অসম

assam

ETV Bharat / politics

এতিয়া ফলাফলৰ সময়, দিপ্লুৰঞ্জনে ভেদিব পাৰিবনে ৰকিবুলৰ অভেদ্য দুৰ্গ? - ASSAM BYE ELECTION 2024

শনিবাৰে নিৰ্ণয় হ'ব চামগুৰিৰ ভোটাৰে ইভিএমত বন্দী কৰা দিপ্লুৰঞ্জন-তানজিলৰ ভাগ্য । ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা চামগুৰি সমষ্টিৰ পৰা কোনে মাৰিব শেষ হাঁহি ?

Samaguri Bye Election result
কি হ'ব চামগুৰিৰ উপ-নিৰ্বাচনৰ ফলাফল ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 8:11 PM IST

নগাঁও :আৰু মাত্ৰ কেইটামান মুহূৰ্ত । অন্ত পৰিব ৰাজ্যৰ ৰাজনৈতিক মহলৰ সকলো অপেক্ষাৰ । কিয়নো শনিবাৰে ঘোষণা কৰা হ'ব ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ।

ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয় যদিও পাঁচ বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক চৰ্চিত সমষ্টি হিচাপে বিবেচিত হৈছে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ লগতে বিহালী বিধানসভা সমষ্টি । বিহালী বিধানসভা সমষ্টি়ত বিৰোধী সন্মিলিত মৰ্চা থানবান কৰি বিজেপিৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত জয়ন্ত বৰাক কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি শক্তি প্ৰদৰ্শনৰ যুঁজত জঁপিয়াই পৰিছিল ৰাজ্যৰ ভিতৰতে অন্যতম চৰ্চিত কংগ্ৰেছৰ নেতা গৌৰৱ গগৈয়ে ।

বিহালী সমষ্টি়ৰ জয়-পৰাজয় গৌৰৱ গগৈৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰা বুলি বিগত কেইবা দিন ধৰি ব্যাপক চৰ্চা চলিছে ৰাজ্যৰ ৰাজনৈতিক মহলত । আনফালে পূৰ্বে বিজেপিৰ দখলত থকা বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ দলীয় দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰঞ্জিত দত্তৰো সন্মানৰ প্ৰশ্ন সমষ্টিটোৰ পৰা বিজেপিৰ জয়-পৰাজয়ৰ সৈতে জড়িত হৈ পৰা বুলিও সৰ্বত্ৰে চৰ্চিত হৈছে ।

দিপ্লুৰঞ্জন শৰ্মা (ETV Bharat Assam)

একেদৰে পাঁচটাকৈ কাৰ্যকালৰ বাবে চামগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ উপৰি শেহতীয়াভাৱে ধুবুৰী লোকসভা সমষ্টিৰ পৰা দেশৰ ভিতৰতেই ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি উপ-নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হৈছে বিজেপিৰ যুৱ নেতা দিপ্লুৰঞ্জন শৰ্মাৰ বিৰুদ্ধে ।

নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা পুত্ৰ তানজিল হুছেইনক সমষ্টিটোৰ পৰা জয়ী কৰাবলৈ ৰকিবুল হুছেইনে সৰ্বশক্তি প্ৰয়োগ কৰাৰ বিপৰীতে শাসকীয় দল বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰত কোনো ত্ৰুটি কৰা নাছিল । বিশেষকৈ উপ-নিৰ্বাচন অনুষ্ঠিত ৮৮ নং চামগুৰি বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ বাবে নানা কৌশল অৱলম্বন কৰিছিল শাসকীয় বিজেপি দলৰ লগতে বিৰোধী কংগ্ৰেছেও ।

তানজিল হুছেইন (ETV Bharat Assam)

চামগুৰি সমষ্টিৰ ভোটদানৰ বিৱৰণ

ৰাজ্যৰ আন চাৰিটা সমষ্টিৰ লগতে বিগত ১৩ নৱেম্বৰত অনুষ্ঠিত ৮৮ নং চামগুৰি বিধানসভা সমষ্টিত ভোটদান হৈছিল ৭৯.৫৫ শতাংশ । অৰ্থাৎ মুঠ ১,৭,৯২৩১ গৰাকী ভোটাৰৰ ভিতৰত ১,৪,২৫৭২ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ভিতৰত ৬৯,৪০৯ গৰাকী পুৰুষ ভোটাৰ আৰু ৭৩,১৬৩ গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । সমষ্টিটোত তৃতীয় লিংগৰ ১১ গৰাকী ভোটাৰ আছে যদিও উপ-নিৰ্বাচনত এগৰাকীও তৃতীয় লিংগৰ ভোটাৰে ভোটাধিকাৰ কৰা নাই ।

উপ-নিৰ্বাচনত চামগুৰি সমষ্টিৰ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিৰ বাবে ঘৰে ঘৰে গৈ পোষ্টেল বেলটৰ জৰিয়তে ২২৮ টা ভোট সংগ্ৰহ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত থকা সমষ্টিটোৰ ২৬৭ গৰাকী আবেদনকাৰী ভোটাৰলৈ পোষ্টেল বেলটৰ যোগান ধৰা হয় ।

ভোটগণনাৰ প্ৰতিখন মেজৰ (টেবুল) বাবে প্ৰতিগৰাকী প্ৰাৰ্থীৰ একোজন ভোটগণনা এজেণ্ট থাকিব । ভোটগণনাৰ বাবে ৪২ গৰাকী ভোট গণনা বিষয়া, মাইক্ৰ'-অবজাৰ্ভাৰ ১৯ গৰাকী আৰু Sealing personnel ৮ গৰাকীক নিয়োগ কৰা হৈছে । ইয়াৰ উপৰি পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰো ব্যৱস্থা কৰি চামগুৰি সমষ্টিৰ ভোটগণনাৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ।

ৰকিবুল হুছেইন (ETV Bharat Assam)

ড্ৰাই ডে' ঘোষণা

যোৱা ২৫ অক্টোবৰ তাৰিখে আবকাৰী বিভাগে জাৰি কৰা এক আদেশৰ লগত সংগতি ৰাখি নগাঁও জিলা আয়ুক্তই অহা ২৩ নৱেম্বৰ তাৰিখে ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত জিলাখনৰ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহৰ লগতে ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অঞ্চলসমূহত ড্ৰাই ডে' ঘোষণা কৰিছে ।

ড্ৰাই ডে' সন্দৰ্ভত জিলা আয়ুক্তৰ নিৰ্দেশনা (ETV Bharat Assam)

আদেশটোৰ জৰিয়তে জিলা আয়ুক্তগৰাকীয়ে উক্তদিনা সদৰ ৰাজহ চক্ৰৰ লগতে চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত সকলোধৰণৰ নিচাযুক্ত সামগ্রী, দেশী-বিদেশী সুৰা আৰু ব্যৱসায়িকভাৱে প্রস্তুত কৰা নিচাযুক্ত সুৰাৰ বিক্ৰী, সৰবৰাহ, বিতৰণ আৰু সেৱন সম্পূর্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে । সেইদিনা কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিয়ে কোনো ধৰণৰ মাদকদ্ৰব্য নিজৰ জিম্মাত ৰাখিব নোৱাৰিব ।

একেদৰে সদৰ ৰাজহ চক্ৰৰ লগতে চামগুৰি বিধানসভা সমষ্টিটোৰ অন্তৰ্গত সকলো হোটেল, ধাবা, অন্য ব্যবসায়িক প্রতিষ্ঠান, ব্যক্তিগত আৰু ৰাজহুৱা স্থানত সকলোধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন, বিক্রী ইত্যাদিও উক্তদিনা সম্পূর্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে ।

তদুপৰি, সদৰ ৰাজহ চক্ৰ আৰু চামগুৰি বিধানসভা সমষ্টিটোৰ অন্তৰ্গত সকলো বণ্ডেড ৱেৰ হাউছ, আই এম এফ এল খুচুৰা অফ-অন সুৰাৰ দোকান, ক্লাবকে ধৰি সকলো দেশী-বিদেশী সুৰাৰ বিপণী বন্ধ ৰখাৰ নির্দেশনাও জাৰি কৰিছে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

উল্লেখ্য যে ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ-নির্বাচনত মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত বুলিও ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে । অৱশ্যে কোনে শেষ হাঁহি মাৰিব সেয়া স্পষ্ট হ'ব শনিবাৰৰ ভোটগণনাৰ অন্ততহে ।

লগতে পঢ়ক :তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পাছতো বিভিন্ন ফেক্টৰ থাকে: ভূপেন বৰা
লগতে পঢ়ক :চিদলী সমষ্টিত কি হ'ব উপ-নিৰ্বাচনৰ ফলাফল ? বি পি এফ-ইউ পি পি এল উভয়ৰে জয়ৰ দাবী

ABOUT THE AUTHOR

...view details