গুৱাহাটী: খহি পৰিল দেশৰ ৰাজনীতিৰ এক নক্ষত্ৰ । বৃহস্পতিবাৰে দেহাৱসান ঘটে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰয়াণত শোকস্তব্ধ দেশবাসী ।
কেইবাবাৰো অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱা প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে অসমৰ প্ৰতি আগবঢ়াইছিল বিভিন্ন দিশত বৰঙণি । গুৱাহাটীৰ একাংশ চৰকাৰী প্ৰাথমিক বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে তেওঁ বিশেষ সহায় আগবঢ়াইছিল ।
প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ সাংসদ উন্নয়ন পূঁজিৰ পৰা অৰ্থসাহাৰ্য দি এই বিদ্যালয়ৰ ভৱনবোৰ আটকধুনীয়া কৰি তোলা হৈছিল । হেদায়েৎপুৰ, উলুবাৰীৰ কছাৰীবস্তি, লতাশিল, পাণবজাৰৰ প্ৰাথমিক বিদ্যালয়বোৰে নতুন ৰূপ পাইছিল । বিদ্যালয়বোৰৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি ড৹ সিঙে প্ৰদৰ্শন কৰিছিল শিক্ষাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা । ১৯৪৯ চনতে স্থাপন হোৱা লতাশিল প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ ভৱনটো ১৯৯৫ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ সাংসদ উন্নয়ন পূঁজিৰ পৰা অৰ্থসাহাৰ্যৰে নিৰ্মাণ কৰা হৈছিল ।
এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক যতীন শৰ্মাই কয়, "আগতে লতাশিল প্ৰাথমিক বিদ্যালয়ৰ ভৱনটো সৰু আছিল । কাঠৰ অসম আৰ্হিৰ আছিল । ১৯৯৫ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ সাংসদ উন্নয়ন পূঁজিৰ অৰ্থসাহাৰ্যৰে লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পাঁচটা কোঠা নিৰ্মাণ কৰা হয় । এতিয়া কোঠাক লৈ কোনো সমস্যা নাই ।"
তেওঁ লগতে কয়,"বৰ্তমান বিদ্যালয়খনত ১০৯ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । প্ৰধান শিক্ষকক লৈ সাতজন শিক্ষক-শিক্ষয়িত্ৰী আছে । ইপিনে পাণবজাৰৰ স্থানীয় বাসিন্দা নন্দিতা বৰুৱাই জনাই যে প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ সাংসদ উন্নয়ন পূঁজিৰ অৰ্থসাহাৰ্যৰে ১৯৯৭ চনতে পাণবজাৰ চৰকাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এটা ভৱনৰ লগতে সাতটা কম্পিউটাৰ দি এটা লেব গঠন কৰি দিছিল । প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ এই সহায়ৰ বাবে আজিও এই বিদ্যালয়বোৰত কণ-কণ শিশুসকলে জ্ঞানৰ পোহৰ লৈ আছে ।"