মঙলদৈ, ৮ মাৰ্চ :সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । আৰম্ভ হৈছে বাকযুদ্ধ । এটা দলত থাকি আন এটা দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা নেতাক লৈ চলিছে চৰ্চা । এই নিৰ্বাচনত এনে নেতাই দলক চিপৰাং মাৰিবলৈ আৰম্ভ কৰিছে নতুন কৌশল । কংগ্ৰেছত এতিয়া এনে নেতাৰ নাই অভাৱ । ইতিমধ্য়ে দল ত্য়াগ নকৰিলেও বিজেপিৰ প্ৰসংশাত উটি-ভাহি গৈছে এনে নেতা । এনে এগৰাকী নেতাই আজি দৰঙত বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । চৰকাৰৰ বিকাশ যাত্ৰাত দৰং জিলাখনৰ সকলো সমষ্টিতে ৰাইজ উপকৃত কৰা বুলি স্বীকাৰ কৰিলে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে ।
লোকসভা প্ৰাকক্ষণত দৰং কংগ্ৰছত বৃহৎ খহনীয়া ৷ দৰঙত বৃহৎসংখ্যক কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপিত যোগদান কৰে । ইয়াৰ পিচতেই মঙলদৈ সমষ্টিৰ কংগ্ৰেছী বিধায়ক বসন্ত দাসে এক সংবাদমেল সম্বোধন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাম-কাজৰ শলাগ ল'বলৈকেই বিধায়ক বসন্ত দাসে খৰতকীয়াকৈ এই সংবাদমেলখনৰ আয়োজন কৰে । উক্ত সংবাদমেলত তেওঁ কয়," মঙলদৈ সমষ্টিত উন্নয়নৰ ধাৰা দেখিবলৈ পায়েই মই বিজেপি চৰকাৰক মুকলিভাৱে সমৰ্থন কৰিছোঁ । "