী ষ্টেডিয়াম কোনখন ? যাৰ মূল্য নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতকৈ দহ গুণ বেছি

ABOUT THE AUTHOR

...view details