ETV Bharat / politics

শাসনত থকা দলটোৱে নিজৰ প্ৰতীকেৰে নিৰ্বাচন খেলিবলৈ ভয় কৰিছে কিয় ? ৰকিবুল হুছেইনৰ প্ৰশ্ন - RAKIBUL HUSSAIN CHALLENGED CM

মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান সাংসদ ৰকিবুল হুছেইনৰ । আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ কংগ্ৰেছ সম্পূৰ্ণ সাজু বুলি মন্তব্য হুছেইনৰ ।

MP Rakibul Hussain files open challenge to CM
CM লৈ মুকলি প্ৰত্যাহ্বান জনালে ৰকিবুল হুছেইনে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 12 hours ago

ধুবুৰী: ধুবুৰীত উপস্থিত হৈ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ মুকলি প্ৰত্যাহ্বান । লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বিভিন্ন প্ৰকাৰে তীব্র সমালোচনা কৰে সাংসদ ৰকিবুলে । ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজি ধুবুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা সাংগঠনিক পৰ্যালোচনা সভাত অংশগ্ৰহণ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ নেতা ৰিপুণ বৰা, ৱাজেদ আলী চৌধুৰী আৰু আব্দুছ ছোৱাহান আলী সৰকাৰৰ ।

দলীয় পৰ্যালোচনা সভাৰ অন্তত আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ কংগ্ৰেছ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন আঁচনি দি অহা স্বত্বেও বিজেপিৰ পদুম ফুলৰ চিহ্ন লৈ ৰাইজৰ মাজলৈ যোৱাৰ সাহস কিয় হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে । ইপিনে ২০২৬ ত চামগুৰি সমষ্টি দখল কৰাৰ সংকল্প লোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাংসদ ৰকিবুল হুছেইনে জনালে মুকলি প্ৰত্যাহ্বান ।

CM লৈ মুকলি প্ৰত্যাহ্বান জনালে ৰকিবুল হুছেইনে (ETV Bharat Assam)

চামগুৰি সমষ্টি পুনৰুদ্ধাৰ কৰাৰ লগতে ২০২৬ ৰ নিৰ্বাচনত ড৹ হিমন্ত বিশ্ব শৰ্মাক চোঁচৰাই চোঁচৰাই আঁতৰাব বুলি মুকলি প্ৰত্যাহ্বান সাংসদ ৰকিবুলৰ । আনহাতে ড৹ বি আৰ আম্বেদকাৰক কংগ্ৰেছে কিয় ভাৰতৰত্ন বঁটা নিদিলে বুলি মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনাৰ প্ৰসংগ উপস্থাপন কৰি সাংসদ ৰকিবুল হুছেইনে উভতি ধৰিলে মুখ্যমন্ত্ৰী শৰ্মাক ।

এই সন্দৰ্ভত ৰকিবুলে কয়,"কোন কংগ্ৰেছ, তেওঁ থকা কংগ্ৰেছ নহয় জানো ? কালিলৈকে কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মা আজি বিজেপিত ।" লগতে কংগ্ৰেছত থকা ৰাজনৈতিক জীৱন আৰু সাৰদা কেলেংকাৰীৰ কথা কৈ ড৹ হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন প্ৰকাৰে সমালোচনা কৰি অমিত শ্বাহে পূৰ্বে কোৱা কাৰ্পেটৰ তলৰ ফাইলৰ প্ৰসংগ উপস্থাপন কৰি একপ্ৰকাৰ প্ৰত্যাহ্বান জনালে সাংসদ ৰকিবুলে । লগতে কয়- "হিমন্ত বিশ্ব শৰ্মাৰ জালত আমি ভৰি নিদিওঁ ।"

ইপিনে ৰাজ্যখনত চৰম অৰাজকতা চলি থকা বুলি উল্লেখ কৰি ৰাজ্যত চলি থকা বিভিন্ন ছিণ্ডিকেটৰাজৰ প্ৰসংগ উত্থাপন কৰি সমালোচনা কৰে সাংসদ ৰকিবুলে । তাৰোপৰি অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ প্ৰচাৰ সম্পৰ্কেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: কংগ্ৰেছক নিকৃষ্ট-নিৰ্লজ্জ দল আখ্যা মুখ্যমন্ত্ৰীৰ - AMBEDKAR REMARKS

বাজপেয়ী অসমবাসীৰ বিপদৰ সময়ত কাষত থিয় হৈছিল: মুখ্যমন্ত্ৰী - GOOD GOVERNANCE DAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.