শ্ৰীনগৰ : প্ৰচণ্ড তুষাৰপাত আৰু প্ৰতিকূল বতৰৰ ফলত ব্যাহত হৈ পৰিছে শ্ৰীনগৰৰ স্বাভাৱিক জনজীৱন ৷ আনকি এই বতৰৰ বাবে আজি শ্ৰীনগৰ বিমানবন্দৰত বিমানৰ কাম-কাজো স্তব্ধ কৰি দিয়াৰ লগতে আটাইবোৰ বিমানেই ষ্টেণ্ডবাই কৰা হৈছে ৷
বাতৰি যুগুত কৰাৰ সময়ত শ্ৰীনগৰ বিমানবন্দৰৰ সঞ্চালক জাভেদ আঞ্জুমে কয় যে শনিবাৰে পুৱা ১০ বজাৰ পিছত বিমান সেৱা পুনৰ আৰম্ভ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব । লগতে তেওঁ বিমানবন্দৰলৈ যোৱাৰ পূৰ্বেই সকলো যাত্ৰীক বিমানৰ অৱস্থা নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ তেওঁ আৰু কয় যে বিমানৰ আগমন আৰু প্ৰস্থান দুয়োটায়ে পৰৱৰ্তী জাননী নহালৈকে বিমান চলাচল স্থগিত ৰখা হৈছে ।
সমগ্ৰ কাশ্মীৰতে ব্যাপক তুষাৰপাত হোৱা দেখা গৈছে ৷ যাৰ ফলত কেইবাটাও অঞ্চলত যথেষ্ট পৰিমাণৰ বৰফৰ জমা হোৱাৰ বাতৰি পোৱা গৈছে ৷ কাশ্মীৰৰ সিন্থান টপত ৪ ফুট, আনহাতে মাৰ্গান টপ, পিৰ কি গালি আৰু বাল্টাল পহলগামত ৩ ফুট বৰফ জমা হোৱাৰ তথ্য পোৱা গৈছে ।
বতৰ বিজ্ঞান বিভাগৰ শ্ৰীনগৰ কেন্দ্ৰৰ তথ্য অনুসৰি অনন্তনাগ, কুলগাম আৰু শ্বোপিয়ানত ১.৫ৰ পৰা ২ ফুটৰ ভিতৰত বৰফ জমা হৈছে বুলি জানিব পৰা গৈছে । পাম্পোৰৰ দৰে নিম্ন অঞ্চলত তুলনামূলকভাৱে ১ ফুট তুষাৰপাত হোৱাৰ বিপৰীতে শ্ৰীনগৰত ৮ ইঞ্চি তুষাৰপাত হৈছে বুলি জানিব পৰা গৈছে ৷
#WATCH | J&K | Srinagar covered in a blanket of snow as the area receives heavy snowfall. pic.twitter.com/qNcNRrEqFe
— ANI (@ANI) December 28, 2024
কেৱল বিমানৰ চলাচলে নহয়, তুষাপাতৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি গুৰুত্বপূৰ্ণ পথেৰে যাতায়ত চলাচলত ব্যাঘাত জন্মিছে ৷ এতিয়াও NAVYUG সুৰংগৰ সমীপৰ পথছোৱা বন্ধ হৈ আছে ৷ মোগল ৰোড, সিন্থন ৰোড, সোণামাৰ্গ-কাৰ্গিল ৰোড, ভাদেৰৱাহ-চাম্বা ৰোডো বৰ্তমান বন্ধ কৰি দিয়া হৈছে ৷
#WATCH | J&K: Doda covered in a blanket of snow as the area receives heavy snowfall. pic.twitter.com/mdtgzTNZex
— ANI (@ANI) December 28, 2024
বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এই পথেৰে যাতায়ত কৰা লোকসকলক পৰিস্থিতিৰ উন্নতি নোহোৱালৈকে যাতায়ত নকৰিবলৈ আহ্বান জনাইছে । এই সন্দৰ্ভত অধিক তথ্য জানিবলগীয়া থাকিলে সকলো যাত্ৰীক জম্মু, শ্ৰীনগৰ, ৰামবান, উধামপুৰ, কিষ্টৱাৰ, আৰু কাৰ্গিলৰ ট্ৰেফিক কণ্ট্ৰল ইউনিটৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷
প্ৰচণ্ড তুষাপাতৰ ফলত বানিহাল আৰু বাৰামুল্লাৰ মাজৰ ৰে’ল সেৱা বন্ধ হৈ পৰিছে । বিষয়াসকলে জনোৱা মতে, স্নো কাটাৰযুক্ত ইঞ্জিনেৰে উক্ত ৰে’লৰ ট্ৰেকটো মুকলি কৰা হৈছে ৷
কাশ্মীৰ পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্প’ৰেশ্যন লিমিটেডে (Kashmir Power Distribution Corporation Limited চমুকৈ KPDCL) জনোৱা মতে, তুষাৰপাতৰ ফলত বিদ্যুৎ যোগানতো যথেষ্ট প্ৰভাৱ পৰিছে ৷ কাশ্মীৰৰ মাত্ৰ ৪২.১৩% ফিডাৰহে কাৰ্যক্ষম হৈ পৰিছে । শ্ৰীনগৰৰ সৰ্বোত্তম প্ৰদৰ্শনকাৰী বিভাগ ইডি-২-এ ইয়াৰ ৭৯% ফিডাৰ পুনৰুদ্ধাৰ কৰিছে যদিও সমগ্ৰ অঞ্চলটোত ইয়াৰ ব্যাপক প্ৰবাৱ পৰা দেখা গৈছে ৷
এই তুষাৰপাতৰ ফলত শৈক্ষিক সময়সূচীতো ইয়াৰ প্ৰভাৱ পৰিছে ৷ তুষাৰপাতৰ বাবেই কাশ্মীৰ বিশ্ববিদ্যালয় (Kashmir University) আৰু ক্লাষ্টাৰ বিশ্ববিদ্যালয়ে(Cluster University) শনিবাৰে হ’বলগীয়া সকলো পৰীক্ষা পিছুৱাই দিবলৈ বাধ্য হয় ।
ইফালে, বিভাগীয় কৰ্তৃপক্ষই কাশ্মীৰৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ লগতে পথ নিষ্কাশনৰ বাবে বৰফ কটা মেচিনৰো ব্য়ৱস্থা কৰিছে ৷