স্প’ৰ্টছ ডেস্ক:ক্ৰীড়াক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাৱান খেলুৱৈসকলে ।
যাৰ বাবে অসমত গঢ়ি উঠিছে ক্ৰীড়াৰ এক সুন্দৰ পৰিবেশ । এই পৰিৱেশ গঢ়াত ডিব্ৰুগড় জিলাৰ খেলুৱৈসকলোৰে আছে বহুখিনি অৱদান । জিলাখনৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াক্ষেত্ৰত নিজৰ নাম উজলাবলৈ সক্ষম হোৱাত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ৷
তেনে এক পৰিৱেশৰ মাজতে অসমলৈ সুখবৰ আহিছে 38 সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ পৰা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম দলে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ 29 নৱেম্বৰৰ পৰা হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম দলৰ হৈ তিনিটা স্বৰ্ণপদক, দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদকৰে গৌৰৱ কঢ়িয়াই আনিছে মৰাণৰ ছয়গৰাকী খেলুৱৈয়ে ৷
মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ অধীনষ্ঠ ইনচেন টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থীসকল ক্ৰমে- ছায়ামণি গগৈ, চোৱেইব আশ্ৰাফ হুছেইন আৰু ইনচুমা তামাঙে প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰে ৷ আনহাতে, সমীৰণ গগৈ আৰু ত্ৰিধন্যা বৰাই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে হিমাংগী তামাঙে ব্ৰঞ্জৰ পদক লাভ কৰে ৷