মঙলদৈ: ২০২৫ চনৰ জুলাইত মুকলি হ'ব মঙলদৈত নিৰ্মাণৰত অসম দক্ষতা বিশ্ববিদ্যালয় । তেতিয়াৰে পৰাই মঙলদৈৰ পৰা আৰম্ভ হ'ব বিশ্ববিদ্যালয়খনৰ সম্পূৰ্ণ কাম-কাজ । শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈ দক্ষতা বিকাশ মন্ত্ৰী প্ৰশান্ত ফুকনে এইদৰে মন্তব্য় কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়খন মুকলি কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।
মন্ত্ৰী প্ৰশান্ত ফুকনে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰে । নিৰ্মাণৰত প্ৰশাসনিক ভৱন, অধ্যয়ন কক্ষ, হোষ্টেল আদিও পৰিদৰ্শন কৰে । তাৰ পিছতে বিষয়াবৰ্গৰ সৈতে মিলিত হৈ বিতংভাৱে পৰ্যালোচনা কৰি প্ৰত্যেক এমাহ বা ডেৰমাহৰ মূৰে মূৰে বিশ্ববিদ্যালয়খনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ থাকিব বুলি উল্লেখ কৰে । ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়," অহা বছৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম । জুলাই মাহতে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব পৰাকৈ কাম-কাজ আগবঢ়াই নিয়া হৈছে ।"
৬ মাহে ট্ৰেন্সফৰ্মাৰ বিকল, খং উঠিল মন্ত্ৰীৰ :
ইপিনে, দৰঙৰ ছিপাঝাৰ উপ-স্বাস্থ্য কেন্দ্ৰত বিগত ৬ মাহে ট্ৰেন্সফৰ্মাৰ বিকল হোৱাৰ বাবে এক্স-ৰে'সহ আন আন বিদ্যুৎচালিত স্বাস্থ্য পৰীক্ষাও বন্ধ হৈ থকাৰ বিষয়ে মন্ত্ৰীগৰাকীক অভিযোগ দিয়ে ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে । তেওঁ অনুৰোধ কৰাৰ পিছতো কেৰেপ কৰা নাই বিভাগৰ ছিপাঝাৰৰ এচ ডি অ' আৰু দৰং সংমণ্ডলৰ মুখ্য কায্যবাহী বিষয়াই । বিভিন্ন সময়ত লিখিতভাৱে জনোৱাৰ পিছতো বিভাগে দিয়া নাই ট্ৰেন্সফৰ্মাৰ । সেয়েহে আজি সুবিধা বুজি বিধায়ক ৰাজবংশীয়ে মন্ত্ৰীগৰাকীৰ সন্মুখতে বিষয়টো উত্থাপন কৰে ।
মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিষয়াসকলক কিয় ট্ৰেন্সফৰ্মাৰ দিয়া নাই জানিব বিচৰাত সদুত্তৰ দিব নোৱৰাত মন্ত্ৰীয়ে মুখ্য কাৰ্যবাহীক ধমক দিয়ে । তেওঁ কয়," এইবোৰ বাদ দিয়ক আৰু শীঘ্ৰেই ট্ৰেন্সফৰ্মাৰ কিনি দিয়ক । এটা সৰু ট্ৰেন্সফৰ্মাৰক লৈ আপোনালোকে ৰাইজক কিয় বিপদত পেলায় ?" ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত এ পি ডি চি এলৰ বিভিন্ন বিষয় লৈ জিলা প্ৰশাসন আৰু বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে । মন্ত্ৰিত্ব লাভ কৰিয়েই প্ৰথমবাৰৰ বাবে মঙলদৈত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক সংগ দিয়ে দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজোতি দাসে ।