নগাঁও, 22 জানুৱাৰী:ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলিভাবে প্ৰত্যাহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে । "হাজাৰ বাধায়েও কংগ্রেছক ৰোধিব নোৱাৰে । পদে পদে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা প্ৰদানৰ চেষ্টা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই " - এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ । দেওবাৰে নিজৰ কাৰ্যসূচী সামৰি ৰূপহীহাটত অস্থায়ীভাৱে নিৰ্মাণ কৰা ঘৰত নিশা কটোৱাৰ উদ্দেশ্যে উপস্থিত হৈছিল ৰাহুল গান্ধী ৷
কংগ্ৰেছ নেতাগৰাকীক সংগ দি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰে সাংসদ গৌৰৱ গগৈ । দেওবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলক হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে । কংগ্ৰেছীৰ ওপৰত বিজেপিয়ে আক্ৰমণ কৰিলেও আৰক্ষীয়ে যাতে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তাৰ বাবেও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি অভিযোগ গুৰুতৰ অভিযোগ তোলে গৌৰৱ গগৈয়ে । এই বিষয়ে গৌৰৱ গগৈক একাংশ আৰক্ষী অধীক্ষকেই জনোৱা বুলিও মন্তব্য কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।