ডিব্ৰুগড় :ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় ৰাজনৈতিক দলে আৰম্ভ কৰিছে দল শক্তিশালী কৰাৰ কাম । পিচপৰি ৰোৱা নাই বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলো । উজনিৰ পৰা নামনিলৈকে বিধায়ক তথা দলটোৰ সভাপতিৰ উপস্থিতিত ৰাইজৰ দলে অনুষ্ঠিত কৰিছে প্ৰতিটো সমষ্টিতে সাংগঠনিক সভা ।
বুধবাৰে ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক যোগদান কাৰ্যসূচী আৰু কৰ্মীসভা অনুষ্ঠিত হয় । ডিব্ৰুগড়ৰ আমোলাপট্টিৰ নাট্য মন্দিৰত অনুষ্ঠিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আৰু কৰ্মীসভাত বিভিন্ন দল-সংগঠনৰ পৰা অৰ্ধশতাধিক লোকে অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে ।
দলত যোগদান কৰাসকলক দলীয় গামোচা পিন্ধাই দললৈ আদৰণি জনায় অখিল গগৈয়ে । ইয়াৰ পাছতে ডিব্ৰুগড় বিধানসভা সমষ্টিত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ দলীয় কৰ্মীসকলক দিহা-পৰামৰ্শ প্ৰদান কৰে অখিল গগৈয়ে ।
মন্ত্ৰী প্ৰশান্ত ফুকনক ভচহু আখ্যা বিধায়ক অখিল গগৈৰ
মন্ত্ৰী প্ৰশান্ত ফুকনৰ দুৰ্গত উপস্থিত হৈ অখিল গগৈয়ে সমালোচনাৰে থকাসৰকা কৰে ডিব্ৰুগড়ৰ বিধায়কগৰাকীক । প্ৰশান্ত ফুকনৰ সমালোচনাত সৰৱ হৈ অখিল গগৈয়ে কয়, "ডিব্ৰুগড় বিধানসভা সমষ্টিত বিজেপিয়ে শাসন কৰি আহিছে যদিও ডিব্ৰুগড় চহৰৰ বান সমস্যা দিনক দিনে বেছি হৈ গৈ আছে । ডিব্ৰুগড়লৈ আহি জাবৰৰ দ'ম দেখি লাজ লাগে । বিজেপিয়ে ডিব্ৰুগড় উন্নয়নত ব্যৰ্থ হৈছে ।"
প্ৰশান্ত ফুকনৰ শিক্ষাগত অৰ্হতাক লৈ কটাক্ষ অখিল গগৈৰ
আনহাতে, মন্ত্ৰী প্ৰশান্ত ফুকনৰ শিক্ষাগত অৰ্হতাক লৈ এক নতুন তথ্য দাঙি ধৰে অখিল গগৈয়ে । তেওঁ কয়, "মই ডিব্ৰুগড়ত আহি মানুহক সুধিলোঁ আপোনালোকে মন্ত্ৰী পালে বৰ স্ফূৰ্তিত আছে । মানুহে ক'লে ক্লাছ ছিক্সলৈকে পঢ়া মানুহ এজনক মন্ত্ৰী দিছে কি কাম কৰিব । এনেই লেকচাৰ মাৰি থাকে । মই নাজানো দেই । মই নিৰ্বাচনৰ কাগজত বেলেগহে পাইছোঁ । তাততো তেওঁ বেছি পঢ়া বুলি দেখুৱাইছে । কিন্তু মানুহে ইয়াত কৈছে যে ছিক্সলৈকেহে পঢ়িছে ।"