গুৱাহাটী: মহানগৰীত প্ৰেমিকৰ ছুৰিকাঘাতত মৃত্যু হোৱা মৌচুমী গগৈৰ শেষকৃত্য নৱগ্ৰহ শ্মশানতে সম্পন্ন কৰা হ'ল । মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱগ্ৰহলৈ লৈ যোৱা হয় মৃতদেহ । টিংখাঙৰ বাসগৃহলৈ মৃতদেহ নিনিয়াৰ সিদ্ধান্ত পৰিয়ালৰ লোকৰ । ইফালে, ঘাতক ভূপেন দাসৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে মৌচুমীৰ জ্যেষ্ঠ ভাতৃ পলাশ প্ৰতীম গগৈয়ে । সেই এজাহাৰৰ ভিত্তিত হাতীগাঁও থানাত ভূপেন দাসৰ বিৰুদ্ধে ২৭৮/২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে ।
পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত জানোৱা অনুসৰি, ঘৰৰ লগত খুব বেছি যোগাযোগ নাছিল মৌচুমীৰ । গুৱাহাটীত থকাৰ কথা পৰিয়ালৰ লোকে জানিছিল । কিন্তু হত্যাকাৰী ভূপেন দাসৰ লগত থকা সম্পৰ্ক সন্দৰ্ভত ঘৰৰ কোনো লোকেই একো ভূ পোৱা নাছিল । উল্লেখ্য যে গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছিল এই লোমহর্ষক ঘটনা ।
ভূপেন দাসৰ উপর্যুপৰি ছুৰিকাঘাতত হাতীগাঁৱৰ নাহৰণি পথত মুমূর্ষু অৱস্থাত বাগৰি পৰিছিল মৌচুমী গগৈ । ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মহিলাগৰাকীৰ ৰক্তাক্ত দেহ ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে যদিও দুপৰীয়া প্রায় ১২.১৫ বজাত মৌচুমী গগৈৰ মৃত্যু হয় । আনহাতে ঘাতক ভূপেন দাসে মহিলাগৰাকীক ছুৰীৰে আঘাত কৰি ছুইফ্ট ডিজায়াৰ চলাই নাহৰণি পথৰ পৰা তীব্র বেগেৰে বেলতলা অভিমুখে পলায়ন কৰিছিল ।
এই ঘটনাৰ কিছু সময়ৰ পাছতে বেলতলাত পথৰ দাঁতিত ছুইফট ডিজায়াৰৰ ভিতৰত চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ চেষ্টা চলোৱা বাছ চালক ভূপেন দাসক আৰক্ষীয়ে সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰি জি এম চি এইচলৈ প্রেৰণ কৰে । পেটত ছুৰী সুমুৱাই, কেৰাচিন খাই চৰম সিদ্ধান্ত গ্ৰহণৰ চেষ্টা চলোৱা ঘাতক ভূপেন দাস সম্প্রতি জি এম চি এইচত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।
উল্লেখ্য যে ২০২১ বর্ষত জীৱন-জীৱিকাৰ তাগিদাত টিংখাঙৰ পৰা মৌচুমী গগৈ গুৱাহাটীলৈ আহিছিল । গুৱাহাটীত এটা স্বোচ্ছাসেৱী সংগঠনত কাম কৰিছিল মৌচুমীয়ে । গুৱাহাটীতে ভূপেন দাসৰ লগত চিনাকি হৈ দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । পৰৱৰ্তী সময়ত ভূপেন দাস বিবাহিত বুলি জানি প্ৰেম প্ৰত্যাখান কৰাৰ বাবে প্ৰেমিক ভূপেন দাসে মৌচুমীক হত্যা কৰি নিজেও নিজক শেষ কৰাৰ চেষ্টা কৰে ।