অসম

assam

ETV Bharat / politics

সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ

গুলীচালনাৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ ঘটনাত কোন জড়িত আছিল ?

Samaguri Election Violence
জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰা ঘটনাত জড়িতক গ্ৰেপ্তাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 6:16 PM IST

চামগুৰি : চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ মাজতে এগৰাকী জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্য়াহত আছে । সমষ্টিটোৰ মৰি পুঠিখাইটিত সংঘটিত গুলীচালনাৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰা ঘটনাত জড়িত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল সাংবাদিক নীলোৎপল বৰাই । ইয়াৰ পিছতেই সাংবাদিক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে চামগুৰিত সাংবাদিকে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । এই ঘটনা সন্দৰ্ভত সাংবাদিক নীলোৎপল বৰাই সাংসদ ৰকিবুল হুছেইনকো অভিযুক্ত কৰি ৰূপহীহাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩৭৮/২৪ নম্বৰ গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে ।

ভাৰতীয় ন্যায় সংহিতাৰ ৪৯/১৩১/৩২৪(৪)/৩২৪(৫)/১০৯/৩(৫) ধাৰাত গোচৰ ৰুজু কৰি দেওবাৰে নিশা চামগুৰিৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলায় । সাংবাদিক আক্ৰমণত জড়িত অভিযুক্তক বিচাৰি ৰূপহীহাট আৰক্ষীয়ে চলোৱা অভিযানত দেওবাৰে নিশাই মাগুৰমাৰীৰ তাহেৰউদ্দিন নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনাত জড়িত আন অভিযুক্তই পলায়ন কৰি আছে । আন অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

ইপিনে, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাইহান উদ্দিন আৰু ধুবুৰীৰ কংগ্ৰেছ নেতা জেহিৰুল ইছলামৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে সাংবাদিকগৰাকীয়ে । নগাঁও প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক নীলোৎপল বৰাক আক্ৰমণ কৰা ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰি শাস্তি বিহাৰ লগতে সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে সংবাদকৰ্মীসকলে ।

লগতে পঢ়ক:সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে চামগুৰিত সাংবাদিকৰ প্ৰতিবাদ

চামগুৰিত নিৰ্বাচনী কুৰুক্ষেত্ৰ; কংগ্ৰেছ-বিজেপিৰ সমৰ্থকৰ মাজত তীব্ৰ উত্তেজনা

ABOUT THE AUTHOR

...view details