ETV Bharat / entertainment

উভতি চাওঁ 2024: শ্যাম বেনেগালৰ পৰা ভাস্কৰজ্যোতি দাস, জাকিৰ হুছেইনৰ পৰা পংকজ শৰ্মালৈকে 2024 বৰ্ষটোৱে লৈ গ’ল বহু ব্যক্তিত্বক - INDIAN CELEBRITIES WE LOST IN 2024

2024 চনত ভাৰতে সাহিত্য, চলচ্চিত্ৰ, সংগীত আৰু ব্যৱসায় ক্ষেত্ৰত প্ৰতিষ্ঠিত কেবাজনো ব্যক্তিত্বৰ সান্নিধ্য হেৰুৱালে ৷ এই ক্ষতি দেশৰ বাবে অপূৰণীয় হৈ ৰ’ব ।

Yearender 2024: From Shyam Benegal To Zakir Hussain, Indian Celebrities We Lost This Year
2024 বৰ্ষটোৱে লৈ গ’ল বহু ব্যক্তিত্বক (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 16 hours ago

হায়দৰাবাদ : 2024 বৰ্ষটো ভাৰতৰ সাংস্কৃতিক, মনোৰঞ্জন আৰু ৰাজনৈতিক ক্ষেত্ৰকেইটা কেইবাটাও হৃদয়বিদাৰক ক্ষতিৰ দ্বাৰা চিহ্নিত হৈছে । এইকেইটা ক্ষেত্ৰৰ পৰা বহুকেইজন বিশিষ্ট ব্যক্তি হেৰুৱালে ভাৰতে ৷ কিংবদন্তী সংগীতজ্ঞ আৰু প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাৰ পৰা জনপ্ৰিয় অভিনেতা আৰু উদ্যোগপতিলৈকে, সকলোৰে অৱদানে ভাৰতীয় সমাজত এক অবিস্মৰণীয় চিহ্ন এৰি থৈ গৈছে । এই বছৰ আমি হেৰুওৱা এনে একাংশ উল্লেখনীয় ভাৰতীয় ব্যক্তিত্বৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি :

1. ৰমেন বৰুৱা

Yearender 2024: From Shyam Benegal To Zakir Hussain, Indian Celebrities We Lost This Year
ৰমেন বৰুৱা (Photo : ETV Bharat Assam)

নিৰুদ্দেশ : 22 জুলাইৰ পৰা সন্ধানহীন হৈ আছে বিশিষ্ট শিল্পীগৰাকী ৷

বৰ্তমানেও জানিব পৰা হোৱা নাই তেওঁৰ নিৰুদ্দেশৰ আঁৰৰ কাৰণ ৷

অসমীয়া সংগীত জগতৰ গুৰি ধৰোঁতা শিল্পী ৰমেন বৰুৱা আজিও সন্ধানহীন ৷ 22 জুলাইৰ পুৱা প্রায় 10 বজাৰ পৰা লতাশিলস্থিত নিজা বাসভৱনৰ সমীপতে থকা গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল শিল্পীগৰাকী আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে ৷ অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা সংগীত পৰিচালক তথা কণ্ঠশিল্পী ৰমেন বৰুৱাৰ বহু কম বয়সতে আৰম্ভ হৈছিল সাংস্কৃতিক যাত্ৰা ৷ 19 বছৰ বয়সতে তেওঁ জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰিবলৈ লয় ৷ 1959 চনত মুক্তি পোৱা নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি ‘আমাৰ ঘৰ’ত সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই । ইয়াৰ পিছত 1969 চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱাৰ ‘ডক্তৰ বেজবৰুৱা’ ছবিখনত তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে । সংগীত পৰিচালকগৰাকীয়ে দুখন বাংলা ছবিকে ধৰি মুঠ 27 খন ছবিত স্বতন্ত্ৰৰূপে সংগীত পৰিচালনা কৰিছে ৷ ৰমেন বৰুৱা এগৰাকী কণ্ঠশিল্পী হিচাপেও জনাজাত আছিল ৷ তেখেতে মুঠ 5 খন অসমীয়া ছবিত কণ্ঠদান কৰিছে ৷ বৰুৱাই প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল স্মৃতিৰ পৰশ ৷

2. সংগীতশিল্পী পংকজ শৰ্মা

মৃত্যুৰ তাৰিখ : 10 ডিচেম্বৰ, 2024

মৃত্যুৰ কাৰণ : ২০২৩ বৰ্ষৰ পৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল

শৈশৱৰ পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত আছিল তেওঁ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছৰে পৰা সংগীতকে মূলমন্ত্ৰ হিচাপে লৈ আৰম্ভ কৰে সাংগীতিক জীৱন । দেশৰ প্ৰখ্যাত সন্তুৰবাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ তত্বাৱধানত সন্তুৰ বাদনৰ প্ৰশিক্ষণ লৈ ১৯৯২ চনৰ পৰা আৰম্ভ কৰে সন্তুৰ বাদনেৰে সাংগীতিক যাত্ৰা । "তোমাৰ মিঠা এই চাৱনিকে...’’ ধৰি ডেৰশতাধিক আধুনিক গীতৰ গীতিকাৰ তথা সুৰকাৰ হিচাপে কাম কৰিছিল পংকজ শৰ্মাই ৷ অনাতাঁৰ কেন্দ্ৰ গুৱাহাটীৰ এজন নিয়মীয়া ভজন শিল্পীও আছিল তেওঁ ৷ "সন্তুৰ একাডেমী" নামৰ এটি শিক্ষানুষ্ঠানো খুলিছিল তেওঁ ৷

3. গণশিল্পী সূৰ্য দাস

সূৰ্য দাস (Photo : ETV Bharat Assam)

মৃত্যুৰ তাৰিখ : 21 ডিচেম্বৰ, 2024

মৃত্যুৰ কাৰণ : হৃদৰোগত আক্ৰান্ত

শাসকৰ অত্যাচাৰ, উৎপীড়ন, প্ৰৱঞ্চনাৰ বিৰুদ্ধে যেতিয়াই জনতা ৰাজপথলৈ ওলাই আহে, তেতিয়াই ক্ষুব্ধ জনতাৰ কাষত থিয় দিছিল এই মানুহজনে ৷ সেয়েহে তেওঁ আছিল জনতাৰ শিল্পী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 86 বছৰ ৷ ওৰেতো জীৱন তেওঁ নতুন সূৰ্য, ৰঙা সূৰ্য, পেলেষ্টাইন, তুমি অসমৰ, মানুহ দেখিছো আজি, মোৰ এই মাটিয়েই ঘৰ, কত বসন্ত কৰিলো অন্ত আদি এলবাম আৰু গীতেৰে জনতাক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল । গণশিল্পীগৰাকীৰ মৃত্যু সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি ।

4. এম টি বাসুদেৱন নায়াৰ

এমটি বাসুদেৱন নায়াৰ (Photo: PTI)

মৃত্যুৰ তাৰিখ : 25 ডিচেম্বৰ, 2024

মৃত্যুৰ কাৰণ : হৃদযন্ত্ৰ বিকল

প্ৰখ্যাত মালায়ালম লেখক আৰু জ্ঞানপীঠ বঁটা বিজয়ী এম টি বাসুদেৱন নায়াৰৰ 91 বছৰ বয়সত মৃত্যু হয় । ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গল্পকাৰ হিচাপে পৰিচিত নায়াৰ দহ দিনৰো অধিক সময় ধৰি অসুস্থ আছিল আৰু শ্বাস-প্ৰশ্বাসৰ অভিযোগৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসাধীন অৱস্থাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল । নায়াৰৰ কৃতিত্বৰ ভিতৰত আছে উপন্যাস, চুটি গল্প, প্ৰবন্ধ আৰু চিত্ৰনাট্যৰ ভাণ্ডাৰ যি মালায়ালম সাহিত্য আৰু চলচ্চিত্ৰক গঢ় দিছিল । তেওঁৰ মৃত্যু ভাৰতীয় সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি ।

5. শ্যাম বেনেগাল

শ্যাম বেনেগাল (Photo: ANI)

মৃত্যুৰ তাৰিখ : 23 ডিচেম্বৰ, 2024

মৃত্যুৰ কাৰণ : দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ

ভাৰতৰ সমান্তৰাল চিনেমা আন্দোলনৰ পথপ্ৰদৰ্শক প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ 90 বছৰ বয়সত মৃত্যু হয় । অংকুৰ, নিশান্ত আৰু মন্থনৰ দৰে সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰৰ বাবে জনাজাত বেনেগালে ভাৰতীয় চলচ্চিত্ৰত কাহিনী কোৱাক নতুনত্ব দিছিল । দীৰ্ঘম্যাদী বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাৰ আগতে তেওঁ মুম্বাইত চিকিৎসা গ্ৰহণ কৰি আছিল । ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয় তেওঁৰ ৷ তেওঁৰ মৃত্যুৱে চলচ্চিত্ৰ জগতত এক ডাঙৰ শূন্যতা সৃষ্টি কৰে ।

6. জাকিৰ হুছেইন

জাকিৰ হুছেইন (Photo: ANI)

মৃত্যুৰ তাৰিখ : 15 ডিচেম্বৰ, 2024

মৃত্যুৰ কাৰণ : ইডিঅ'পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ

73 বছৰ বয়সত তবলাৰ সম্ৰাট জাকিৰ হুছেইনে জীৱন যাত্ৰাৰ সামৰণি মাৰে ৷ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ জগতখন যেন খালী হৈ পৰিল । অতুলনীয় শিল্পকলা আৰু ছন্দৰ বাবে পৰিচিত হুছেইনে ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্বজুৰি প্ৰাধান্য প্ৰদান কৰি একাধিক গ্ৰেমী বঁটা আৰু ব্যাপক প্ৰশংসা লাভ কৰিছিল । হাওঁফাওঁৰ দীৰ্ঘদিনীয়া ৰোগ ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটে ৷

7. শাৰদা সিনহা

শাৰদা সিনহা (Photo: ANI)

মৃত্যুৰ তাৰিখ : 5 নৱেম্বৰ, 2024

মৃত্যুৰ কাৰণ : তেজৰ বিষক্ৰিয়াৰ জটিলতা

বিহাৰৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী শাৰদা সিনহাৰ তেজৰ বিষক্ৰিয়াৰ জটিলতাৰ বাবে মৃত্যু হয় । মৰমেৰে 'বিহাৰ কোকিলা' বুলি কোৱা হৈছিল তেওঁক ৷ সিনহা ভোজপুৰী, মৈথিলী আৰু হিন্দী সংগীতলৈ তেওঁৰ অৱদানৰ বাবে জনাজাত আছিল । তেওঁৰ প্ৰাণৱন্ত গানবোৰ ভাৰতীয় উৎসৱৰ অবিচ্ছেদ্য অংগ । 71 বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে ।

8. ৰোহিত বাল

ৰোহিত বাল (Photo: ANI)

মৃত্যুৰ তাৰিখ : 1 নৱেম্বৰ, 2024

মৃত্যুৰ কাৰণ : হৃদযন্ত্ৰৰ আক্ৰমণ

প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ ৰোহিত বালৰ 63 বছৰ বয়সত মৃত্যু ঘটে ৷ দেৱালীৰ দিনাই মৃত্যু হৈছিল তেওঁৰ । ভাৰতীয় ফেশ্বন উদ্যোগৰ এগৰাকী দূৰদৰ্শী, বাল উমা থুৰমান আৰু নাওমি কেম্পবেলৰ দৰে হলীউড তাৰকা, লগতে দীপিকা পাডুকনৰ দৰে বলীউডৰ আইকনক সাজ-পোছাক পৰিধানৰ বাবে জনাজাত আছিল । হৃদযন্ত্ৰৰ আক্ৰমণৰ ফলত তেওঁৰ আকস্মিক মৃত্যু ফেশ্বন জগতৰ বাবে এক গভীৰ ক্ষতি ।

9. অতুল পাৰচুৰে

অতুল পাৰচুৰে (Photo: IANS)

মৃত্যুৰ তাৰিখ : 14 অক্টোবৰ, 2024

মৃত্যুৰ কাৰণ : কৰ্কট ৰোগ

দ্য কপিল শৰ্মা শ্ব' আৰু বড়ী দূৰ ছে আয়ে হেৰ দৰে অনুষ্ঠানত কৌতুক চৰিত্ৰৰ বাবে জনাজাত অভিনেতা অতুল পাৰচুৰেৰ 57 বছৰ বয়সত মৃত্যু হয় । কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজ দিয়াৰ পিছত তেওঁ হাৰ মানে । ভাৰতীয় দূৰদৰ্শনলৈ পাৰচুৰেৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব ।

10. বিকাশ শেঠী

বিকাশ শেঠী (Photo: Instagram)

মৃত্যুৰ তাৰিখ : 8 ছেপ্টেম্বৰ, 2024

মৃত্যুৰ কাৰণ : হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ

কছৌটী জিন্দেগী কেত তেওঁৰ চৰিত্ৰৰ বাবে জনাজাত দূৰদৰ্শন অভিনেতা বিকাশ শেঠীৰ 48 বছৰ বয়সত অপ্ৰত্যাশিতভাৱে মৃত্যু হয় । তেওঁৰ মৃত্যুৱে জীৱনশৈলী সম্পৰ্কীয় বৰ্ধিত হৃদযন্ত্ৰৰ সমস্যাৰ উদ্বেগৰ ওপৰত আলোকপাত কৰে । ভাৰতীয় দূৰদৰ্শনত শেঠীৰ কামে তেওঁক জনপ্ৰিয় ব্যক্তি হিচাপে গঢ়ি তুলিছিল, আৰু তেওঁৰ আকস্মিক মৃত্যুৱে অনুৰাগী আৰু সহকৰ্মীসকল হতবাক কৰি তুলিছিল ।

11. সুহানী ভাটনাগৰ

সুহানী ভাটনাগৰ (Photo: Instagram)

মৃত্যুৰ তাৰিখ : 16 ফেব্ৰুৱাৰী, 2024

মৃত্যুৰ কাৰণ : ডাৰ্মাটমীঅচাইটিছ

দংগলত কৈশোৰ কালৰ ববিতা ফোগাট হিচাপে দৰ্শকক আকৰ্ষিত কৰা সুহানী ভাটনাগৰৰ মাত্ৰ 19 বছৰ বয়সতে মৃত্যু হয় । ডাৰ্মাটমীঅচাইটিছ, এক বিৰল অটোইমিউন ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে সুহানীয়ে ।

12. উস্তাদ ৰছিদ খান

উস্তাদ ৰছিদ খান (Photo: PTI)

মৃত্যুৰ তাৰিখ : 9 জানুৱাৰী, 2024

মৃত্যুৰ কাৰণ : প্ৰষ্টেট কৰ্কট ৰোগ

সন্মানীয় ৰামপুৰ-সহস্মান ঘৰানাৰ সৈতে জড়িত প্ৰখ্যাত শাস্ত্ৰীয় গায়ক উস্তাদ ৰছিদ খানৰ 55 বছৰ বয়সত মৃত্যু হয় । কলকাতাৰ এখন চিকিৎসালয়ত প্ৰষ্টেট কৰ্কট ৰোগৰ চিকিৎসা চলি থকা অৱস্থাত, তেওঁ পৰিয়ালৰ দ্বাৰা পৰিবেষ্টিত হৈ শেষ নিশ্বাস ত্যাগ কৰে । ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়াত হুছেইন খানৰ প্ৰপৌত্ৰ ৰছিদ খানক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত তেওঁৰ প্ৰাণৱন্ত উপস্থাপন আৰু নিপুণতাৰ বাবে জনা গৈছিল । তেওঁ তেওঁৰ পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে ।

13. পংকজ উধাস

মৃত্যুৰ তাৰিখ : 26 ফেব্ৰুৱাৰী, 2024

মৃত্যুৰ কাৰণ : দীৰ্ঘদিনীয়া ৰোগ

কিংবদন্তী গজল গায়ক পংকজ উধাসৰ এই বছৰৰ ফেব্ৰুৱাৰীত মৃত্যু হৈছিল । দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে পংকজ উধাসৰ মৃত্যু হৈছিল । পংকজ উধাসৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি ।

14. ঋতুৰাজ সিং

মৃত্যুৰ তাৰিখ : 20 ফেব্ৰুৱাৰী, 2024

মৃত্যুৰ কাৰণ : অগ্ন্যাশয়ৰ ৰোগৰ সৈতে যুঁজি থাকোতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয়

'বনেগী আপনি বাত' আৰু 'দিয়া ঔৰ বাতি হাম'ৰ দৰে অনুষ্ঠানত কাম কৰা দূৰদৰ্শন অভিনেতা ঋতুৰাজ সিঙৰ এই বছৰৰ ফেব্ৰুৱাৰীত মৃত্যু হয় । মাত্ৰ 59 বছৰ বয়সতে তেওঁৰ আকস্মিক মৃত্যুৱে মনোৰঞ্জন উদ্যোগক হতবাক কৰি তুলিছিল ।

2024 চনৰ শেষৰ ফালে আমি এই তাৰকাসকলক তেওঁলোকৰ মৃত্যুৰ বাবে নহয়, তেওঁলোকে এৰি থৈ যোৱা কৃতিত্বৰ বাবে মনত পেলাইছো । নিজ নিজ ক্ষেত্ৰলৈ তেওঁলোকৰ অৱদানে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব । তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক ।

লগতে পঢ়ক : কুৰিৰো অধিক চিনেমাৰে সমৃদ্ধ ২০২৪ বৰ্ষটোত জিলিকিল কোন কেইখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.