বঙাইগাঁও, 2 মে’ :বঙাইগাঁও জিলাৰ ঘিলাগুৰিত জ্বলিল নিৰ্বাচনী কাৰ্যালয় ৷ 7 মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নামনি অসমৰ কোনো কোনো অঞ্চলত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, এইবেলি টিকট লাভৰ পৰা বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুলু আহমেদে ৷ টিকট নোপোৱাৰ ক্ষোভতে দলত্যাগ কৰা ৰাজনৈতিক নেতাজনে 3 নং বৰপেটা লোকসভা সমষ্টিৰ পৰা আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ এই নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীগৰাকীৰ এটা নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই ৷
জানিব পৰা মতে, বঙাইগাঁও জিলাৰ ঘিলাগুৰিত আহমেদৰ সমৰ্থকসকলে বুধবাৰে নিৰ্মাণ কৰিছিল উক্ত নিৰ্বাচনী কাৰ্যালয়টো ৷ বৃহস্পতিবাৰে প্ৰাৰ্থীগৰাকীয়ে এই কাৰ্যালয় মুকলি কৰাৰ লগতে অঞ্চলটোত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰাৰ কথা আছিল ৷ পিছে নিশাৰ এন্ধাৰৰ সুযোগতে দুৰ্বৃত্তই সংঘটিত কৰে এনে ঘটনা ৷
উল্লেখ্য যে, এইবেলি বৰপেটা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজখন পূৰ্বৰ তুলনাত আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে ৷ কিয়নো বিজেপি মিত্ৰজোঁটে অগপ দলৰ ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে দ্বীপ বায়নক সমষ্টিটোত নিৰ্বাচনী প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে ৷ ইয়াৰ বিপৰীতে চিপিআই(এম) দলে সৰভোগৰ বিধায়ক তথা জ্যেষ্ঠ ৰাজনৈতিক মনোৰঞ্জন তালুকদাৰক টিকট দিয়ে ৷