গোলাঘাট, ১১ মাৰ্চ:দেশৰ নামী দামী তাৰকা ক্ৰিকেটাৰৰ সমাৱেশেৰে ৪২ সংখ্যক স্পৰ্টচ প্ৰমোচন বৰ্ডৰ অধীনত নুমলীগড় শোধনাগাৰৰ উদ্যোগত গোলাঘাটত আজিৰে পৰা আৰম্ভ হৈছে ক্ৰিকেট টুৰ্ণামেণ্ট । নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনৰ বিশেষ ভূমিকাত আয়োজিত প্ৰতিযোগিতাখনি সোমবাৰে গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত আনুষ্ঠানিকভাবে উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ বিত্ত বিভাগৰ সঞ্চালক সঞ্জয় কুমাৰ চৌধুৰীয়ে ।
ক্ৰিকেট টুৰ্ণামেণ্টখন উদ্বোধন কৰি দিয়া ভাষণত সঞ্জয় কুমাৰ চৌধুৰী কয় যে, এনে প্ৰতিযোগিতাৰ দ্বাৰা আমাৰ নৱ-প্ৰজন্ম ক্ৰিকেট তথা খেলৰ প্ৰতি প্ৰতি অধিক আকৰ্ষিত হয় ৷ তেওঁ লগতে কয় যে, ক্ৰীড়াৰ এক পৰিৱেশ ৰচনা কৰাৰ অৰ্থে নুমলীগড় শোধনাগাৰে আন্তৰিক প্ৰয়াসৰ ব্ৰতী হৈছে । নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ উপ-মহাপ্ৰৱন্ধক বিশ্বজিৎ বৰাই পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ড৹ কাজল শইকীয়াই ।