কলিয়াবৰ : কলিয়াবৰত অব্যাহত আছে নৰখাদকৰ সন্ত্ৰাস তথা আতংক । যাৰ বাবে বুধবাৰে এটা ফৰাচী পৰ্যটকৰ দলে কলিয়াবৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন নকৰাকৈয়ে নিৰাশ মনেৰে উভতিবলগা হয় । ইফালে ত্ৰিশূলধাৰী মন্দিৰ আৰু বনভোজস্থলীলৈ যোৱা পথত বন বিভাগে আঁৰি দিয়ে পথ বন্ধৰ ফলক । বাঘৰ আতংকৰ বাবে ত্ৰিশূলধাৰী মন্দিৰ চৌহদত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ।
প্ৰকৃতিয়ে অকৃপণ উপহাৰৰে সমৃদ্ধ কৰা শিলঘাটত নৰখাদকৰ সন্ত্ৰাসৰ ফলত দেশী-বিদেশী পৰ্যটকৰ আগমন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে ৷ বুধবাৰে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ মধ্যস্থলৰ এটা বালিচৰত লঙ্গৰ পেলোৱা এম ভি মহাবাহুৰ পৰা বিদেশী পৰ্যটকক জাহাজৰ পৰা নাৱেৰে শিলঘাট লৈ অনা দেখা যায় । বিদেশী পৰ্যটকৰ দলটো জাহাজৰে শিলঘাটত উপস্থিত হৈ কামাখ্যা মন্দিৰ, শিলঘাট মৰাপাট কল, ত্ৰিশূলধাৰী মন্দিৰ, কলিয়াবৰ চাহ বাগিচা আদি পৰিদৰ্শন কৰাৰ নিৰ্ধাৰিত সময়সূচী আছিল । কিন্তু নৰখাদকৰ আতংকত তেওঁলোকে নিৰ্ধাৰিত সময়সূচী বাতিল কৰি তেজপুৰ জাহাজঘাটৰ পৰা পোনে পোনে কাজিৰঙালৈ যোৱাৰ পৰিকল্পনা কৰে।
মঙলবাৰেও অনুৰূপ ব্যৱস্থাৰে পৰ্যটকসকল শিলঘাটত নোৰোৱাকৈয়ে পোনে পোনে কাজিৰঙালৈ প্ৰস্থান কৰে । তদুপৰি, যোৱা দেওবাৰৰ পৰাই বাঘৰ সন্ত্ৰাসৰ ফলত শিলঘাটৰ লুইতৰ পাৰৰ মনোৰম স্থান ত্ৰিশূলধাৰী মন্দিৰৰ সমীপৰ বনভোজস্থলীত বনভোজ বন্ধ কৰি দিয়া হৈছে । বুধবাৰেও বৰদিনৰ দিনা বনভোজ খাবলৈ অহা বনভোজৰ দলসমূহক শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ সমুখভাগৰ লুইতৰ পাৰতে দেখা গ'ল।
কলিয়াবৰ সমজিলা প্ৰশাসনৰ ১৬৩ ধাৰা জাৰি
ইফালে কলিয়াবৰত বাঘৰ আতংক অব্যাহত থকাৰ ভয়াৱহ পৰিস্থিতিলৈ লক্ষ্য ৰাখি বাঘৰ বিচৰণ এলেকাত ভাৰতীয়া নাগৰিক সুৰক্ষা সংহিতা (বি এন এছ এছ)ৰ ১৬৩ ধৰা জাৰি কৰিছে প্ৰশাসনে । সোণাৰি-কামাখ্যা অঞ্চলত ১৬৩ (১) ধাৰা বলৱৎ কৰিছে কলিয়াবৰৰ সমজিলা আয়ুক্ত লিজা তালুকদাৰে ।
এই নিৰ্দেশৰ জৰিয়তে নৰখাদকৰ বিচৰণ এলেকাৰ লগতে সোণাৰি গাঁৱৰ পৰা কামাখ্যা মন্দিৰ সংযোগী আৰু শিলঘাট মৰাপাট কলৰ পৰা ত্ৰিশূলধাৰী মন্দিৰ সংযোগী গড়কাপ্তানী পথত বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ সাধাৰণ লোকৰ যাতায়াত বন্ধ কৰি দিয়া হৈছে।
উল্লেখ্য যে কলিয়াবৰত আজিও অব্যাহত আছে নৰখাদকৰ আতংক ৷ বাঘৰ আতংকৰ মাজতে পঞ্চমদিনাও এজন সন্ধানহীন লোকক বিচাৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলত বন বিভাগে অভিযান চলায় । কিন্তু অভিযানৰ সময়ত উচ্চপদস্থ বন বিষয়া আৰু আৰক্ষীৰ লোক উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । কিয়নো কলিয়াবৰ চাহ বাগিচাত বাঘৰ ভয়ত দৈনিক কৰ্মস্থলীলৈ যাব পৰা নাই চাহ শ্ৰমিক । একাংশ শ্ৰমিকে আৰক্ষীৰ নিৰাপত্তাৰ মাজত বিপদসংকুল পৰিস্থিতিত বাগিচাত কাম কৰিছে ।
আনহাতে, বন বিভাগৰ অভিযানৰ পিছতো সন্ধান ওলোৱা নাই কলিয়াবৰ চাহ বাগিচাৰ সোণাৰি শাখাৰ লক্ষীৰাম ভূমিজৰ । যোৱা ২১ ডিচেম্বৰত কলিয়াবৰ চাহ বাগিচাৰ সোণাৰি শাখাৰ লক্ষীৰাম ভূমিজ গৰু চাবৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল যদিও এই পৰ্যন্ত সন্ধান নোলাল ব্যক্তিজনৰ । কিছু পলমকৈ হ'লেও মঙলবাৰৰ পৰা লোকজনক বিচাৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলত অভিযান চলায় শিলঘাটৰ বন বিভাগে ।
সন্ধানহীন লোকজনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক আৰু দ্বিতীয় অসম বন সুৰক্ষা বাহিনীক লগত লৈ কামাখ্যা সংৰক্ষিত বনাঞ্চলত অভিযান চলায় যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ'ল বন বিভাগে । অভিযানৰ সময়ছোৱাত আৰক্ষীৰ লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে ।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি কলিয়াবৰ চাহ বাগিচাত বাঘে সন্ত্ৰাস চলাই আহিছে । যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা কলিয়াবৰ চাহ বাগিচাৰ সোণাৰি শাখাৰে মহাদেও তাছা নামৰ আন এজন লোকো সন্ধানহীন হৈ আছিল । স্থানীয় লোকসকলে উদ্ধাৰ কৰিছিল মহাদেও তাছাই ব্যৱহাৰ কৰা গামোচা, পেণ্ট আৰু কটাৰী আদি সামগ্ৰী । বাঘে ব্যক্তিজনক চোঁচৰাই নি ভক্ষণ কৰাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে । অনুৰূপ ধৰণে লক্ষীৰাম ভূমিজো বাঘৰ আক্ৰমণৰ বলি হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।