অসম

assam

ETV Bharat / politics

ছত্তীশগড়ৰ বস্তাৰত নিৰ্বাচন বিৰোধী কাৰ্যকলাপ মাওবাদীৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: ৰাইজক ভোট বৰ্জন কৰিবলৈ আহ্বান মাওবাদীৰ । বস্তাৰৰ কেৰালাপেডাৰ এটা ভোটকেন্দ্ৰত বিভিন্ন ধৰণৰ শ্ল'গান লিখিলে মাওবাদীয়ে । মাওবাদী প্ৰভাৱিত লোকসভা সমষ্টিটোত ১ লাখতকৈও অধিক সেনা মোতায়েন ।

Lok Sabha Election 2024
ছত্তীশগড়ৰ বস্তাৰত নিৰ্বাচন বিৰোধী কাৰ্যকলাপ মাওবাদীৰ

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 10:44 AM IST

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল :১৯ এপ্ৰিলত দেশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ইতিমধ্যে ৰাজ্যবোৰত নিৰ্বাচন আয়োগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । তাৰ প্ৰাকক্ষণত ছত্তীশগড়ৰ বস্তাৰত মাওবাদীয়ে ভোট বৰ্জনৰ শ্ল'গান দিয়া দেখা গৈছে । একাংশ ভোটকেন্দ্ৰত মাওবাদীয়ে বেনাৰ-পোষ্টাৰ আদি লগোৱাৰ বিপৰীতে দেৱালত নিৰ্বাচন বৰ্জনৰ শ্ল'গান লিখিছে । বস্তাৰ বিভাগৰ সুকমা জিলাৰ কেইবাটাও ভোটকেন্দ্ৰৰ দেৱালত বিভিন্ন শ্ল'গান লিখি ভোটাৰসকলক ভাবুকি প্ৰদান কৰা দেখা গৈছে ।

মঙলবাৰে মাওবাদীয়ে সুকমা জিলাৰ কোন্টা উন্নয়ন খণ্ডৰ নাগাৰাম চানকুল কেন্দ্ৰৰ কেৰালাপেডাৰ এটা ভোটকেন্দ্ৰত শ্ল'গান লিখিছিল । তাত লিখা হৈছিল যে ভোটকেন্দ্ৰটোত কোনো লোকে ভোট দান নকৰে । নেতাসকলে ৰাইজক প্ৰহাৰ কৰে বুলি মাওবাদীয়ে অভিযোগ কৰে ।

উল্লেখ্য যে শুকুৰবাৰে আন আন প্ৰান্তৰ লগতে পুৱা ৭ বজাৰ পৰা সুকমা জিলাৰ কেৰালাপেডা ভোটকেন্দ্ৰতো ভোটগ্ৰহণ আৰম্ভ হ'ব । মুঠ ৭৯১ গৰাকী ভোটাৰে এই কেন্দ্ৰটোত ভোটাধিকাৰ সাব্যস্ত কৰিব । তাৰ ভিতৰত আছে ৪৪৬ গৰাকী মহিলা ভোটাৰ আৰু ৩৪৫ জন পুৰুষ ভোটাৰ । মাওবাদী প্ৰভাৱিত অঞ্চলটোত আবেলি ৩ বজালৈকে ভোটগ্ৰহণ চলিব ।

ইফালে ছত্তীশগড়ৰ মাওবাদী প্ৰভাৱিত বস্তাৰ সমষ্টিত ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । এই অঞ্চলত নিৰ্বাচন আয়োগৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । সমগ্ৰ বস্তাৰ সমষ্টিটোত সেনা মোতায়েন কৰা হৈছে । বস্তাৰত ১ লাখতকৈও অধিক সেনা নিয়োগ কৰা হৈছে ।

বস্তাৰত কংগ্ৰেছৰ কাৱাচী লাখমাই বিজেপিৰ মহেশ কাশ্যপৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । কাৱাচী লাখমা প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সুকমা জিলাৰ কোন্টা সমষ্টিৰ ৬ বাৰৰ বিধায়ক । মহেশ কাশ্যপ প্ৰাক্তন চৰপঞ্চ আছিল । লোকসভা নিৰ্বাচনত বিজেপিয়ে তেওঁক প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

বস্তাৰ লোকসভা সমষ্টিত মুঠ ১৪ লাখ ৭২ হাজাৰ ভোটাৰ আছে । এইবাৰ ১৯৬১ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । দূৰৱৰ্তী আৰু স্পৰ্শকাতৰ ভোটকেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলক হেলিকপ্টাৰেৰে লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে ।

বস্তাৰ লোকসভা সমষ্টি ৮ টা বিধানসভা সমষ্টিৰে গঠিত । কোন্দাগাঁও, নাৰায়ণপুৰ, বস্তাৰ বিধানসভা, জগদলপুৰ, চিত্ৰকোট, দান্তেৱাড়া, বিজাপুৰ আৰু কোন্টা । এই ৮ টা বিধানসভা সমষ্টিক মাওবাদী প্ৰভাৱিত অঞ্চল হিচাপে গণ্য কৰা হয় ।

লগতে পঢ়ক :ভোটদানৰ সময়ত ই ভি এমৰ বিজুতি ঘটিলে বা ভোটাৰে এটা ভুল বুটাম টিপিলে কি হ'ব ? - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details