অৱশেষত বিজেপিত যোগদান কৰিলে ৰাণা গোস্বামীয়ে গুৱাহাটী, 29 ফেব্ৰুৱাৰী : অৱশেষত গেৰুৱা টুপী পিন্ধি বিজেপিৰ সদস্য হ’ল সদ্য কংগ্ৰেছ ত্যাগী ৰাণা গোস্বামী । গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে বিজেপিৰ গলবস্ত্ৰ পৰিধান কৰি গেৰুৱা দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৰাণা গোস্বামীয়ে ৷
যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰৰ দুপৰীয়াই মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী । উজনি অসমৰ শক্তিশালী নেতাৰূপে পৰিচিত ৰাণা গোস্বামীয়ে বিজেপি দলত যোগদান কৰি একপ্ৰকাৰ উজনি অসমত কংগ্ৰেছৰ যে যথেষ্ট আঘাত হানিলে সেয়া নিশ্চিত ৷
বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ৰাণা গোস্বামীয়ে ৷ বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আৰু প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ৷ ইপিনে ৰাণা গোস্বামীক আজি গেৰুৱা দলটোলৈ আদৰণি জনোৱাৰ পিচতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অগপৰ সভাপতি অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰীকাক লগত লৈ এখন সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলতেই মুখ্যমন্ত্ৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে বিগত প্ৰায় আঠ মাহ ধৰি তেওঁ ৰাণা গোস্বামীৰ লগত যোগাযোগত আছিল আৰু গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰি যে বিজেপিত যোগদান কৰিব সেয়া বহু পূৰ্বেৰে পৰাই নিশ্চিত আছিল ৷
মন কৰিবলগীয়া যে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থয়ো আজি বিজেপিত যোগদান কৰাৰ কথা আছিল কিন্তু কিছু কাৰিকৰী অসুবিধাৰ বাবে আজি যোগদান নকৰিলে ৷
লগতে পঢ়ক :অচিৰেই কংগ্ৰেছৰ সভাপতি, উপ-সভাপতিও আহিব বিজেপিলৈ: মুখ্যমন্ত্ৰী