কলকাতা : কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টি-২০ খেলত ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে । এই খেলখনত ইংলেণ্ডে প্ৰথমে বেটিং কৰে আৰু ২০ অভাৰত ১০ টা উইকেট হেৰুৱাই ১৩২ ৰাণ সংগ্ৰহ কৰে ।
ভাৰতীয় দলে ১২.৫ অভাৰতে ১৩৩ ৰাণৰ লক্ষ্যত উপনীত হয় । বাকী থকা বলৰ ক্ষেত্ৰত আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ এয়া সৰ্ববৃহৎ জয় ।
Abhishek Sharma's explosive knock outclassed England in the T20I series opener in Kolkata 💥#INDvENG 📝: https://t.co/9nrI1DaGqi pic.twitter.com/aLigXoyyaN
— ICC (@ICC) January 22, 2025
- ৭ উইকেটত পৰাস্ত ইংলেণ্ড
সঞ্জু চেমছন আৰু অভিষেক শৰ্মাই এই খেলখনত ভাৰতৰ হৈ ইনিংছ আৰম্ভ কৰে । ৪.২ অভাৰত দুয়োগৰাকী বেটছমেনে ৪১ ৰাণ সংগ্ৰহ কৰে । তাৰ পিছতে ভাৰতে সঞ্জুৰ উইকেট হেৰুৱায় । সঞ্জুক জোফ্ৰা আৰ্চাৰে ২৬ ৰাণত আউট কৰিবলৈ সক্ষম হয় ।
Abhishek Sharma weaving magic and how! 🪄
— BCCI (@BCCI) January 22, 2025
Follow The Match ▶️ https://t.co/4jwTIC5zzs #TeamIndia | #INDvENG | @IamAbhiSharma4 | @IDFCFIRSTBank pic.twitter.com/5xhtG6IN1F
৪ টা চাৰি আৰু ১ টা ছিক্সাৰৰ জৰিয়তে ১৩০ ষ্ট্ৰাইক ৰেটত সঞ্জুৱে ২০ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰে । ইফালে ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে শূন্য ৰাণতে আউট হয় । সূৰ্যকুমাৰ যাদৱৰ উইকেটো জোফ্ৰা আৰ্চাৰে ল'বলৈ সক্ষম হয় ।
𝗔 𝗱𝗼𝗺𝗶𝗻𝗮𝘁𝗶𝗻𝗴 𝘀𝗵𝗼𝘄 𝗮𝘁 𝘁𝗵𝗲 𝗘𝗱𝗲𝗻 𝗚𝗮𝗿𝗱𝗲𝗻𝘀! 💪 💪#TeamIndia off to a flying start in the T20I series, sealing a 7⃣-wicket win! 👏 👏
— BCCI (@BCCI) January 22, 2025
Follow The Match ▶️ https://t.co/4jwTIC5zzs#INDvENG | @IDFCFIRSTBank pic.twitter.com/hoUcLWCEIP
তাৰ পিছত অভিষেক শৰ্মাই তেওঁৰ আক্ৰমণাত্মক দৃষ্টিভংগীৰে খেলিবলৈ আৰম্ভ কৰে । তেওঁ তিলক বৰ্মাৰ সৈতে তৃতীয় উইকেটৰ বাবে ৯০ ৰাণ সংগ্ৰহ কৰে । অভিষেক শৰ্মাই ৩৩ টা বলত ২৩২.৩৫ৰ ষ্ট্ৰাইক ৰেটত ৫ টা চাৰি আৰু ৮ টা ছিক্সাৰৰ সৈতে ৭৯ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে ।
Varun Chakaravarthy scalped 3⃣ wickets & bagged the Player of the Match Award! 👌 👌
— BCCI (@BCCI) January 22, 2025
Scorecard ▶️ https://t.co/4jwTIC5zzs#TeamIndia | #INDvENG | @IDFCFIRSTBank pic.twitter.com/QqqC6Sz1e1
অভিষেকৰ আউটৰ পিছত ভাৰতৰ হৈ তিলক বৰ্মাই ১৯ ৰাণ আৰু হাৰ্দিক পাণ্ডিয়াই ৩ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ লগে লগে ভাৰতে ৭ উইকেটত বিজয় সুৰক্ষিত কৰিবলৈ সক্ষম হয় ।
- ইংলেণ্ডৰ বাটলাৰৰ সৰ্বাধিক ৰাণ সংগ্ৰহ
খেলখনত ইংলেণ্ডৰ অধিনায়ক জছ বাটলাৰে অৰ্ধশতক অৰ্জন কৰে । তেওঁ দলটোৰ হৈ সৰ্বাধিক ৰাণ কৰে । বাটলাৰে ৪২ টা বলত ৬৮ ৰাণৰ ইনিংছ খেলে । ইফালে ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে ৪ অভাৰত ২৩ ৰাণত ৩ টা উইকেট দখল কৰি প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰে ।
Battling hard to get us to a defendable total 👊
— England Cricket (@englandcricket) January 22, 2025
Another captain's knock from Jos 👏 pic.twitter.com/RjSTqLreQK
আৰ্শদীপ সিঙে ৪ অভাৰত ১৭ ৰাণত ২ টা উইকেট, অক্সৰ পেটেলে ৪ অভাৰত ২২ ৰাণত ২ টা উইকেট দখল কৰে আৰু হাৰ্দিক পাণ্ডিয়াই ৪ অভাৰত ৪২ ৰাণত ২ টা উইকেট দখল কৰে ।