গুৱাহাটী, ২৫ মে’:বিৰোধী এতিয়া দিশহাৰা । বিৰোধীৰ প্ৰতিটো বলতে IPLৰ দৰে আমি ছিক্স কোবাইছো । বিৰোধীৰ বল কোবাই কোবাই আমি ফালি পেলাইছো ৷ আমি অসমত ১২+ আসন লাভ কৰিম । এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ । সমগ্ৰ দেশতে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান চলি থকা সময়তে শনিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি বিৰোধীৰ প্ৰতি সৰৱ হৈ পৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী ।
তেওঁ উৎকট গৰমৰ মাজতো দেশবাসীয়ে বিপুল হাৰত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি পঞ্চম পৰ্যায়তে দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ কথা ব্যক্ত কৰে । ইফালে নিৰ্বাচনত অসমত উৎসৱমুখৰ পৰিৱেশ হোৱাৰ বিপৰীতে পশ্চিমবংগত বিপৰীত ছবি দেখা যায় বুলি ব্যক্ত কৰি সভাপতি ভবেশ কলিতাই পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ পশ্চিমবংগত নিৰ্বাচনত কেৱল হিংসাত্মক ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰি তেওঁলোকে অসমৰ পৰা শিকা উচিত বুলি কলিতাই কয় । তেওঁ লগতে ইণ্ডি মহাজোঁটকো একেই আহ্বান জনায় ।
তেওঁ কয়, নিৰ্বাচনক লৈ পশ্চিমবংগত এতিয়া কেৱল অসহিষ্ণুতা চলিছে । জনতাক ভোট দিব নিদিয়ে, ওলাই আহিব নিদিয়ে । জনতাক ভয়-ভাবুকিৰে নজৰবন্দী কৰি তৃণমূলৰ বিষয়ববীয়াৰ ভোটেৰে পুনৰ ৰাজ্যৰ ক্ষমতা দখলৰ দখলৰ বাবে চেষ্টা কৰিছে ৷ প্ৰচাৰ সভাত যোৱা বিজেপিৰ ড্ৰাইভাৰকো গ্ৰেপ্তাৰ কৰিছে বংগ চৰকাৰে । তৃণমূল কংগ্ৰেছে পশ্চিমবংগত গণতন্ত্ৰক হত্যা কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহো দিয়া নাই তৃণমূল কংগ্ৰেছে ।