গুৱাহাটী: দেশৰ আদালতসমূহত শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ অভাৱ আৰু দুৰৱস্থাক লৈ উচ্চতম ন্যায়ালয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰাজীৱ কলিতাই এই বিষয়ক লৈ ২০২৩ চনত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ বুধবাৰে ৰায়দান কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে এই নিৰ্দেশাৱলী জাৰি কৰে ।
অসমকে ধৰি দেশৰ সকলো ৰাজ্য চৰকাৰ আৰু উচ্চ ন্যায়ালয়সমূহক সংশ্লিষ্ট ৰাজ্যৰ সকলো আদালত আৰু ন্যায়াধিকৰণত পুৰুষ, মহিলা, তৃতীয় লিংগ আৰু দিব্যাংগ লোকৰ বাবে পৃথক শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নিৰ্মাণ আৰু এইসমূহত পর্যাপ্ত সকলো ব্যৱস্থা সুনিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে । ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে চাৰি মাহৰ সময় নিৰ্ধাৰণ কৰি দিছে ।

এই সন্দৰ্ভত অধিবক্তা ৰাজীৱ কলিতাই কয় - "কেন্দ্ৰীয় চৰকাৰৰ বহুল প্ৰচাৰিত ‘স্বচ্ছ ভাৰত মিছন'ৰ অধীনত বিগত প্ৰায় দহ বছৰ ধৰি দেশত ৰাজহুৱা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা আৰু প্ৰধানকৈ ৰাজহুৱা শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ ব্যৱস্থা সুচল কৰাৰ অৰ্থে সজাগতা সৃষ্টিকে ধৰি বহু ব্যৱস্থা গ্ৰহণ কৰি আহিছে । কিন্তু দেশৰ আদালতসমূহত শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ যথেষ্ট সমস্যা আছে । আমি অসমৰ আদালতসমূহত শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ সমস্যাক লৈ উচ্চতম ন্যায়ালয়ত যোৱা ২০২৩ চনত এখন ৰাজহুৱা স্বার্থজড়িত আৱেদন দাখিল কৰিছিলো । পৰৱৰ্তী সময়ত আদালতে এই বিষয়টো সম্প্ৰসাৰণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত লৈ আৱেদনখনৰ শুনানি ধাৰ্য কৰে ।" তেওঁ লগতে কয়- "বিষয়টো আদালতে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ৰায়দান কৰিছে ।

লগতে পঢ়ক: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, অষ্টম দৰমহা আয়োগত অনুমোদন কেবিনেটৰ
ৰায়টোত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক আদালত চৌহদত শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ নিৰ্মাণ আৰু চোৱা-চিতা কৰাৰ বাবে এটা স্বচ্ছ আৰু পৃথক পুঁজি ধাৰ্য কৰিবলৈও নিৰ্দেশ দিছে । জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰে আৱেদনকাৰীৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল । আদালত চৌহদত নিৰ্মাণ কৰিবলগীয়া এই ব্যৱস্থাসমূহ যাতে ন্যায়াধীশ, গুচৰীয়া আৰু আদালতৰ কৰ্মচাৰী— সকলোৰে ব্যৱহাৰযোগ্য হয়, সেই বিষয়টো নিৰীক্ষণ আৰু নিশ্চিত কৰিবলৈ সংশ্লিষ্ট উচ্চ ন্যায়ালয়সমূহক নিৰ্দেশ দিয়া হৈছে । এই উদ্দেশ্যে প্ৰতিখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে মনোনীত কৰা এগৰাকী ন্যায়াধীশৰ অধ্যক্ষতাত আৰু মহাপঞ্জীয়ক, ৰাজ্যৰ মুখ্য সচিব, লোকনিৰ্মাণ বিভাগ আৰু বিত্ত বিভাগৰ সচিবদ্বয়, উকীল সন্থাৰ প্ৰতিনিধি আৰু অন্য উপযুক্ত বিবেচিত বিষয়াক সদস্য হিচাপে লৈ ছয় সপ্তাহৰ ভিতৰত একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

এই সমিতিখনে দৈনিক আদালতলৈ অহা লোকৰ পৰিসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগা শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰৰ আন্তঃগাঁথনি, আসোঁৱাহ, প্ৰয়োজনীয়তা, সা-সুবিধা আদি সন্দৰ্ভত সামগ্ৰিক পৰিকল্পনা প্ৰস্তুত কৰি শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ নিৰ্মাণকাৰ্য নিৰীক্ষণ কৰিব । শৌচাগাৰ-প্ৰস্ৰাৱাগাৰসমূহৰ মেৰামতিৰ প্ৰয়োজন হ'লে জনাব পৰাকৈ এটা দ্ৰুত আপত্তি দাখিল ব্যৱস্থা, অৱস্থাৰ ওপৰত চকু ৰখাৰ বাবে উচ্চ ন্যায়ালয়ৰ লগতে জিলা আদালত, দেৱানী আদালত, পাৰিবাৰিক আদালত, ন্যায়াধিকৰণ আদি সকলোতে একোগৰাকী ন’ডেল বিষয়া মনোনীত বা নিয়োজিত কৰা, প্ৰয়োজন অনুপাতে শিশু অনুকূল শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ নিৰ্মাণ, দুগ্ধপোষ্য শিশু থকা মহিলাৰ সুবিধা হোৱাকৈ পৃথক দুগ্ধপান কোঠা নির্মাণ আদিৰ লগতে জিলা আদালতসমূহত শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ সুবিধাৰ ভিত্তিত 'গ্ৰেডি'ৰ ব্যৱস্থা কৰিবলৈ উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয় আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ।

ৰাজ্য চৰকাৰসমূহক পৃথক পুঁজি গঠনৰ লগতে সময়ে সময়ে এই ব্যৱস্থা উচ্চ ন্যায়ালয়ৰ সমিতিৰ সৈতে পর্যালোচনা কৰিবলৈ আৰু চাৰি মাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । চাৰিমাহৰ পাছত ৰাজ্য চৰকাৰসমূহে ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।" উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়টোত উল্লেখ কৰে যে শৌচাগাৰ কেৱল সুবিধাৰ বিষয় নহয়, ই মানৱ অধিকাৰৰ এক গুৰুত্বপূৰ্ণ দিশ ।

সংবিধানৰ অনুচ্ছেদ ২১ (জীৱনৰ অধিকাৰ) ৰ অধীনত অনাময় ব্যৱস্থাক এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে । অধিবক্তা ৰাজীৱ কলিতাই দাখিল কৰা আৱেদনখনত উল্লেখ কৰা মতে, বেছিভাগ ন্যায়ালয়তে তৃতীয় লিংগৰ বাবে শৌচাগাৰৰ ব্যৱস্থা কৰা হোৱা নাই ।

আদালত পৰিৱেশৰ ভিতৰত থকা চেম্বাৰত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে শৌচাগাৰ আৰু মহিলা ন্যায়িক বিষয়াসকলৰ বাবে পৃথক শৌচাগাৰৰ উপলব্ধতা সম্পৰ্কে কোনো স্পষ্ট তথ্য নাই । তদুপৰি, পুঁজিৰ উপলব্ধতা আৰু শৌচাগাৰ নিৰ্মাণৰ সময়সীমা সন্দৰ্ভত স্বচ্ছতাৰ অভাৱ আছে ।