ETV Bharat / state

মুখ্যমন্ত্ৰীৰ টুইট: দীপৰ বিলত চৰকাৰে নিৰ্মাণ কৰিব চাইকেল পথ - CYCLING TRACK AT DEEPOR BEEL

দীপৰ বিলৰ প্ৰতি পুনৰ এক প্ৰত্যাহ্বান ৷ পক্ষীৰ সংখ্যা হ্ৰাস পোৱা দীপৰ বিলত চৰকাৰে নিৰ্মাণ কৰিব চাইকেল পথ ৷

Assam only Ramsar site Deepar Beel
দীপৰ বিলত চৰকাৰে নিৰ্মাণ কৰিব চাইকেল পথ (@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 5:54 PM IST

গুৱাহাটী : পক্ষীৰ ৰম্যভূমি হিচাপে বিশ্ববিখ্যাত দীপৰ বিলৰ প্ৰতি পুনৰ এক প্ৰত্যাহ্বান নামি আহিছে । দীপৰ বিলত পক্ষীৰ সংখ্যা প্ৰতিবছৰে ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ সময়তে দীপৰ বিলৰ কাষেৰে ৰে’ল আলি নিৰ্মাণৰ পিছত এইবাৰ অসম চৰকাৰে দীপৰ বিলত চাইকেল পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে সদৰী কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, ইতিমধ্যে অসম চৰকাৰে দীপৰ বিলত চাইকেল পথ নিৰ্মাণৰ নক্সা প্ৰস্তুত কৰিছে । এই সন্দৰ্ভত এই নক্সাৰ ভিডিঅ' অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে সদৰী কৰিছে । তেওঁ দীপৰ বিলত চাইকেল পথ নিৰ্মাণৰ নক্সাৰ ভিডিঅ'টো ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি কয়, ‘‘গুৱাহাটীবাসীৰ বাবে দীপৰ বিলৰ পাৰত শীঘ্ৰেই এটা সুৰক্ষিত পথচাৰী আৰু চাইকেল চালকৰ পথ উপলব্ধ হ’ব৷ এই স্থানটো উত্তম অৱসৰ আৰু জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব ।’’

ইফালে চৰকাৰৰ এই সিদ্ধান্তই দীপৰ বিলক ধ্বংসৰ মুখলৈ লৈ যাব বুলি ছ’চিয়েল মিডিয়াত একাংশই অভিযোগ তুলিছে । এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই ই টিভি ভাৰতক কয়, ‘‘চৰকাৰে দীপৰ বিলত এই চাইকেল পথ কিদৰে নিৰ্মাণ কৰে তাৰ ওপৰত দীপৰ বিলৰ ভৱিষ্যত নিৰ্ভৰ কৰিব । চৰকাৰে এতিয়ালৈকে দীপৰ‌ বিলৰ চাৰিসীমা নিৰ্ধাৰণ কৰা নাই । ২০০২ চনৰ পৰা দীপৰ‌ বিলৰ চাৰিসীমা নিৰ্ধাৰণ কৰা‌ হ'ব বুলি চৰকাৰৰ তৰফৰ কৈ থকা হৈছে যদিও আজিলৈকে এতিয়ালৈকে দীপৰ‌ বিলৰ চাৰিসীমা নিৰ্ধাৰণ কৰা নাই ।’’

তেওঁ কয়, ‘‘দীপৰ বিলটোৰ ঠায়ে ঠায়ে মাটি পেলায় পুঁতি পেলাই, এই চাইকেল পথ নিৰ্মাণ কৰিলে দীপৰ বিলৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব । এই ক্ষেত্ৰত চৰকাৰে কি দৰে আগবাঢ়ে তাৰ ওপৰত সকলো‌ কথা নিৰ্ভৰ কৰিব ।’’‌

Assam only Ramsar site Deepar Beel
দীপৰ বিলত চৰকাৰে নিৰ্মাণ কৰিব চাইকেল পথ (@himantabiswa)

ইপিনে এই সন্দৰ্ভত বিশিষ্ট প্ৰকৃতিবিদ তথা অসমৰ পক্ষী মানৱ বুলি জনাজাত আনোৱাৰুদ্দিন চৌধুৰীয়ে কয়, ‘‘চৰকাৰৰ এই পদক্ষেপ পৰিৱেশ অনুকুল‌ হ’ব লাগিব নহ'লে বিলখনৰ প্ৰতি বিৰূপ প্ৰভাৱ পৰিব ।’’

তেওঁ কয়, ‘‘বিলখনৰ পাৰে পাৰে বিলখনৰ ভিতৰত কোনো ক্ষতি নকৰাকৈ এই পথ নিৰ্মাণ কৰিলে অসুবিধা নহ'ব । কিন্তু বিলখনৰ চাৰিওফাল সামৰি এই পথ নিৰ্মাণ কৰিলে বিলখনৰ প্ৰতি ভাবুকি‌ আহিব পাৰে । বিলখনলৈ যিহেতু হাতীৰ আগমন হয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই পথ নিৰ্মাণ কৰিব লাগিব । এটা পৰিৱেশ অধ্যয়ন কৰি বিলখনৰ আৰু বিলখনলৈ অহা জীৱকুলৰ সকলো সুৰক্ষা দিশ চাই এই পথ নিৰ্মাণ কৰা উচিত হ'ব ।’’

উল্লেখ্য যে, যোৱা‌ বছৰ দীপৰ বিলত পৰিভ্ৰমী চৰাই হ্ৰাস পোৱাৰ পিছত এইবাৰো পৰিভ্ৰমী চৰাই দীপৰ বিলত আগমণ হ্ৰাস পাইছে । পক্ষীৰ ৰম্যভূমি হিচাপে বিশ্ববিখ্যাত দীপৰ বিলত যোৱা বছৰ উদ্বেগকজনকভাৱে দেশী-বিদেশী পক্ষীৰ আগমণ হ্ৰাস পাইছিল । তাৰ পিছতেই বহুতৰে মনত উদ্বেগ সৃষ্টি হৈছিল যে দীপৰ বিলে ‘‘ৰামছাৰ ক্ষেত্ৰ’’ ৰূপে স্বীকৃতিৰ পৰা‌ বাদ পৰিব বুলি ।

যোৱা ২০২৩ চনত দীপৰ বিলত প্ৰায় ২৮০০০ দেশী-বিদেশী পক্ষীৰ আগমণ হৈছিল । যোৱা ২০২৪ চধত মাত্ৰ ১১০০০ দেশী-বিদেশী পক্ষীৰ আগমণ হৈছিল । যোৱা বছৰৰ যি হাৰত দীপৰ বিলত পক্ষীৰ আগমণ উদ্বেগজনকভাবে হ্ৰাস পাইছিল,‌ তাৰ পৰা দীপৰ বিলে ‘‘ৰামছাৰ ক্ষেত্ৰ’’ ৰূপে স্বীকৃতিৰ পৰা‌ বাদ পৰা উপক্ৰম হৈছিল । কাৰণ এখন‌ বিল এই স্বীকৃতি পাবলৈ কমেও বছৰি ২০ হাজাৰ পৰিভ্ৰমী চৰাইৰ আগমণ হোৱাতো জৰুৰী ।

শেহতীয়াকৈ ‘‘Assam forest department’’ৰ অন্তৰ্গত ‘‘Guwahati wild life division’’এ যোৱা ডিচেম্বৰ আৰু জানুৱাৰীৰ আৰম্ভনিতে দীপৰ বিলত পক্ষী গণনা কৰিছিল । এই গননাত দীপৰ বিলত ২০২৫ চনত ১২২৪৫ পক্ষীৰ আগমনৰ তথ্য লাভ কৰিছিল । এই তথ্যৰ পৰা দেখা যায় যে দীপৰ বিলত পক্ষীৰ আগমন ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ।

পক্ষী সংৰক্ষিত এলেকাৰূপে খ্যাত গুৱাহাটী মহানগৰীৰ সমীপৰ দীপৰ বিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ দুটা দশক হ'ল । দেশী-বিদেশী পক্ষীৰ বিচৰণভূমি দীপৰ বিলে এই স্বীকৃতি লাভৰ বাবে প্ৰয়োজনীয় নটা বৈশিষ্ট্যৰ ভিতৰত পাঁচটাত উত্তীৰ্ণ হৈ ২০০২ত ‘‘ৰামছাৰ ক্ষেত্ৰ’’ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল ।

উল্লেখ্য যে, সম্প্ৰতি ভাৰতত ৪৭ খন ৰামছাৰ ক্ষেত্ৰ আছে আৰু ইয়াৰে ভিতৰত দীপৰ বিলে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰৰূপে ২০০২-ত স্বীকৃতি লাভ কৰে (Assam only Ramsar site Deepar Beel) । দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ ২০ টা বৰ্ষ অতিক্ৰম কৰিলে যদিও আজিলৈকে দীপৰ বিলৰ সীমা নিৰ্ধাৰণ নহ'ল । বৰঞ্চ ব্যাপক জল, শব্দ আৰু বায়ু প্ৰদূষণৰ কৰাল গ্ৰাসত পৰা দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতিৰ হেৰুওৱাৰ উপক্ৰম হৈছে । এতিয়া আকৌ বিলত চৰকাৰে চাইকেল পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক : Deepor Bil conservation plan: আজিও ফাইলতে আৱদ্ধ দীপৰ বিলক সংৰক্ষণ তথা উন্নয়নৰ বিস্তৃত প্ৰকল্প

লগতে পঢ়ক : কাৰ পৃষ্ঠপোষকতাত চলিছে দীপৰ বিলত দাদাগিৰি ? আদালতত মুখথেকেচা চৰকাৰৰ - dipor bil

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.