মৰাণ, 21 ছেপ্টেম্বৰ:অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে অসম অলিম্পিক সন্থাই । এই সন্থা গঠন হোৱাৰ দিনৰে পৰা অনুষ্ঠিত হৈ আহিছে নিৰ্বাচন ৷ য’ৰ পৰা বাছি উলিওৱা হয় অসম অলিম্পিক সন্থাৰ সমিতিৰ বিষয়ববীয়াসকল ৷
পূৰ্বৰ দৰে এইবাৰো অসম অলিম্পিক সন্থাৰ নতুন সমিতি গঠনৰ বাবে 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব বাৰ্ষিক সাধাৰণ অধিৱেশন । একেটা দিনতে ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ 2024-28 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখনো অনুষ্ঠিত হ'ব ।
ইতিমধ্যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা । সেই অনুসৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, যুটীয়া সম্পাদক আৰু কাৰ্যনিৰ্বাহক পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ।
ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া অসম অলিম্পিক সন্থাৰ নিৰ্বাচনক সন্দৰ্ভত শুকুৰবাৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই সম্বোধন কৰে এক সংবাদমেল ৷ জিলা ক্ৰীড়া সন্থাৰ সভাপতি কামাখ্যা শইকীয়া, সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াৰ লগতে অন্যান্য ব্যক্তিসকল উপস্থিত থাকে এই সংবাদমেলত ।
সংবাদমেলখন সম্বোধন কৰি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই সদৰী কৰে যে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ অধিৱেশনখনৰ বাবে পূৰ্ণগতিৰে চলোৱা হৈছে প্ৰস্তুতি । এই অধিৱেশনতে অসম অলিম্পিক সন্থাৰ বহু গুৰুত্বপূৰ্ণ পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ।