নগাঁও: প্ৰকৃতি আৰু ফটোগ্ৰাফী ভালপোৱা এগৰাকী শিক্ষা বিষয়া । নাম তেওঁৰ মৃদুল কুমাৰ নাথ । নগাঁও জিলা বিদ্যালয় সংমণ্ডলৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথৰ প্ৰকৃতিপ্ৰেমৰ বিষয়ে সামাজিক মাধ্যমত প’ষ্ট কৰিলে ৰাজ্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শিক্ষা বিষয়াগৰাকীৰ প্ৰকৃতিপ্ৰেমক লৈ মুখ্যমন্ত্ৰীয়ে প’ষ্ট কৰাৰ পাছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে শিক্ষা বিষয়া মৃদুল কুমাৰ নাথ ।
শিক্ষা বিষয়াক কিয় প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে ?
নগাঁও সংমণ্ডলৰ বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথে ভাল পায় প্ৰকৃতিক । এখন জিলাৰ শিক্ষা বিভাগৰ গধুৰ দায়িত্ব বহন কৰা শিক্ষা বিষয়া মৃদুল কুমাৰ নাথে কৰ্তব্যৰ পৰা কিছু বিৰতি পালেই ওলাই যায় প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ । একেদৰে যোৱা দেওবাৰেও নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সময়তেই শিক্ষা বিষয়াগৰাকীৰ চকুত পৰিছিল দুটা বাঘৰ মিলনৰ এক দৃশ্য । লগে লগে লগত লৈ যোৱা কেমেৰাত আৱদ্ধ কৰিছিল বাঘৰ অন্তৰংগ দৃশ্য । প্ৰায় পাঁচশ মিটাৰ নিলগৰ এই দৃশ্য বন্দী কৰি উৎফুল্লিত হৈ পৰিছিল শিক্ষা বিষয়া মৃদুল কুমাৰ নাথ । কিন্তু মঙলবাৰে পুৱাই শিক্ষা বিষয়াগৰাকীৰ কেমেৰাত আবদ্ধ কৰা এই দৃশ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰাত অধিক উৎফুল্লিত হৈ পৰে শিক্ষা বিষয়া মৃদুল কুমাৰ নাথ ।
In @kaziranga_, you will spot playful tigers almost everywhere.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
The density of tigers in the Park makes it a perfect spot for your wildlife expeditions!
What are you waiting for? Make your next trip to #AwesomeAssam soon. pic.twitter.com/rkruc4a7Vs
ই টি ভি ভাৰতক কি ক'লে শিক্ষা বিষয়াগৰাকীয়ে ?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘৰ অন্তৰংগ দৃশ্য নিজৰ কেমেৰা বন্দী কৰা শিক্ষা বিষয়া মৃদুল কুমাৰ নাথৰ নামৰ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ কৰাৰ পাছতেই ইটিভি ভাৰতৰ সন্মুখত নিজৰ অনুভৱ ব্যক্ত কৰিলে নাথে ।
মুখ্যমন্ত্ৰীৰ প্ৰচাৰে শিক্ষা বিষয়াগৰাকীৰ উৎসাহ অধিক বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথে ক'লে, “মই প্ৰকৃতি আৰু প্ৰকৃতিৰ ফটোগ্ৰাফী ভাল পাওঁ । সেয়ে কৰ্মব্যস্ততাৰ মাজতো সময় পালে প্ৰায়েই কাজিৰঙাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ যাওঁ । লগতে মোৰ কেমেৰাও লগত লৈ যাওঁ ।"
তেওঁ লগতে কয়,"বাঘৰ দৃশ্য ওচৰৰ পৰা উপভোগ কৰাৰ এটা সপোন আছিল মোৰ । দেওবাৰে সূৰ্যাস্তৰৰ সময়তেই বাঘৰ অন্তৰংগ দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে কেমেৰাতো আৱদ্ধ কৰিবলৈ সক্ষম হৈছোঁ । এয়া মোৰ বাবে এক বুজাব নোৱৰা অনুভৱ ।”
উল্লেখযোগ্য যে, বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথে কেমেৰাত বন্দী কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুই বাঘৰ দৃশ্য মঙলবাৰে পুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পাছতেই কেইবাসহস্ৰাধিক লোকে ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পৰিলক্ষিত হয় ।