গোলাঘাট, 9 জুন: ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সাৱধান হ’বৰ হ’ল ৷ মুখ্যমন্ত্ৰীগৰাকী সাৱধান হ’বৰ হ’ল তেওঁৰ কাণত ভুনভুনাই থকাসকলৰ পৰা ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সমানেই জনপ্ৰিয় হ’ব বুলি জখলা বগাই থকাসকলৰ পৰা হিমন্ত বিশ্ব শৰ্মা সাৱধান হ’বৰ হ’ল ৷’’- এই সাৱধানবাণী বিধায়ক মৃণাল শইকীয়াৰ ৷
বিধায়ক মৃণাল শইকীয়া (ETV Bharat Assam) বিধায়কগৰাকীয়ে কয় যে প্ৰকৃত মানুহবিলাকক মুখ্যমন্ত্ৰী ওচৰৰ পৰা আঁতৰাই অনা হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এদিন শ’লঠেকত পৰিব ৷ তদুপৰি খুমটাইৰ বিধায়কগৰাকীয়ে কয় যে তেওঁ কেৱল দলৰ হৈ নাথাকে আৰু বিধায়ক পদ এৰিবলৈও তেওঁক এক মিনিট সময় নালাগে ৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাণত ভুনভুনাই থকাসকলক প্ৰশ্ৰয় নিদিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আহ্বান জনায় বিধায়ক মৃণাল শইকীয়াই ।
আনহাতে নামনি অসমত বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে কেবাটাও সংগঠনে গোচৰ দাখিল কৰা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ৰাজনৈতিক নেতাসকলে উজনি-নামনি সন্দৰ্ভত বহু বক্তব্য আগবঢ়াইছিল ৷ গতিকে বহুতো নেতাই জে’ললৈ যাবলগীয়া হলেহেঁতেন ।
উজনি-নামনি বুলি কোৱাৰ অধিকাৰ সকলোৰে আছে বুলি কৈ মৃণাল শইকীয়াই কয় যে উজনি অসমত তেওঁৰ যিমান বন্ধু আছে, নামনি অসমতো সমান বন্ধু আছে । উজনি আৰু নামনি সন্দৰ্ভত বিধায়কগৰাকীয়ে কৰা বক্তব্যৰ যিসকলে ভুলকৈ বুজাবলৈ চেষ্টা কৰিছে, সেইসকলে কি বুজে বুজি থাকক বুলি কয় মৃণাল শইকীয়াই ৷ বিপৰীতে যিসকলে ভুল বুজিছে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰে বিধায়কগৰাকীয়ে ।
বিধায়ক মৃণাল শইকীয়াই কয় যে মূল কথা-বতৰাবিলাকৰ পৰা ৰাইজক আঁতৰাই আনিবলৈ একাংশই কোটি টকা খৰচ কৰিছে ৷ নিজকে টকাৰ বাবে পগলা নহয় বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷
বিধায়ক শইকীয়াই কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ সম্পৰ্ক যথেষ্ট ভাল ৷ এবাৰ লগ পালেই সকলো ভুল বুজাবুজি ঠিক হৈ যাব বুলি কয় মৃণাল শইকীয়াই ৷ তদুপৰি তেওঁ কয়, ‘‘ মই উজনি আৰু নামনি অসম সন্দৰ্ভত কৰা বক্তব্যৰ এটা বিশেষ অংশ কাটি প্ৰচাৰ কৰি মোক জনমানসত বেয়া কৰিবলৈ চেষ্টা কৰিছে ৷ মোৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে আক্ৰাছুৱে, যিটো সংগঠনে পৃথক ৰাজ্যৰ দাবী কৰি আহিছে । তেখেতসকলে কি চিন্তা কৰি গোচৰ দাখিল কৰিছে মই চোৱা নাই ।’’
লগতে পঢ়ক:মোদী কা পৰিৱাৰৰ সলনি বিজেপি বিধায়কে সামাজিক মাধ্যম এক্সত লিখিলে ফ্ৰম আপাৰ আছাম