ETV Bharat / entertainment

স্ক্ৰীপ্ট লিখাৰ ১৯ বছৰৰ পিছত ৰবি শৰ্মাই লৈ আহিছে সংস্কৃত শিৰোনামেৰে এখন অসমীয়া চিনেমা - RAVI SARMAS NEW FILM MOKSH

২০০৬ চনতে ৰবি শৰ্মাই আৰম্ভ কৰিছিল স্ক্ৰীপ্টৰ কাম ৷ সংস্কৃত শব্দৰে নামাকৰণ কৰা এই অসমীয়া ছবিখনক লৈ কি ক’লে ৰবি শৰ্মাই -

ravi-sarmas-new-film-moksh
ৰবি শৰ্মা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 21, 2025, 7:08 PM IST

যোৰহাট : অভিনেতা ৰবি শৰ্মাৰ এটা বহুদিনীয়া প্ৰজেক্ট ৷ প্ৰায় 19 বছৰীয়া পুৰণি এই প্ৰজেক্ট ৷ এই প্ৰজেক্টে এতিয়া প্ৰাণ পাই উঠিছে ৷ এখন নতুন অসমীয়া ছবি ‘মোক্ষ’ ৷ দেওবাৰে নিশা যোৰহাট অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই বিষয়ে জানিবলৈ দিয়ে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । ২০০৬ চনতে এই চিনেমাখনৰ স্ক্ৰীপ্টৰ কাম আৰম্ভ কৰিছিল তেওঁ ৷ কিন্তু বিভিন্ন কাৰণত শৰ্মাই চিনেমাখন কৰিব পৰা নাছিল ৷ সংস্কৃত শব্দ মোক্ষেৰে নামাকৰণ কৰিছে এই চিনেমাখন ৷ চিনেমাখনত মুখ্য ভূমিকাত অভিনয় কৰা ৰবি শৰ্মাই কয়, "কিদৰে আমি মুক্তি বিচাৰো, মুক্তিক বিকৃতকৰণ কৰিলে কি হয় আৰু দুই বন্ধুৰ ওপৰত ভিত্তি কৰি এই চিনেমাখনৰ কাহিনী আগবাঢ়ে ৷"

ৰবি শৰ্মাই নিজা স্ক্ৰীপ্টেৰে নিৰ্মাণ কৰা মোক্ষ ছবিখনত অভিনয় কৰিছে বৰ্তমান কলকাতা ছবিজগতত ব্যস্ত থকা, প্ৰিয়া অ’ প্ৰিয়া, মহাৰথী আদি ছবিত পূৰ্বতে অভিনয় কৰা বিভাষ চক্ৰৱৰ্তী(ইন্দ্ৰজিৎ), থিয়েটাৰ জগতৰ জনপ্ৰিয় অভিনেতা মৃদুল চুতীয়া, অৰ্ষিতা আগৰৱালা দৰে নামী-দামী তাৰকাই । প্ৰণয় দত্তৰ সংগীতেৰে সজোৱা ছবিখন প্ৰযোজনা কৰিছে মিৰ্জা আৰ এফ হাজৰিকাই । ইতিমধ্যে ছবিখনৰ এটা অংশৰ কাম প্ৰায় শেষ হৈছে আৰু এই অংশতেই সৰ্বমুঠ ৬০ লাখ টকা ব্যয় হৈছে । হয়তো এখন অসমীয়া চিনেমাৰ বাবে ইয়াৰ পূৰ্বে ইমান ডাঙৰ ছেট নিৰ্মাণ হোৱা নাই বুলিও উল্লেখ কৰে ৰবি শৰ্মাই ৷ সকলো ঠিকে থাকিলে এই বছৰৰ নৱেম্বৰ-ডিচেম্বৰত ছবিখন ছবিগৃহত মুক্তি দিয়া হ’ব বুলি জানিবলৈ দিয়ে অভিনেতাজনে ৷

ৰবি শৰ্মাৰ ভাষ্য (ETV Bharat Assam)

ৰবি শৰ্মা, যাৰ চিনেমা চাবলৈ প্ৰতিজন অসমীয়াই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে, এই ছবিখনতো দৰ্শকে দেখিবলৈ পাব পূৰ্বে নেদেখা বিষয়বস্তু ৷ অভিনেতাগৰাকীৰ লিখিত কাহিনীৰে মুক্তি পোৱা প্ৰথমখন অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’ৰ অপাৰ সফলতাৰ পাছত অসমীয়া ছবিজগতত অভিনেতা ৰবি শৰ্মাৰ আন এক সংযোজন ‘মোক্ষ’ । ছবিখনৰ কাহিনী হিচাপে বাজেট বহু কম । লগতে ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনাই । যিটো প্ৰতিজন অসমীয়াৰে বাবে এটা গৌৰৱ বিষয় ।

এছ এইচ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে মোক্ষ ৷ টেকনিক পৰিচালনাত আছে ঝুলন কৃষ্ণ মহন্ত । অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ তথা উত্তৰ বংগৰ বিভিন্ন ঠাইত কৰা ছবিখনৰ দৃশগ্ৰহণ কৰাৰ কথা আছে ।

লগতে পঢ়ক : সস্তীয়া মনোৰঞ্জনৰ পৰা অসমবাসী আঁতৰি থকাটো ভাল: ৰবি শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.