ETV Bharat / state

আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত লাভলীনা বৰগোঁহাই - INTER DISTRICT ATHLETIC COMPETITIO

মৰিগাঁৱত আন্তঃজিলা এথলেটিক প্ৰতিযোগিতা । উপস্থিত জয়ন্ত মল্লবৰুৱা, লাভলীনা বৰগোঁহাই ।

46th Inter-District Athletic Competition held in Morigaon
আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত লাভলীনা বৰগোঁহাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 16 hours ago

মৰিগাঁও: অসমৰ নৱপ্ৰজন্ম আগ্ৰহী হৈছে ক্ৰীড়াৰ প্ৰতি । ইয়াৰ মাজতে উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰেৰণা দিয়াৰ উদ্দেশ্যৰে চৰকাৰ তথা বিভিন্ন ক্ৰীড়া সংস্থাসমূহে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । বিগত বৰ্ষবোৰৰ দৰে মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৪৬ সংখ্যক অসম এথলেটিক সন্থাৰ উদ্যোগত আন্তঃজিলা এথলেটিকছ প্রতিযোগিতা ।

শুকুৰবাৰে উক্ত আন্তঃজিলা এথলেটিকছ উদ্বোধনী অনুষ্ঠান শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । লগতে উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু মৰিগাঁও জিলাৰ বিধায়ক ৰমাকান্ত দেউৰী । উক্ত খেলত অসমৰ প্ৰতিখন জিলাৰ পৰা ১৫০০ ৰো অধিক খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে । আন্তঃজিলা এথলেটিকে অসমৰ খেলুৱৈসকলৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে ।

আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত লাভলীনা বৰগোঁহাই (ETV Bharat Assam)

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত উপস্থিত থাকে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাই । তেওঁ আগন্তুক অলিম্পিকত অংশগ্ৰহণ কৰা কথা সদৰী কৰাৰ উপৰিও আজিৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ পৰা বহুতো প্ৰতিভাবান প্ৰতিযোগী ওলাই আহিব বুলি আশা প্ৰকাশ কৰে ।

ইয়াৰোপৰি সমূহ অসমবাসী ৰাইজক আগন্তুক নতুন বছৰ আৰু ভোগালী বিহুৰ ওলগ জনাই লাভলীনা বৰগোঁহাইয়ে । ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কৰি এক মিনিট সময় মৌনব্ৰত পালন কৰা হয় । ইফালে ইয়াৰ জৰিয়তে অসমৰ নৱপ্ৰজন্ম ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ - FOOTBALL TOURNAMENT IN DIBRUGARH

ৰাষ্ট্ৰীয় বীচ্চ হেণ্ডবল প্ৰতিযোগিতাৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰত প্ৰশিক্ষণ - NATIONAL BEACH HANDBALL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.