ETV Bharat / state

এপ্ৰিলৰ আগত নিৰ্বাচন অনুষ্ঠিত হ'ল বিজেপি দলে শুভফল লাভ কৰিব; কোনে কৰিলে এই ভৱিষ্যতবাণী - KALCHAKRA PURNANGA PANJIKA ON CM

কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা উন্মোচন । এইবাৰ কোনটো ৰাজনৈতিক দলে প্ৰভাৱ বিস্তাৰ কৰিব ? ৰাজজ্যোতিষীৰ ভবিষ্যদ্বাণী ফলিয়াব নে ?

Prediction of kalchakra Purnanga Panjika
ৰাজজ্যোতিষী পুলিন চন্দ্ৰ দেৱ শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 7:06 PM IST

গুৱাহাটী : ২০২৬ ৰ এপ্ৰিলৰ পূৰ্বে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'লে বিজেপি দলৰ লাভ হ'ব নে ? কংগ্ৰেছে শুভফল লাভ কৰিব পাৰিব নে ? অসমৰ সামগ্ৰিক পৰিস্থিতি তথা উন্নয়ন কেনে হ'ব এই সন্দৰ্ভত আজি সবিশেষ ব্য়াখ্য়া আগবঢ়ালে কালচক্ৰ পঞ্জিকাই ।

বিজেপিয়ে লাভ কৰিব শুভফল :

ৰাজ্যত ২০২৬ ৰ এপ্ৰিলৰ আগত যিকোনো পৰ্যায়ৰ নিৰ্বাচনত বিজেপি দলে শুভফল লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰিছে কালচক্ৰ পঞ্জিকাই । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজজ্যোতিষী পুলিন চন্দ্ৰ দেৱশৰ্মাৰ গণনাকৃত কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা উন্মোচন কৰি ৰাজজ্যোতিষীগৰাকীয়ে কয়, "বৰ্তমান বৰ্ষত অসমৰ কাৰক ৰাশি আৰু অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ জন্মৰাশি কাৰক কৰ্কট হোৱা বাবে উদ্যোম, একাগ্ৰতাৰে অসমৰ সমস্যাসমূহ সমাধানৰ পথ সুগম কৰিব । সহকৰ্মী, বন্ধু বা নলে-গলে লগা ব্যক্তিয়ে তেওঁক বিপথে পৰিচালিত কৰিব পাৰে ।" ৰাজজ্যোতিষীগৰাকীয়ে পুনৰ কয়, "২০২৬ ৰ এপ্ৰিলৰ আগত যিকোনো নিৰ্বাচন অনুষ্ঠিত হ'লে ১০০% বিজেপি দলে সুফল লাভ কৰিব । কিন্তু এপ্ৰিল পাৰ হ'লে চিন্তাৰ বিষয় হ'ব । বহু ক্ষেত্ৰত অৱনমিত হ'ব ।"

ৰাজজ্যোতিষী পুলিন চন্দ্ৰ দেৱ শৰ্মা (ETV Bharat Assam)

কংগ্ৰেছ দলৰ বিশেষ বেয়া নহ'ব :

আগন্তুক বৰ্ষত কংগ্ৰেছৰ দিন ভাল হ'ব নে বেয়া হ'ব সেই সম্পৰ্কেও ব্য়াখ্য়া কৰিলে ৰাজজ্যোতিষীগৰাকীয়ে । তেওঁ কয়, "কংগ্ৰেছ দলৰ উত্থান বৰ বিশেষ বেয়া নহ'ব । ৰাহুল গান্ধীৰ জৰিয়তে কংগ্ৰেছৰ দলে বিশেষ সাফল্য় অৰ্জন কৰা নাই যদিও দলটোৰ বৰ বেয়া নহ'ব । সভাপতি ভূপেন বৰাৰ ধনু ৰাশি হোৱাৰ বাবে সমীচিন নহ'ব । তেওঁৰ ভাল ফলৰ ক্ষেত্ৰত শুভ হ'ব মধ্য়ম । "

সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ সম্ভাৱনা :

আনহাতে, শক্তিৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে । ভাৰতবৰ্ষৰ ভাগ্য চক্ৰ সন্দৰ্ভত তেওঁ কয়," ভাৰতৰ মকৰ ৰাশি হোৱাত বহিঃৰাষ্ট্ৰৰ ভিতৰত যশস্বী পৰাক্ৰমী আৰু প্রগতিশালী দেশৰূপে পৰিগণিত হ'ব । মকৰ ৰাশিৰ ধনস্থানত শনি (স্বগৃহী) হৈ অৱস্থান কৰাত ভাৰতৰ বহু বন্ধু ৰাষ্ট্ৰই ভাৰতৰ লগত বন্ধুত্ব আৰু ব্যৱসায় কৰিবলৈ আগ্রহী হ'ব । বন্ধুস্থানৰ অধিপতি মঙ্গল নীচ্চস্থ হৈ সপ্তমস্থানত অৱস্থান কৰাত সামৰিক বাহিনীৰ উন্নতি ।"

তেওঁ কয়,"বৃষ্টিজনিত পানীৰ সৃষ্টি হোৱাত অঞ্চলসমূহ জলমগ্ন হৈ খাৰিফ শস্যাদি বিনষ্ট হোৱাৰ লগতে ধন-জনৰো ক্ষতিসাধনৰ যোগ দেখা যায় যদিও শস্য বিনষ্টকাৰী কীট-পতঙ্গৰ উপদ্ৰৱৰ পৰা কৃষি অঞ্চলসমূহ সুৰক্ষিত হোৱাৰ লগতে খাদ্য শস্যৰ অনাটন লাঘৱ হ'ব ।"

ৰাজজ্যোতিষীগৰাকীয়ে উল্লেখ কৰা মতে, দেশত অশুভ শক্তিশালী সংগঠনসমূহে গা কৰি উঠাৰ সুযোগ পাব । দেশত নানা উদ্যোগ. ব্যৱসায়-বাণিজ্য গা কৰি উঠিব । ৰাজনৈতিক দিশত অমূল পৰিবৰ্তন আহিব । ভাতৃস্থানত ৰাহু শুক্র বুধৰ উপস্থিতিয়ে উগ্রবাদী সংগঠনসমূহে দেশৰ ক্ষতি কৰাৰ সম্ভাৱনা দেখা যায় বা সীমা বিবাদ, মৌলবাদী সংগঠন সমূহৰ পৰা কূট-কৌশল আদিয়ে দেশ খন অশান্তি বা অস্থিৰ কৰিব । দেশত কুটাঘাটমূলক কার্য, সাম্প্রদায়িক সংঘর্ষ, মাৰণাস্ত্ৰৰ প্ৰচলন আদি কৰি আভ্যন্তৰীণ দিশত অস্থিৰতা বৃদ্ধিৰ কাৰক হৈছে । গণ বিস্ফোৰণ, চৰকাৰৰ বিৰুদ্ধে গোপন ষড়যন্ত্র, অপৰাধ প্ৰৱণতা, চোৰাং কাৰবাৰ আৰু হত্যাকাৰীৰ অশুভ প্রভাৱ বৃদ্ধি আদি বহুবোৰ দেশত অস্থিৰতাৰ আশঙ্কা হোৱাৰ যোগ ।

তেওঁ উল্লেখ কৰা মতে,বছৰৰ আৰম্ভণিৰ পৰাই পশ্চিমৰ দেশবোৰত হত্যা,ধৰ্মঘট, বিক্ষোভ, চুৰি-ডকাইতি, গুপ্তঘাটকৰ ৰাজত্ব, অপহৰণকাৰীৰ ৰাজত্ব বৃদ্ধিৰ লগতে ৰাজনৈতিক অস্থিৰতা বৃদ্ধিৰ যোগ । চতুৰ্থত ৰবিয়ে শিক্ষা,কাৰিকৰী শিক্ষা,গীত-মাত, ক্রীড়া আদিত আন্তঃৰাষ্ট্ৰীয় পাৰ্যায়ত কাৰিকৰী শিক্ষা মহাকাশ গৱেষণা, ৰাস্তা-ঘাট নিৰ্মাণ আদিত সফলতা দেখুৱাব পাৰিব । বৃহস্পতিৰ প্ৰভাৱত ভাৰতীয় ছাত্র-ছাত্রীয়ে আহুকালত ভূগিব পাৰে । শুক্র ৰাহুৰ প্ৰভাৱত যেনে অপৰাধ, অপহৰণ, শিশুকর্মী, বোৱাৰী হত্যা, যৌতুক দাবী আদি বৃদ্ধি পাব ।

ৰাজজ্যোতিষীগৰাকীয়ে কয় যে বিদেশত শিক্ষা লাভকৰা বিদ্যার্থীৰ সকলৰ শিক্ষা লাভত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে । সাহিত্য,সংস্কৃতি,ক্রীড়া সংস্কৃতিৰ আদিৰ ক্ষেত্ৰত শুক্র বুধ ৰাহুযুক্ত হোৱাত অতি অশুভ ফল প্রাপ্তিৰ সম্ভাৱনা দেখা যায় । দেশত অত্যাচাৰ বৃদ্ধি,অপৰাধ, ধৰ্ষণ-বলাৎকাৰ,গুপ্তহত্যা, শত্রু বৃদ্ধিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অশান্তি সৃষ্টি হ'ব । উত্তৰ পূৰ্বাঞ্চলত হত্যা,লুণ্ঠন,চুৰি-ডকাইতি,কূটাঘাটমূলক কাৰ্য, সন্ত্রাসবাদী,অপহৰণ,অগ্নিদাহ,বিস্ফোৰণ আদি বৃদ্ধি পাব । বৃহস্পতিৰ প্রভাৱত ভাৰতবৰ্ষই পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত সু-সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক:প্ৰকাশ পালে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা: সৰ্বভাৰতীয় পৰ্যায়ত সন্মান বুটলিব মুখ্যমন্ত্ৰীয়ে - kelpurush Panjika

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.