অসম

assam

ETV Bharat / politics

ভোটগ্ৰহণৰ দিনাই কমেও 20 খনকৈ বাহনত অগ্নিসংযোগ; চৰকাৰী বিষয়াক প্ৰহাৰ - RAJASTHAN POLL VIOLENCE

নিৰ্বাচনৰ মাজতে ভয়ংকৰ হিংসাত্মক ঘটনা ৷ আৰক্ষীৰ বাহনসহ কমেও আঠখন চাৰিচকীয়া বাহনত অগ্নিসংযোগ ৷

RAJASTHAN POLL VIOLENCE
ভয়ংকৰ হিংসাত্মক ঘটনা (ANI)

By ANI

Published : Nov 14, 2024, 9:36 AM IST

জয়পুৰ: 13 নৱেম্বৰত দেশৰ কেবাখনো ৰাজ্যত অনুষ্ঠিত হয় নিৰ্বাচন ৷ ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে অসমকে ধৰি দেশৰ আন কেবাখনো ৰাজ্যত অনুষ্ঠিত হয় উপ-নিৰ্বাচন ৷ এই নিৰ্বাচনৰ মাজতে এক ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ৰাজস্থানত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা ৷

বুধবাৰে নিশা টংক জিলাত কমেও আৰক্ষীৰ বাহনসহ কমেও আঠখন চাৰিচকীয়া বাহন আৰু দুই ডজনৰো অধিক দুচকীয়া বাহন ধ্বংস কৰাৰ লগতে অগ্নিসংযোগ কৰে অচিনাক্ত দল এটাই ৷ আৰক্ষী আৰু দলটোৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পাছতেই এই হিংসাত্মক ঘটনা সংঘটিত হয় ৷ বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

আৰক্ষীয়ে জনোৱা মতে, দেউলি-উনিয়াৰা সমষ্টিৰ অন্তৰ্গত সম্ৰাৱট গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ নিৰ্দলীয় প্ৰাৰ্থী নৰেশ মীনাৰ একাংশ সমৰ্থকে ভোটকেন্দ্ৰত এগৰাকী মহকুমা দণ্ডাধীশক অপদস্থ কৰাক লৈ এই ঘটনাৰ সূত্ৰপাত ঘটে ৷ একাংশ প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপৰ লগতে কেবাখনো বাহনত অগ্নিসংযোগ কৰে ৷ অতিৰিক্ত বাহিনী মোতায়েনৰ পাচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে উত্তেজনাৰ সৃষ্টি হয় ৷ ফলত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত বাহিনী মোতায়েন কৰিবলৈ বাধ্য হয় প্ৰশাসন ৷
সাংবাদিকৰ আগত টংক জিলাৰ আৰক্ষী অধীক্ষক বিকাশ সংগৱানে কয়, ‘‘সম্ৰাৱট গাঁৱত একাংশ লোকে ভোট বৰ্জন কৰিছিল ৷ এই ঘটনাৰ বুজ ল’বলৈ মহকুমাধিপতি, তহচিলদাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আন বিষয়াসকল উপস্থিত হৈছিল ৷ সেই সময়ত নিৰ্দলীয় প্ৰাৰ্থী নৰেশ মীনা ভোটকেন্দ্ৰৰ ভিতৰলৈ আহে আৰু মহকুমাধিপতিগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষকে নৰেশ মীনাক লগে লগে তাৰ পৰা আঁতৰাই নিয়ে ৷’’

‘‘আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ আমি সেই স্থানলৈ গৈ গাঁওবাসীৰ সৈতে কথা-বতৰা পাতোঁ আৰু তাৰ পাচত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় ৷’’ তেওঁ লগতে কয় ৷

এই ঘটনা সন্দৰ্ভত ৰাজস্থান প্ৰশাসনিক সেৱা সংস্থাৰ সদস্যসকলে মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে আৰু নৰেশ মীনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ ‘‘নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে দণ্ডাধীশৰ দায়িত্বত থকা মহকুমাধিপতিগৰাকীক চৰ মৰা কাৰ্যই আমাৰ সকলো কেডাৰ (বিষয়া)ক ক্ষোভিত কৰি তুলিছে ৷ আমি মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি নিৰ্বাচনী বিধি অনুসৰি কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছোঁ ৷ নৰেশ মীনাক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবেও আমি অনুৰোধ জনাইছোঁ ৷’’ সংস্থাৰ সভাপতি মহাবীৰ খাৰাদীয়ে এএনআইক কয় ৷

সংস্থাটোৰ সাধাৰণ সম্পাদক নীতু ৰাজেশ্বৰে কয়, ‘‘সংস্থাই চৰকাৰৰ ভিন্ন পৰ্যায়ত এই বিষয়টো উপস্থাপন কৰিছে ৷ আমি সকলোৰে পৰা যোগাত্মক সঁহাৰি আৰু ব্যৱস্থা আশা কৰিছোঁ ৷’’

নিজকে নিৰ্দোষ বুলি দাবী কৰি নিৰ্দলীয় প্ৰাৰ্থী নৰেশ মীনাই কয়, ‘‘এই মহকুমা দণ্ডাধীশগৰাকীয়ে পূৰ্বে হিন্দোলিত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰিছিল ৷’’

‘‘অমিত চতুৰ্বেদীয়ে এগৰাকী অংগৱাড়ী কৰ্মী, তেওঁৰ স্বামী আৰু এগৰাকী শিক্ষকক অপদস্থ কৰিছিল আৰু ভোট নিদিলে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি দিছিল ৷ যোৱা 25 অক্টোবৰৰ পৰা মই নিতৌ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছোঁ ৷ মোৰ পোষ্টাৰ ফালি পেলোৱা হৈছে আৰু বিষয়াসকলে মানুহক মোক ভোট দিয়াত বাধা দি আহিছে ৷’’ মীনাই অভিযোগ কৰে ৷

লগতে পঢ়ক:নেতাৰ কামো শেষ, জনতাৰ কামো শেষ: ৩৪ গৰাকীৰ উচ্চ ৰক্তচাপ আৰম্ভ

ABOUT THE AUTHOR

...view details