ETV Bharat / state

বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী অসুস্থ; গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি - PHANI BHUSAN CHOWDHURY

গুৰুতৰভাৱে অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী ৷ বঙাইগাঁৱত হাস্পতালত ভৰ্তিৰ পিছত গুৱাহাটীলৈ প্ৰেৰণ চিকিৎসকৰ ৷

Phani Bhusan Chowdhury illness
ফণীভূষণ চৌধুৰী ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 11 hours ago

বঙাইগাঁও : গুৰুতৰভাৱে অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী ৷ অসুস্থতাৰ বাবে বুধবাৰে নিশা বৰপেটাৰ সাংসদগৰাকীক বঙাইগাঁৱত হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।

বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী শ্বাস-প্রশ্বাসজনিত সমস্যাত ভুগিছে ।

বুধবাৰে সন্ধিয়াৰ ভাগত তেওঁ অসুস্থ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত ফণীভূষণ চৌধুৰীক বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত বৰ্তমানলৈকে কোনো নিৰ্দিষ্ট তথ্য লাভ কৰা হোৱা নাই ৷ চিকিৎসকৰ এটা দলে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰু তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে ১৯৫২ চনৰ ১ মে'ত জন্মগ্ৰহণ কৰা ফণীভূষণ চৌধুৰীয়ে একেৰাহে আঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ ৰাজনীতিত এক ইতিহাস সৃষ্টি কৰিছে । তেওঁ অসম গণ পৰিষদ দলৰ পৰা প্ৰথমবাৰৰ বাবে ১৯৮৫ চনত বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় । প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ইয়াৰ পিছত ২০২৪ চনত আৰম্ভ হয় সংসদীয় ৰাজনীতিৰ যাত্ৰা ।

তেওঁ ২০১৮ চনৰ পৰা ২০২১ চনলৈ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত খাদ্য আৰু অসমাৰিক যোগান, গ্ৰাহক পৰিক্ৰমা, পেঞ্চন আৰু ৰাজহুৱা প্ৰশাসন বিভাগৰ মন্ত্ৰী আছিল । আনহাতে, ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰটেম অধ্যক্ষ আছিল ।

লগতে পঢ়ক :বিদায় ২০২৪: অসম চৰকাৰৰ বাৰ মাহৰ ঋণৰ কাহিনী - YEARENDER 2024
লগতে পঢ়ক :সততাৰ দোকান: বিশ্বাসৰ বজাৰত গ্ৰাহকে বাকচ-অনলাইনত আদায় দিয়ে মূল্য় - SHOP WITHOUT SHOPKEEPER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.