হায়দৰাবাদঃভদ্ৰলোকৰ খেল হিচাপে আত্মপ্ৰকাশ কৰা ক্ৰিকেট এনে এক ক্ৰীড়া যিয়ে ইয়াৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈ বহু পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছে আৰু সাম্প্ৰতিক সময়ত এক বেটছমেন অনুকূল খেল হিচাপে পৰিগণিত হৈছে। আজিকালি বেটছমেনে পাৰ্কৰ বাহিৰত বল মাৰি পঠিওৱাটো ক্ৰিকেট অনুৰাগীৰ বাবে তেনেই সাধাৰণ দৃশ্য। এতিয়া বেটছমেনসকলে পূৰ্বতকৈ অধিক আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰাৰ লগে লগে নিয়মীয়াকৈ খেলবোৰত উচ্চ স্ক’ৰ কৰাটো এটা স্বাভাৱিক ঘটনা ।
অৱশ্যে আজিও ২২ গজৰ খেলখনত বেটছমেনৰ দৰেই বলাৰৰ গুৰুত্ব সিমানেই ৷ কাৰণ খেল এখন জিকোৱাৰ ক্ষেত্ৰত বলাৰসকলেই অধিক কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে ৷ প্ৰয়োজনৰ সময়ত বলাৰেই নিজৰ বলিং দক্ষতাৰে বেটছমেনৰ উইকেট লোৱাৰ বাহিৰেও ৰানৰ গতিকো বাধা দিয়ে। কেতিয়াবা, তেওঁলোকে এটাও ৰান নিদিয়াকৈয়ে নিজৰ অভাৰ বল কৰে। যাক ক্ৰিকেটৰ ভাষাত মেডেন অভাৰ কোৱা হয় ৷ আজি আমি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ইতিহাসত সকলো ফৰ্মেটতে সৰ্বাধিক মেডেন অভাৰ বল কৰা বলাৰসকলৰ কথা ক’বলৈ আগবাঢ়িছোঁ।
মুথাইয়া মুৰলীধৰণ
শ্ৰীলংকাৰ প্ৰাক্তন স্পিনাৰ মুথাইয়া মুৰলীধৰণ যিকোনো প্ৰকাৰৰ ক্ৰিকেটৰ পিটচৰ পৰা ব্যাপক টাৰ্ণ আদায় কৰিব পৰা ক্ষমতাৰ বাবে জনাজাত ৷ নিজৰ স্পীনৰ যাদুৰে বিশ্বৰ শ্ৰেষ্ঠ বেটছমেনকো অসুবিধাত পেলোৱাৰ বাবে পৰিচিত আছিল দ্বীপৰাষ্ট্ৰৰ খেলুৱৈজন ৷ টেষ্টত ১৭৯৪টা আৰু এদিনীয়াত ১৯৮টা মেডেন অভাৰ বলিং কৰি দুয়োটা ফৰ্মেটতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে মুৰলীধৰণে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সংক্ষিপ্ত ফৰ্মেটত ১২খন মেচ খেলিলেও টি-২০ ক্ৰিকেটত তেওঁৰ কোনো মেডেন অভাৰ নাই। তেওঁ ৪৫৯খন আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ১৯৯২টা মেডেন অভাৰ বলিং কৰি এই তালিকাৰ শীৰ্ষত আছে ।
শ্বেন ৱাৰ্ণ
এই তালিকাৰ দ্বিতীয় স্থানত আছে কিংবদন্তি স্পীনাৰ শ্বেন ৱাৰ্ণ ৷ অষ্ট্ৰেলিয়াৰ প্ৰয়াত লেগ স্পিনাৰজনে সকলো ফৰ্মেটতে দ্বিতীয় সৰ্বাধিক মেডেন অভাৰ বলিং কৰিছে । ৱাৰ্ণে ১৭৫খন টেষ্টত ১৭১৬টা আৰু ১৯৪খন এদিনীয়াত ১১০টা মেডেন অভাৰ বলিং কৰিছে। অষ্ট্ৰেলিয়াৰ এই মহান স্পিনাৰগৰাকীয়ে ৩২৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ১৮১৭টা মেডেন অভাৰ বলিং কৰিছে।